নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাহাৰঘাটত ১৩৫ শিক্ষাৰ্থীক অভিনন্দন  ছাত্ৰ সন্থাৰ  

নিয়মীয়া বাৰ্তা,  ৭ ছেপ্টেম্বৰ : নলবাৰী জিলাৰ বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কালি বিশেষ অভিনন্দন অনুষ্ঠান  সানেকুছিস্থিত  পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুলত  অনুষ্ঠিত হৈ যায় ।  বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আকাশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ত্ৰিদিব ভাগৱতী উপস্থিত থাকি কয় যে অভিনন্দন গ্ৰহণ কৰাৰ  পিছত ছাত্ৰ-ছাত্ৰীৰ দায়িত্ব বাঢ়ে ৷ ছাত্ৰ-ছাত্ৰীসকল সদায় অঞ্চলটো আৰু জাতিৰ প্ৰতি দায়বদ্ধ হব লাগিব৷ তেওঁ কয় যে আমি আমাৰ জাতীয় গৌৰৱ চিনিব লাগিব । আমি জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, শংকৰদেৱ, মাধৱদেৱৰ বিষয়ে জানিব লাগিব ৷ অভিনন্দন অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মা, সাংবাদিক  তফিকউদ্দিন আহমেদ,  প্ৰাক্তন ছাত্ৰ নেতা তথা বিশিষ্ট ব্যৱসায়ী প্ৰদীপ কুমাৰ গোস্বামী আদি উপস্থিত থাকি ভাষণ দিয়াৰ উপৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্য কুলদীপ গৌতম শৰ্মা, নলবাৰী জিলা আছুৰ সাংগাঠনিক সম্পাদক হীৰকজ্যোতি শৰ্মা, অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুলৰ প্ৰধান শিক্ষক গিৰীন্দ্ৰ দেৱ শৰ্মা, প্ৰাক্তন ছাত্ৰনেতা তথা শিক্ষক বিনোদ কলিতা আদি  বহুকেইজন বিশিষ্ট লোকেও বক্তব্য প্ৰদান  কৰে । বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই  আঁত ধৰা অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ ১৩৫ গৰাকী কৃতী  শিক্ষাৰ্থীক মানপত্ৰ আৰু কলমেৰে অভিনন্দন জনায় ৷ অনুষ্ঠানত শিল্পী কমলা দেৱীৰ পৰিচালনাত এটি বিষ্ণু ৰাভা সংগীত, কৌশিক কলিতা আৰু সংগীবৃন্দৰ দ্বাৰা  বাঁহীবাদন পৰিৱেশন কৰা হয়  ।
প্ৰেৰক আব্দুল কাদেৰ আহমেদ
You might also like