নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : বহু প্ৰত্যাশিত খাগ্ৰাবাৰী-বগামাটি পথটো নিৰ্মাণৰ পূৰ্বেই সৃষ্টি হৈছে বিতৰ্ক। ভাৰত-ভূটান সীমান্তৰ অন্যতম পৰ্যটনস্থলী বগামাটিলৈ অসম মালা আঁচনিৰ অধীনত ১৩৫ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া দুই লেনযুক্ত পথটি নিৰ্মাণৰ পূৰ্বেই অনাহূত বিতৰ্কত সোমাই পৰাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পথটি নিৰ্মাণ হৈ উঠিলে পৰ্যটনস্থলী বগামাটিয়ে অন্য এক মাত্ৰা লাভ কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পৰাৰ থল আছে ৷ ভেৰগাঁৱৰ পৰা আটাৰীখাট উত্তৰ নাওবান্ধা হৈ দেওচুঙা -খৈৰাগ্ৰেণ্টৰ মাজেৰে বগামাটিলৈ পথটি নিৰ্মাণ কৰাৰ কথা আছিল যদিও একাংশ লোকে একমাত্ৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বিধানসভাৰ অধ্যক্ষ তথা বিধায়ক বিশ্বজিৎ দৈমাৰীক বিপথে পৰিচালিত কৰি সকলো ধৰণৰ জৰীপ সম্পূৰ্ণ হোৱাৰ পাছতো অন্য স্থানেৰে নিৰ্মাণৰ প্ৰস্তুতি চলাইছে ৷ একাংশ শাসকীয় দলৰ নেতাৰ এনে কাৰ্যত অসন্তুষ্ট হৈ পৰিছে কেইবাশ লোক ৷ জৰীপ সম্পূৰ্ণ হোৱাৰ পাছতো কেৱল ৰাজনৈতিক শক্তিৰে পথৰ স্থান সলনি কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ২ নং ৰজাগড় , উত্তৰ নাওবান্ধা , খৈৰাগ্ৰেণ্ট , দেওচুঙা , নালাপাৰা , ধৰমজুলি কেইবাখনো গাঁৱৰ ৰাইজে পথটি পূৰ্বৰ মূল পথেৰেই নিৰ্মাণ কৰিবলৈ দাবী জনায় ৷ কেইজনমান লোকৰ ব্যক্তিগত স্বাৰ্থৰ পৰিৱৰ্তে হাজাৰ হাজাৰ লোকৰ আৱেগক গুৰুত্ব দি বিষয়টোত হস্তক্ষেপ কৰিবলৈ স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীক আহ্বান জনাইছে ৰাইজে ৷
প্ৰেৰক পিংকু কলিতা