নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণৰ বাবে ১,৩৩৮ কোটি আবণ্টন

🔹 কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ নৱেম্বৰ : উত্তৰ–পূর্বাঞ্চলৰ পথ যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে কেন্দ্রীয় চৰকাৰে কেইবাটাও প্রকল্প গ্রহণ কৰিছে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলৰ পথৰ উন্নয়নৰ বাবে তিনি লাখ কোটি টকা ব্যয় কৰা হ’ব বুলিও ঘোষণা কৰিছে৷ ইয়াৰ অংশ হিচাপে অসমৰ ৰাষ্ট্রীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে পুনৰ ১৩৩৮.৬১ কোটি টকা আবণ্টন দিছে৷ এক্স হেণ্ডেলত এই কথা সদৰী কৰিছে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰিয়ে৷ তেওঁ প্রকাশ কৰা অনুসৰি ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ সম্প্রসাৰণৰ বাবে এই ধন আবণ্টন দিয়া হৈছে৷ বিলাসীপাৰা–গুৱাহাটী কৰিড’ৰৰ টুলুংগীয়া সংমণ্ডলৰ চাপৰ বাইপাছৰ পূর্বে মোৱাটাৰীৰ সমীপত ঘাইপথৰ সম্প্রসাৰণত উক্ত ধনৰাশি ব্যৱহাৰ কৰা হ’ব৷ ইয়াৰ অধীনত মুঠ ২৬.৮২ কিলোমিটাৰ পথ নির্মাণ আৰু সম্প্রসাৰণ কৰা হ’ব৷ পথছোৱাৰ উন্নয়নৰ জৰিয়তে বিলাসীপাৰা আৰু টুলুংগীয়াৰ মাজৰ যোগাযোগ ব্যৱস্থাৰ বিকাশ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ তদুপৰি ইয়াৰ জৰিয়তে বিলাসীপাৰা–গুৱাহাটী কৰিড’ৰ নির্মাণৰ অগ্রগতি ঘটিব৷ যাৰ জৰিয়তে পশ্চিম অসম আৰু নামনি অসমৰ মাজত ২৭নং ৰাষ্ট্রীয় ঘাইপথৰ জৰিয়তে যোগাযোগ ব্যৱস্থা উন্নীতকৰণ ঘটাৰ লগতে মেঘালয় আৰু পশ্চিমবংগলৈও পথ যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিব৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি, ১৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ টামেংলং আৰু মাহুৰ সংমণ্ডলৰ সম্প্রসাৰণৰ বাবে ৮৪৬.৮২ কোটি টকা অতিৰিক্তভাৱে আবণ্টন দিয়া হৈছে৷ এই ধনৰাশিৰ জৰিয়তে ১৯.৬৮ কিলোমিটাৰ পথ সামৰি লোৱা হ’ব৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে টুইটত উল্লেখ কৰা অনুসৰি ইষ্ট–ৱেষ্ট কৰিড’ৰৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই ধন আবণ্টন দিয়া হৈছে৷ ইপিনে, কেন্দ্রীয় চৰকাৰে উক্ত ধনৰাশি আবণ্টন দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ এক টুইটযোগে তেওঁ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই আবণ্টনৰ জৰিয়তে অসমত সুচল পথ নির্মাণৰ বাবে লোৱা লক্ষ্য পূৰণৰ দিশে আগুৱাই যোৱাত সহায় কৰিব৷

You might also like