নিয়মীয়া বাৰ্তা, ৬ জুনঃ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল চমুকৈ চি আই এছ এফেও বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় সুৰক্ষা বল উত্তৰ পূব খণ্ড শাখা তথা এন আৰ চি কোম্পানীয়ে নিজৰ কৰ্তব্যৰত অঞ্চলত কালি ১২,০০০ গছ পুলি ৰোপণ কৰে। উক্ত গছ পুলিৰ ভিতৰত গুলমোহৰ, লিচু, অশোক , আমলখি, জামু, বেল, সোণাৰু, সীতাফল, অৰ্জুন , সুমথিৰা , কঠাল, আম, জলফাই,তামোল, শিলিখা , নীম আদি বহুতো ফল আৰু ঔষধীয় গছপুলিৰোপন কৰে। চলিত বছৰৰ শেষলৈ চিআইএছএফ উত্তৰ পূব অঞ্চলৰ সকলো ইউনিটে অসম , অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ বিভিন্ন জিলাত চল্লিশ হেজাৰ গছপুলি ৰোপণ কৰাৰ আঁচনি হাতত লোৱা হৈছে বুলি এক বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে। ভাৰতীয় তেল নিগমৰ অধিনস্থ বঙাইগাঁও শোধনাগাৰ ইউনিটে চলিত বৰ্ষত চাৰি হেজাৰ গছপুলি ৰোপণৰ লক্ষ্য হাতত লৈছে বুলি বিজিআৰ ইউনিট সূত্ৰই সংবাদ মাধ্যমক জনাইছে। কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সৈতে সম্বন্ধ আৰু অধিক টনকিয়াল কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে চিআইএচএফে এখন শক্তিশালী ভাৰত গঢ়ি তোলাৰ হকে ঐক্যবদ্ধভাবে কাম কৰি যাব বুলিও বাহিনীটোৰ ফালৰ পৰা প্ৰকাশিত বিজ্ঞপ্তিটোৰ জৰিয়তে জনাইছে ।