নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগাৰা সভাৰ ১২৫ বছৰীয়া জয়ন্তী পালন : গ্ৰন্থ উন্মোচন

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : নলবাৰী জিলাৰ ঐতিহাসিক জাগাৰা সভাৰ ১২৫ বছৰীয়া জয়ন্তী পালন উপলক্ষে সোমবাৰে “জনাৰ্দন” স্মৰণিকা আৰু লেখিকা সৰলা তালুকদাৰ বৰ্মনৰ ”বিয়াগীত মাধুৰী” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। ইপিনে, স্মৰণিকাখনৰ লগতে গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰ নাৰায়ণ গোস্বামীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। আনহাতে, অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিয়াগীতৰ ওপৰত সাৱলীল মন্তব্য ৰাখে সাহিত্যিক মনীষা শৰ্মাই। নিজৰ ভাষণত লেখিকা শৰ্মাই কয় যে আমি জানো যে আয়তীসকলৰ মুখে মুখে চলি অহা বিয়াগীতবোৰ অসমীয়া লোকসংগীতৰ এক আপুৰুগীয়া সম্পদ। সেয়েহে নিষ্ঠাৰে বিয়াগীতবোৰৰ যোগেদি বিয়াৰ বিভিন্ন কাৰ্য্যৰ গীতসমূহ সাহিত্য কৰ্মৰ যোগেদি লেখিকা সৰলা তালুকদাৰ বৰ্মনে পাঠক সমাজলৈ আগবঢ়াইছে। বিয়াগীত মাধুৰী পুথিখনেৰে আমাৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰা বিয়াগীতবোৰ উদ্ধাৰ কৰি তাক সংৰক্ষণৰ যথোপযুক্ত ব্যৱস্থা কৰি লোকসংস্কৃতিৰ এনেধৰণৰ আপুৰুগীয়া সম্পদবোৰৰ ওপৰত লেখাৰ প্ৰচেষ্টা চলাই সঁচাকৈ প্ৰশংসাৰ পাত্ৰ হৈছে লেখিকাগৰাকী।

You might also like