নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গাপূজাৰ সময়তে ১২ সহস্রাধিক শিক্ষক পদৰ নিযুক্তি

🔹 মাধ্যমিকত খালী হৈ থকা স্নাতক শিক্ষকৰ ৭,৫৮৮ পদৰ বাবে ১ জুলাইৰ পৰা হ’ব বাছনি প্রক্রিয়া

বিশেষ বাৰ্তা, ২৯ জুন : শাৰদীয় দুর্গাপূজাৰ সময়তে বিদ্যালয় শিক্ষা বিভাগে ১২ সহস্রাধিক শিক্ষক পদত দিব নিযুক্তি৷ উল্লেখ্য যে শিক্ষক পদ পূৰণৰ লক্ষ্যৰে ইতিমধ্যে অব্যাহত আছে অর্হতাসম্পন্ন প্রার্থী বাছনি প্রক্রিয়া৷ এই অনুসৰি পহিলা জুলাইৰ পৰাই মাধ্যমিক পর্যায়ত খালী হৈ থকা ৭,৫৮৮টা শিক্ষক পদ পূৰণৰ বাবে আৰম্ভ হ’ব প্রক্রিয়া৷ মুখ্যতঃ ডিব্রুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাৰ নিযুক্তি হ’ব লগা এই স্নাতক শিক্ষকৰ পদসমূহ পূৰণৰ লক্ষ্যৰে ৬টা মণ্ডলত প্রার্থীৰ নথি–পত্র পৰীক্ষণৰ প্রক্রিয়া আৰম্ভ কৰা হ’ব৷

উল্লেখ্য যে স্নাতক শিক্ষক পদ পূৰণৰ বাবে প্রার্থীয়ে টেট আৰু বাছনি প্রক্রিয়া পৰীক্ষা উত্তীর্ণ হ’ব লাগিব৷ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত হ’ব লগা এই বাছনি প্রক্রিয়া সন্দর্ভত  কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে স্নাতক শিক্ষকৰ বাবে মুঠ ৭,৫৮৮টা পদৰ বিপৰীতে আবেদন বিচৰা হৈছিল যদিও এই পদৰ বাবে যোগ্য আবেদনকাৰীৰ সংখ্যা হৈছে ৬,২৩৬গৰাকী৷ অর্থাৎ ১,৩৫২টা পদ এতিয়া খালী হৈ ৰ’ব৷ পৰৱর্তী সময়ত এই পদসমূহ পূৰণ কৰিবৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব লাগিব৷ স্নাতক শিক্ষকৰ ৭ হাজাৰ পদেই নহয়, ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হৈ থকা স্নাতকোত্তৰ শিক্ষকৰ ১,৪৮৭টা পদৰ বাবেও ইতিমধ্যে প্রার্থীৰ নথি পৰীক্ষণৰ প্রক্রিয়া সম্পূর্ণ হৈছে৷ কিন্তু অর্হতাসম্পন্ন প্রার্থীৰ অভাৱত এই প্রক্রিয়াৰ পাছতো খালী হৈ ৰ’ব ২৩০টা পদ৷

এই সন্দর্ভতো শিক্ষামন্ত্রীগৰাকীয়ে কয় যে স্নাতকোত্তৰ শিক্ষক পদৰ বাবে যোগ্য প্রার্থী লাভ কৰা হৈছে ১,২৫৭গৰাকী৷ অর্থাৎ কিছুমান বিষয়ৰ স্নাতকোত্তৰ শিক্ষক পদৰ বাবে এতিয়াও যোগ্য প্রার্থী লাভ কৰা নাই৷ গতিকে ৰৈ যোৱা পদসমূহৰ বাবেও অচিৰেই বিজ্ঞাপন প্রকাশ কৰা হ’ব৷ উল্লেখ্য যে স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকৰ খালী পদৰ বিপৰীতে টেট–বাছনি পৰীক্ষা উত্তীর্ণ যিসকল প্রার্থীয়ে প’র্টেলৰ জৰিয়তে আবেদন জনাইছে তেওঁলোকৰ নথি-পত্রসমূহ পৰীক্ষাৰ ক্ষেত্রত কোনোধৰণৰ ত্রুটি যাতে ৰৈ নাযায়, সেই বিষয়ত বিশেষ গুৰুত্ব দিছে বিদ্যালয় শিক্ষা বিভাগে৷ বিশেষকৈ বি–এড উত্তীর্ণ প্রমাণ–পত্রসমূহ গ্রহণযোগ্য হয় নে নহয়, সেই দিশটোৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে বুলিও শিক্ষামন্ত্রীগৰাকীয়ে জানিবলৈ দিছে৷

মন কৰিবলগীয়া যে ইতিমধ্যে প্রাথমিক পর্যায়ত ৫,৫৫০টা পদ পূৰণৰ বাবে আৰম্ভ হৈছে বাছনি প্রক্রিয়া৷ ইয়াৰে নিম্ন প্রাথমিকত ৩,৮০০টা আৰু উচ্চ প্রাথমিকত ১,৭৫০টা পদৰ বিপৰীতে আবেদন কৰা প্রার্থীসকলৰ দ্বিতীয় পর্যায়ৰ নথি পৰীক্ষাৰ প্রক্রিয়া ২৭ জুনৰ পৰা আৰম্ভ হৈছে৷ ২০২৩ চনতে এই পদসমূহৰ বিপৰীতে বিজ্ঞাপন প্রকাশ কৰা হৈছিল যদিও পলমকৈ হ’লেও শিক্ষা বিভাগে পদসমূহ পূৰণৰ বাবে প্রক্রিয়া আৰম্ভ কৰিছে৷ সকলো ঠিকে–ঠাকে থাকিলে শাৰদীয় দুর্গাপূজাৰ সময়তে শিক্ষকসকলৰ এই খালী পদসমূহ পূৰণ হ’ব৷ কার্যতঃ প্রায় ১২ হাজাৰ শিক্ষকে দুর্গাপূজাৰ আগত বা পূজাৰ পিছত নিযুক্তি লাভ কৰাটো প্রায় নিশ্চিত বুলি জানিবলৈ দিছে শিক্ষা বিভাগে৷

You might also like