নিয়মীয়া বাৰ্তা, ১৯ মে’ : তিতাবৰ মহকুমাৰ মুক্তিনগৰ বৰ নামঘৰৰ সৌজন্যত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকীও কৃতী ছাত্ৰ-ছাত্ৰীক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মুক্তিনগৰ প্ৰাথমিক বিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ ৰাউতৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় মুক্তিনগৰ বৰ নামঘৰৰ সম্পাদক ৰঞ্জিত ৰবিদাসে। সভাত প্ৰধান শিক্ষক বিনন্দ গগৈ, শিক্ষক ক্ৰমে সঞ্জয় ৰবিদাস, হৰেশ্বৰ দাস, সাংবাদিক অজয় শইকীয়া, আটছাৰ বৰহোলা উপ-শাখাৰ সভাপতি সুমন কিষাণ, মুক্তিনগৰ বৰ নামঘৰৰ সভাপতি জীতেন ৰবিদাস, সমাজকৰ্মী মুক্তি ৰবিদাস, কমল দাস আদি অতিথি হিচাপে উপস্থিত থাকি আগৱঢ়োৱা ভাষণত বিভিন্ন উদাহৰণেৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। স্থানীয় কেইবাগৰাকীও সচেতন অভিভাৱক-অভিভাৱিকায়ো ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। সভাত মুক্তিনগৰ গাঁৱৰ ১৪গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা, সম্বৰ্ধনা পত্ৰ, শিক্ষণ সামগ্ৰী আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাতে শিক্ষক সঞ্জয় ৰবিদাসে গাঁওখনৰ পৰা মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ব্যক্তিগতভাৱে প্ৰয়াত পিতৃ সত্য নাৰায়ণ ৰবিদাসৰ সোঁৱৰণত দুহাজাৰ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় সচেতন যুৱক সঞ্জিত ৰবিদাসে। উল্লেখ্য যে প্ৰতিবছৰে মুক্তিনগৰ বৰ নামঘৰৰ সৌজন্যত এনেদৰে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি উৎসাহিত কৰি আহিছে। এইবাৰৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলেও আগন্তুক দিনত সু-শিক্ষিত হৈ গাঁওখনৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব বুলি সচেতন ৰাইজে আশা ব্যক্ত কৰিছে।
প্ৰেৰক অজয় শইকীয়া