নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ১২ দফীয়া শান্তি চুক্তি চূড়ান্ত

🔹 আলফা নেতৃত্ব–মধ্যস্থতাকাৰীৰ মাৰাথন বৈঠক 

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ডিচেম্বৰ : দুচকুত স্বাধীন অসমৰ সপোন আঁকি লৈ সশস্ত্র সংগ্রামৰ পথ বাছি লোৱাৰ পাছত আলোচনাৰ মেজলৈ উভতি অহা সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ সৈতে সম্পাদিত হ’বলগীয়া চুক্তিক লৈ চৌদিশে সৃষ্টি হৈছে তীব্র উৎকণ্ঠা৷ দীর্ঘদিনীয়া আলোচনা প্রক্রিয়াৰ অন্তত স্বাক্ষৰ হ’বলগীয়া এই বহুপ্রতীক্ষিত চুক্তিক চূড়ান্ত ৰূপ দিয়াৰ বাবে দিল্লীত বাহৰ পাতিছে সংগঠনটোৰ শীর্ষ নেতৃত্ব৷ এটা উচ্চস্তৰীয় সূত্রই প্রকাশ কৰা অনুসৰি, আলোচনাপন্থী আলফাৰ ১২ দফীয়া দাবীৰেই চূড়ান্ত ৰূপ দিয়া হৈছে শান্তি চুক্তিখনক৷ খিলঞ্জীয়াৰ ৰাজনৈতিক–ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ পৰা সংগঠনটোৰ কেডাৰৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্রত্যাহাৰ তথা পুনৰ সংস্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বিষয় চুক্তিত সন্নিৱিষ্ট হৈছে৷ অৱশ্যে চুক্তিৰ সবিশেষ এতিয়াও আলোচনাপন্থী আলফা অথবা কেন্দ্র অথবা ৰাজ্য চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে প্রকাশ কৰা হোৱা নাই৷ সমান্তৰালভাৱে প্রকাশ কৰা হোৱা নাই চুক্তি স্বাক্ষৰ হ’বলগীয়া দিন৷ ইয়াৰ মাজত কেইবাটাও অসমর্থিত সূত্রই জানিবলৈ দিয়া অনুসৰি ২৯ ডিচেম্বৰ অথবা ৩১ ডিচেম্বৰত শান্তি চুক্তিখন স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে৷ গৃহ মন্ত্রালয়ৰ সূত্র অনুসৰি, অহা ৩১ ডিচেম্বৰত গৃহমন্ত্রী অমিত শ্বাহৰ পূর্বনির্ধাৰিত কার্যসূচী আছে৷ ২৯ ডিচেম্বৰৰ প্রথমার্ধত কেন্দ্রীয় গৃহমন্ত্রীগৰাকী ব্যস্ত থাকিব৷ সেয়েহে শ্বাহে সময় দিলে ২৯ ডিচেম্বৰৰ সন্ধিয়াৰ ভাগতো চুক্তিখন স্বাক্ষৰ হ’ব পাৰে৷ ইপিনে, চুক্তি স্বাক্ষৰ হোৱাৰ দিন নির্ধাৰণ নহ’লেও মধ্যস্থতাকাৰীৰে মাৰাথন বৈঠক অব্যাহত ৰাখিছে আলোচনাপন্থী আলফা নেতৃত্বই৷ প্রাপ্ত তথ্য অনুসৰি, আলফাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে ঐতিহাসিক চুক্তিখনক চূড়ান্ত ৰূপ দিবলৈ নতুন দিল্লীৰ কোনো এক অজ্ঞাত স্থানত কালি মাৰাথন বৈঠকত মিলিত হয়৷ অৱশ্যে এই দুই নেতাৰ বাহিৰে বিদ্রোহী সংগঠনটোৰ আন শীর্ষ নেতাসকল এতিয়াও দিল্লীত উপস্থিত হোৱা নাই৷ ইয়াৰ বিপৰীতে আলফাৰ বহুকেইজন নেতা কালি গুৱাহাটীত এখন বৈঠকত মিলিত হয়৷ গুৱাহাটীত অনুষ্ঠিত বৈঠকখনত মৃণাল হাজৰিকা, পল্লৱ শইকীয়া, অণ্টু চাউদাং, বিজু ডেকা, দেৱগ্রাহা বসুমতাৰী, ভাইটি বৰুৱা, প্রাণজিৎ শইকীয়াকে ধৰি কেইবাজনো শীর্ষ পর্যায়ৰ নেতা উপস্থিত থাকে৷ দিল্লীৰ পৰা সেউজ সংকেত লাভ কৰিলেই আলফাৰ আন নেতাসকল গুৱাহাটীৰ পৰা দেশৰ ৰাজধানী অভিমুখে উৰা মাৰিব৷ আলফাৰ এক শীর্ষ নেতাই ‘নিয়মীয়া বার্তা’ক সদৰী কৰা অনুসৰি, কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া চুক্তিখন হ’ব এখন সর্বাংগীণ চুক্তি৷ য’ত অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ বিশেষ ব্যৱস্থা থাকিব৷ লগতে ৰাজ্যৰ সর্বাংগীণ উন্নতিৰ বাবে এটা বৃহৎ বিত্তীয় পেকেজৰ ঘোষণা থাকিব৷ বিধানসভা আৰু লোকসভাত সমষ্টি সংৰক্ষণৰ এটা নির্দিষ্ট সমীকৰণ এই চুক্তিৰ জৰিয়তে প্রদান কৰা হ’ব৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ শর্মা আয়োগৰ পৰামর্শ অনুসৰি অসম চুক্তিৰ ৬নং দফা অর্থাৎ অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ ব্যৱস্থাও শান্তি চুক্তিৰ জৰিয়তে ৰাজ্যবাসীয়ে লাভ কৰিব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে ২০১১ চনৰ পৰা এক দশকৰো বেছি সময় ধৰি চলা আলোচনা প্রক্রিয়াৰ পাছত যিকোনো মুহূর্তত সম্পাদিত হ’বলগীয়া শান্তি চুক্তিখনক লৈ অসমবাসীৰ প্রত্যাশা অপৰিসীম৷ পিছে চুক্তিখনক লৈ আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কি প্রতিক্রিয়া ব্যক্ত কৰে, সেয়াও লক্ষণীয় হ’ব৷ উল্লেখ্য যে বাংলাদেশ চৰকাৰে ভাৰতক গতাই দিয়া আলোচনাপন্থী আলফা নেতৃত্বই ২০১১ চনত তদানীন্তন কেন্দ্রীয় গৃহমন্ত্রী পি চিদাম্বৰমৰ ওচৰত তেওঁলোকৰ ১২ দফীয়া দাবী চনদ দাখিল কৰিছিল৷ মধ্যস্থতাকাৰী হিচাপে প্রথমে কেন্দ্রীয় চোৰাংচোৱাৰ প্রাক্তন মুৰব্বী পি চি হালদাৰক নিযুক্তি দিয়া হৈছিল৷ পৰৱর্তী সময়ত এ কে মাথুৰৰ পাছত এ কে মিশ্রই আলোচনাপন্থী আলফাৰ সৈতে আলোচনা প্রক্রিয়া আগবঢ়াই নিয়ে৷ বিগত অক্টোবৰত শান্তি চুক্তিৰ খচৰা আলোচনাপন্থী আলফাক প্রদান কৰা হৈছিল৷ কিন্তু তেওঁলোকৰ মূল দুটা দাবী অন্তর্ভুক্ত নোহোৱা বাবে কেন্দ্রীয় চৰকাৰৰ খচৰাখন নাকচ কৰে৷ ইয়াৰ পাছত পুনৰ দুই দাবীক লৈ কেন্দ্রৰে আলোচনাপন্থী আলফাই আলোচনা আগবঢ়াই নিয়ে৷ মূলতঃ পঞ্চায়তৰ পৰা লোকসভালৈ আসন সংৰক্ষণ আৰু ভূমিৰ অধিকাৰক লৈ আলোচনাপন্থী আলফাই উত্থাপন কৰা দাবী কেন্দ্রীয় চৰকাৰে মানি ল’বলৈ অস্বীকাৰ কৰিছিল৷ শীঘ্রে হ’বলগীয়া চুক্তিত উক্ত বিষয় দুটা কি ধৰণে অন্তর্ভুক্ত কৰা হ’ব, তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে।

You might also like