নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত ‘গ্ৰীন মিছন’ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস পালন

🔹 ৰাজ্যৰ ১০০ গাঁৱক নিমগাঁও কৰাৰ সংকল্প আনন্দ খাটনিয়াৰৰ

নিয়মীয়া বাৰ্তা,  ১২ জানুৱাৰী : সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ক্ৰমাগতভাৱে গোলকীয় উষ্ণতা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত বৃক্ষৰোপণৰ গুৰুত্ব দিনকদিনে বৃদ্ধি পাই আহিছে৷ কিন্তু কাৰ্যক্ষেত্ৰত যিমানখিনি হ’ব লাগিছিল, সিমানখিনি আজিও হৈ উঠা নাই৷ বহু সময়ত পৰিৱেশ সজাগতা কেৱল ভাষণতে সীমাবদ্ধ থকাৰ বিপৰীতে একাংশ ব্যক্তিয়ে নিজাববীয়াকৈ ব্যাপক হাৰত গছপুলি ৰোপণ আৰু বিতৰণেৰে পৰিৱেশ সংৰক্ষণৰ অনন্য উদাহৰণ দাঙি ধৰিছে৷ তেনে এগৰাকী ব্যক্তি হৈছে “গ্ৰীন মিছন, বজালী”ৰ সঞ্চালক আনন্দ খাটনিয়াৰ৷ এটা যুগ ধৰি নিৰৱচ্ছিন্নভাৱে প্ৰকৃতিৰ হকে কাম কৰি অহা বিশিষ্ট পৰিৱেশকৰ্মী তথা গ্ৰীন মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে আজি গ্ৰীন মিছনৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনাই পৰিৱেশ সন্দৰ্ভত এক যুগান্তকাৰী পদক্ষেপৰ বিষয়ে ঘোষণা কৰে৷ আজি বজালী জিলাৰ ঘটবৰ সাদেৰী গঞা ৰাইজ আৰু পৰিৱেশ সচেতন মঞ্চৰ সহযোগত ঘটবৰ হালগিৰীঘাট গাঁৱৰ নামঘৰ প্ৰাংগণত মহানিমৰ এটা গছপুলি ৰোপণ কৰি “গ্ৰীন মিছন, বজালী”ৰ সঞ্চালক খাটনিয়াৰে চলিত বৰ্ষত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০০খন গাঁও নিমগাঁও হিচাপে গঢ়াৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে৷ সম্প্ৰতি বিশ্বৰ বিভিন্ন প্ৰান্তত মাত্ৰাধিক হাৰত বায়ু প্ৰদূষণ হোৱাৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ সচেতনতাক মুখ্য উদ্দেশ্য হিচাপে লৈ পৰিকল্পনা কৰা এশখন গাঁৱক নিম গাঁৱলৈ ৰূপান্তৰ কৰাৰ এই অভিযানত তেওঁ ৰাইজৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। উল্লেখ্য যে বিশিষ্ট পৰিৱেশ কৰ্মী খাটনিয়াৰে নিজৰ গাঁঠিৰ ধন ভাঙি অকলেই গ্ৰীন মিছন, বজালীৰ উদ্যোগত বিগত ১২ বছৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত লক্ষাধিক বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ আৰু সংৰক্ষণ কৰাৰ লগতে ২ লক্ষাধিক গছপুলি বিভিন্ন ব্যক্তি, সংস্থা, অনুষ্ঠান-প্ৰতিষ্ঠান আদিক বিতৰণ কৰিছে৷ আজি তেওঁৰ এই সুদূৰপ্ৰসাৰী অভিযান আৰম্ভ কৰি কয় যে যিহেতু বৰ্তমান সময়ছোৱা গছপুলি ৰোপণৰ বাবে অনুকূল নহয়, সেয়েহে আজি আনুষ্ঠানিকভাৱে এটা গছপুলি ৰোপণ কৰা হৈছে যদিও বাৰিষা কালৰ আৰম্ভণিতে সমগ্ৰ গাঁওখনতে ব্যাপক হাৰত নিমগছৰ পুলি ৰোপণ কৰা হ’ব৷ আনহাতে, অকল গাঁও বুলিয়েই নহয়, ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠান বা আন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানতো বায়ু প্ৰদূষণ ৰোধ কৰাৰ স্বাৰ্থত নিমগছৰ পুলি ৰোপণ কৰা হ’ব৷ খাটনিয়াৰে শিক্ষানুষ্ঠানত নিমগছ ৰোপণ কৰাৰ পদক্ষেপো গ্ৰহণ কৰি ইতিমধ্যে যোৱা ২ জানুৱাৰীত কামৰূপ গ্ৰাম্য জিলাৰ আমিনগাঁওস্থিত আমনিগাঁও হাইস্কুলত শিক্ষানুষ্ঠানখনৰ ইকো ক্লাব, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত নিমগছ ৰোপণ কৰি ইয়াৰ শুভাৰম্ভ কৰে৷ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু সকলো গাঁৱতে এনেদৰে নিমগছ ৰোপণ কৰিলে বায়ু প্ৰদূষণৰ গ্ৰাসত পৰা ঠাইসমূহৰ বাবে অনাগত দিনত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ আজিৰ অনুষ্ঠানত ঘটবৰ সাদেৰীৰ গাঁওপ্ৰধান দুৰ্লভ তালুকদাৰকে আদি কৰি গাঁওখনৰ জ্যেষ্ঠ-কনিষ্ঠ লোকসকল উপস্থিত থাকি খাটনিয়াৰৰ এই পৰিকল্পনাৰ ভূয়সী প্ৰশংসা কৰি তেওঁৰ এই অভিযান সফল হ’লে পৰিৱেশৰ ক্ষেত্ৰত সঁচাকৈ এক যুগান্তকাৰী পদক্ষেপ হ’ব বুলি মন্তব্য কৰে৷

প্ৰেৰক কল্যাণ কলিতা

 

You might also like