আমেৰিকাত গ্ৰেপ্তাৰ অসমৰ ব্যৱসায়ী
🔹 আমেৰিকাত গ্ৰেপ্তাৰ অসমৰ ব্যৱসায়ী
🔹 স্বাস্থ্য বীমা কেলেংকাৰিত জড়িত তন্ময় শর্মা
🔹 ১,৩০০ কোটিৰ জালিয়াতি কৰা শর্মাক লছ এঞ্জেলছ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা আটক
বিশেষ বাৰ্তা, ৫ জুন : আমেৰিকা নিৱাসী অসমীয়া ব্যৱসায়ী তন্ময় শর্মাক স্বাস্থ্য বীমা কেলেংকাৰি গোচৰত গ্রেপ্তাৰ কৰিছে৷ প্রকাশ পোৱা মতে, যোৱা ২৯ মে’ত শর্মাক লছ এঞ্জেলছ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত গ্রেপ্তাৰ কৰে৷ আমেৰিকাৰ ছ’ভিনিয়ৰ হেলথ গ্রুপৰ মুখ্য কার্যবাহী বিষয়া তন্ময় শর্মা ২০১৪ চনৰ পৰা ২০২০ চনলৈ সংঘটিত ১৪৯ মিলিয়ন ডলাৰৰ স্বাস্থ্য বীমা কেলেংকাৰিত জড়িত বুলি জানিব পৰা গৈছে৷ ৮টাকৈ অভিযোগৰ ভিত্তিত তন্ময় শৰ্মাক গ্ৰেপ্তাৰ লছ এঞ্জেলছ আৰক্ষীৰ। উল্লেখ্য যে কেলিফ’র্নিয়াৰ টুষ্টিন নিৱাসী ৬১ বছৰীয়া তন্ময় শর্মা গুৱাহাটীৰ বামুণীমৈদামৰ প্ৰয়াত কংগ্ৰেছ নেতা তথা অনুৰাধা ছবিগৃহৰ স্বত্বাধিকাৰী ফণী শর্মাৰ বৰপুত্র৷ কেলিফ’র্নিয়াৰ চেন্ট্ৰেল ডিষ্ট্রিকৰ এটর্নী কার্যালয়ে জনোৱা মতে, এই বিশাল কেলেংকাৰিত তন্ময় শর্মাৰ লগতে একেটা প্রতিষ্ঠানত কাম কৰা প’ল ঝিন ছেন খ’ৰকো গ্রেপ্তাৰ কৰা হৈছে৷ সম্প্রতি অন্তর্ৱর্তীকালীন জামিন লাভ কৰা শর্মাৰ দোষ সাব্যস্ত হ’লে ২০ বছৰ পর্যন্ত জে’ল হ’ব পাৰে৷