নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচিত ঢকুৱাখনাৰ ১৩গৰাকীৰ সাফল্য

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : অসম লোকসেৱা আয়োগে বুধবাৰে ঘোষণা কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ঢকুৱাখনা মহকুমাৰ মুঠ ১৩গৰাকী প্ৰশিক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ মহকুমাটোলৈ গৌৰৱ কঢ়িয়াই আনে। এওঁলোকৰ ভিতৰত এজনে অসম অসামৰিক সেৱাৰ আৰু বাকী ১২গৰাকীয়ে ক্ৰমে সহকাৰী হিচাপ বিষয়া আৰু সহকাৰী গাণনিক বিষয়া পদত উত্তীৰ্ণ হৈছে। অসম অসামৰিক সেৱাৰ বাবে ৮০ সংখ্যক স্থান লাভ কৰি উত্তীৰ্ণ হৈছে ঢকুৱাখনা মহকুমাৰ সাপতীয়া মূৰ্তীয়া গাঁৱৰ ভুবন গগৈ আৰু কুঞ্জলতা গগৈৰ পুত্ৰ শোণিত গগৈ। ভাৰতীয় নৌ সেনা বাহিনীৰ প্ৰাক্তন বিষয়া শোণিত গগৈ বৰ্তমান ৰাজ্যিক তদাৰকী আয়োগত কৰ্মৰত। তেওঁ ১৭ বছৰ কাল নৌসেনা বাহিনীত সেৱা আগবঢ়াইছিল। আনহাতে, কালি ঘোষিত ফলাফলত এচিছটেণ্ট অ’ডিট অফিচাৰ পদত চাৰিআলি চাপৰি গাঁৱৰ নবীন গগৈ আৰু বৰ্ণিতা বৰুৱা গগৈৰ জ্যেষ্ঠ কন্যা শিল্পী গগৈ আৰু মাতমৰাৰ বৰবিল গাঁৱৰ গোবিন্দ টাইডে সফলতাৰে উত্তীৰ্ণ হোৱাৰ বিপৰীতে বান্তৌ গাঁৱৰ হীৰা চমুৱা আৰু ৰূপাঞ্জলি চমুৱাৰ কন্যা প্ৰিয়ংকা চমুৱা, আমোলাপট্টিৰ তিলেন চমুৱা আৰু পুতুমাই চমুৱাৰ পুত্ৰ ধীৰাজ চমুৱা, কোঁৱৰ গাঁৱৰ পূৰ্ণানন্দ কোঁৱৰ আৰু কল্পনা কোঁৱৰৰ পুত্ৰ মানস কোঁৱৰ, বৰপাত্ৰ গাঁৱৰ সদা বৰুৱা আৰু জ্যোৎস্না বৰুৱাৰ কন্যা ৰাজশ্ৰী হাতীবৰুৱা, কাঠৰবাৰীৰ ৰাজেন গগৈ আৰু সুৰজ কুমাৰী গগৈৰ কন্যা প্ৰীতিমা গগৈ, বৰ্ষামুখৰ মেক ডওলআল্ড বৰাং, ঘিলামৰাৰ লেলুৱনী গাঁৱৰ চেতনজিৎ বৰগোহাঞি, ঘণ্টাপৰাৰ ডিম্পল চমুৱা, বকুলগুৰিৰ ৰাজেশ পাতিৰ আৰু সোৱণশিৰি পঞ্চায়তৰ মনোজ কুমাৰ মেদক সহকাৰী গাণনিক বিষয়া পদত উত্তীৰ্ণ হৈ ঢকুৱাখনা মহকুমালৈ সন্মান কঢ়িয়াই আনিছে। বিভিন্ন পদত সফলতাৰে উত্তীৰ্ণ হোৱা আটাইকেইগৰাকী পৰীক্ষাৰ্থীক স্থানীয় বিধায়ক নৱ কুমাৰ দলেই অভিনন্দন জনোৱাৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠনে তেওঁলোকক সম্বৰ্ধনা জনাই  ভৱিষ্যত জীৱনৰ উজ্জ্বলতা কামনা কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like