নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত একেলগে বিয়াত বহিল ১২ যোৰ দৰা-কইনা

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চেনিমাৰী গাঁৱৰ ১২ যোৰ দৰা-কইনাই একেলগে সমূহীয়া বিবাহৰ জৰিয়তে শুকুৰবাৰে নিশা সামাজিক স্বীকৃতি লাভ কৰে ৷ আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ, শংখ-ঘণ্টাৰ মংগল ধ্বনিৰে হোমযজ্ঞক সাক্ষী কৰি বিয়াত বহে ১২ যোৰ দৰা-কইনাই। বিভিন্ন কাৰণত সামাজিকভাৱে বিবাহ কাৰ্য সম্পন্ন নকৰা আৰু কেতবোৰ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰাৰ পৰা বিৰত থকা গাঁওখনৰ ১২  যোৰ পতি-পত্নীক সামাজিকভাৱে বিবাহ কৰাই সন্তোষিত গাঁওখনৰ বয়োজ্যেষ্ঠসকল ৷ আৰ্থিক ব্যয় সংকোচনেৰে চেনিমাৰী গাঁৱৰ শিৱ মন্দিৰ প্ৰাংগণত শিৱ মন্দিৰ পৰিচালনা সমিতিৰ তত্ত্বাৱধানত অনুষ্ঠিত সমূহীয়া বিবাহক লৈ শুকুৰবাৰে নিশা সৃষ্টি হয় উখল-মাখল পৰিৱেশ ৷ বিশেষকৈ কোলাৰ কেঁচুৱা আত্মীয়ৰ কোলাত এৰি হোমযজ্ঞক সাক্ষী কৰি বিয়াত বহা খুড়ী, বৌ, পেহী-মাহীক লৈ সৃষ্টি হোৱা উৎসৱমুখৰ পৰিৱেশত আনন্দত আত্মহাৰা হয় গাঁওখনৰ যুৱক-যুৱতী, কিশোৰ-কিশোৰী আৰু বয়োজ্যেষ্ঠ সকলো ৷

প্ৰেৰ ৰাজেশ বুঢ়াগোহাঞি

You might also like