আজিৰ দিনটোৰ ৰাশিফল
মেষ: আয় উন্নতিৰ বাবে দিনটো শুভ যদিও ব্যয় বহুলতাৰ কাৰণে সঞ্চয় নহ’ব৷ বাধা–বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনীত হ’ব পাৰিব৷ কিবা কাৰণত মানসিক অশান্তিত ভুগিব পাৰে৷ প্রেমত শুভ৷
বৃষ: কর্মক্ষেত্রত সুখ্যাতি লাভ৷ ভাতৃৰ লগত মতৰ অমিল দেখা দিব পাৰে৷ চকুৰ সমস্যাত ভুগিব পাৰে৷ অযথা অর্থ নাশ হ’ব পাৰে৷ উচ্চ বিদ্যার্থীৰ উন্নতিৰ যোগ৷
মিথুন: নিজৰ ভুলৰ কাৰণে ভাল সুযোগ হাত এৰা হ’ব পাৰে৷ দৈনন্দিন কাম–কাজত বাধাৰ মাজেৰে অগ্রগতি৷ আকস্মিক কোনো অপ্রীতিকৰ ঘটনাৰ সন্মুখীন হ’ব পাৰে৷ আর্থিকত মধ্যম ফল৷
কর্কট: নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্রপাত ঘটিব পাৰে৷ বুধৰ শুভ প্রভাৱৰ ফলত ব্যৱসায়–বাণিজ্যত প্রভাৱ পৰিব৷ গৃহ নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিব পাৰে৷ অপবাদৰ সন্মুখীন হ’ব পাৰে৷
সিংহ: অশুভ ৰাহুৰ কাৰণে কর্মত পদোন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ ৰাহুৰ অশুভ প্রভাৱৰ ফলত শত্রুৰ বেয়া নজৰত পৰিব পাৰে৷ পাৰিবাৰিক ক্ষেত্রত শান্তি বিঘ্ণিত হ’ব পাৰে৷ বিদ্যার্থীৰ মানসিক চঞ্চলতা বৃদ্ধি পাব৷
কন্যা: বুধৰ শুভ প্রভাৱত সম্পদ লাভৰ যোগ৷ কর্মসূত্রে বাহিৰলৈ যোৱাৰ যোগ৷ দাম্পত্যত সুখ আৰু শান্তি বজাই থাকিব৷ খং নিয়ন্ত্রণত ৰাখিব৷
তুলা: আর্থিক ক্ষেত্রত উন্নতিৰ যোগ৷ কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে৷ যোগ্যতা অনুযায়ী নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ বন্ধু বিয়োগৰ যোগ৷ প্রেমত শুভ৷
বৃশ্চিক: যোগ্যতা অনুযায়ী কর্ম পৰিৱর্তনৰ যোগ আছে৷ শিক্ষকতাৰ লগত জড়িত ব্যক্তিসকলৰ শুভ বুলি ক’ব নোৱাৰি৷ ঘৰুৱা দিশত সমস্যা দেখা দিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও সঞ্চয় নহ’ব৷
ধনু: নিবনুৱাৰ কর্মলাভৰ যোগ, কর্মক্ষেত্রত বিশৃংখলাই দেখা দিব পাৰে৷ আত্মীয়ৰ কাৰণে ক্ষতি হ’ব পাৰে৷ মূৰৰ বিষত কষ্ট পাব পাৰে৷ আকস্মিকভাৱে কোনো বিতর্কত জড়িত হ’ব পাৰে৷ প্রেম আৰু দাম্পত্যত অশুভ৷
মকৰ: অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও আর্থিক ক্ষেত্রত তেনেকুৱা ফল নাপাব৷ সন্তানৰ কর্মপ্রাপ্তিৰ যোগ৷ শৰীৰ–স্বাস্থ্য সম্পর্কে সচেতন থাকিব৷ বিদ্যার্থীৰ শুভ৷
কুম্ভ: পৰিকল্পিত কর্মত ব্যাঘাত ঘটিব পাৰে৷ বাধা–বিপত্তি সত্ত্বেও বিদ্যার্থীৰ সাফল্য আহিব৷ যান–বাহন চলোৱাৰ পৰা সতর্ক থাকিব৷ আর্থিক ক্ষেত্রত উন্নতিৰ যোগ আছে যদিও অপ্রত্যাশিতভাৱে বাধা দেখা দিব পাৰে৷
মীন: কর্মক্ষেত্রত একাধিক সুযোগ–সুবিধা আহিব৷ গুপ্ত শত্রুৰ পৰা সতর্ক থাকিব৷ বস্তু কিনা–বেচাৰ বাবে দিনটো শুভ৷ গুৰুজনৰ লগত কিবা কাৰণত মতানৈক্য হ’ব পাৰে৷ প্রেম আৰু দাম্পত্যত শুভ ফলদায়ক হ’ব৷