নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ হাহিলা বিল পৰিদৰ্শন পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়াৰ দলৰ 

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ পৰ্যটন বিভাগৰ এটা শীৰ্ষ বিষয়াৰ দলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নগাঁৱৰ হাহিলা বিল পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে যোৱা ২০ ডিচেম্বৰত বিধানসভাত বিধায়ক নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই হাহিলা বিলখন পৰ্যটন থলীলৈ ৰূপান্তৰিত কৰিব পৰাৰ সম্ভাৱনীয়তাক উনুকিয়াই পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাক প্ৰশ্ন সুধিছিল। বিধায়ক শৰ্মাই বিধান সভাতৰ মজিয়াত হাহিলা বিলক কেন্দ্ৰ কৰি ইয়াৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ বস্ত্ৰ শিল্প, ঐতিহাসিক স্থান ৰণথলীৰ অসমীয়া কেঁচা সোণৰ গহনা আদিক লৈ এটা বৃহৎ পৰ্যটন উদ্যোগ গঢ়ি উঠাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰি চৰকাৰৰ পৰ্যটন বিভাগে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছিল। বিভাগীয় মন্ত্ৰী বিমল বৰাই এই প্ৰসংগত কৈছিল যে-‘নগাঁও ৰাজহ চক্ৰৰ ভেলাই কিচামত পাখিমৰীয়া মৌজাৰ এই বিলখনৰ দুটা দাগত ক্ৰমে ১৮১ দাগ নম্বৰত ২৭৩ বিঘা আৰু ২৪৩ নম্বৰ দাগত ১৯৫ বিঘা আৱৰি আছে ।৬৮ বিঘা ভূমিত মীন পালনৰ বাবে আৱন্টন দিয়া হৈছে।তদুপৰি বনভোজৰ দলৰ সুবিধাৰ্থে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্ৰসাৱগাৰ,শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। মন্ত্ৰীজনে বিধায়ক শৰ্মাক হাহিলা বিলক পৰ্যটন থলীলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱ দিবলৈ আহ্বান জনাইছিল। হাহিলা বিলখনৰ উন্নীতকৰণ প্ৰসংগত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বিধান সভাত বিভাগীয় মন্ত্ৰীক প্ৰশ্ন সোধাৰ পিচতেই বিষয়টো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হয়।মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী আজি বিলখন পৰিদৰ্শন কৰা পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়াৰ আছে বিভাগটোৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপানি বৰা আৰু প্ৰৱন্ধক ভাস্কৰজ্যোতি বৰুৱা।দলটোক সংগ দান কৰে বিধায়ক ৰূপক শৰ্মাই।বিধায়ক শৰ্মাই হাহিলাবিলৰ উন্নীতকৰণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব প্ৰদান কৰাত ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় যে-‘মুখ্যমন্ত্ৰী সদিচ্ছাত অতি সোনকালে হাহিলা বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দুহৈ পৰিব বুলি আমি আশাবাদী।এই বিলখনলৈ শীতকালত পৰিভ্ৰমী চৰাইৰ আগমন ঘটে।তদুপৰি বিভিন্ন প্ৰান্তৰ পৰা বনভোজৰ দলো আগমন ঘটে। এই বিলখনৰ উৎকৰ্ষ সাধনে এপিনে জৈৱ বৈচিত্ৰত ইতিবাচক প্ৰভাৱ পেলাব।অন্যহাতেদি নগাঁও জিলালৈ পৰ্যটনৰ সম্ভাৱনাও কঢ়িয়াই আনিব।’

প্ৰেৰক কনক হাজৰিকা

You might also like