নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও চহৰত ১৪টাকৈ পথ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

বিশেষ বাৰ্তা, ২০ফেব্ৰুৱাৰী : নগাঁও চহৰত নতুনকৈ পুনৰ নিৰ্মাণ কৰা ১৪টাকৈ গুৰুত্বপূৰ্ণ পথৰ একেদিনাই শুভ উদ্বোধন কৰিলে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও পৌৰসভাৰ উদ্যোগত পুনৰ নিৰ্মাণ হোৱা পৌৰসভা এলেকাধীন পথসমূহৰ আজি বিধায়ক ৰূপক শৰ্মাই শুভ উদ্ধোধন কৰি কয় যে যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণে কোনোধৰণৰ অসুবিধাৰ সন্মূখীন যাতে হ’ব নালাগে এই ক্ষেত্ৰত আমাৰ চৰকাৰে অহৰহ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আশাকৰো নগাঁও চহৰত কেইবাটাও মহলাত পুনৰনিৰ্মাণ কৰা পথ সমূহৰ জৰিয়তে অঞ্চল বাসীৰ লগতে চহৰবাসী যথেষ্ট উপকৃত হ’ব পাৰিব। নগাঁও পৌৰসভাই ৰাইজৰ যাতায়তৰ সুবিধাৰ অৰ্থে সুন্দৰকৈ পুনৰ নিৰ্মাণ কৰি উলিওৱা পথ সমূহৰ বাবে নগাঁও পৌৰসভাকো বিধায়ক শৰ্মাই ধন্যবাদ জনালে। নগাঁও পৌৰসভাৰ কেইবাটাও মহলাত আজি শুভ উদ্বোধন কৰা পথ সমূহ ক্ৰমে ৩নং মহলাৰ মাধৱদেৱ পথৰ উপপথ -৩,২নং মহলাৰ হয়বৰগাঁও ষ্টেচন পথৰ উপপথ-৩, ৫নং মহলাৰ দেৱ মহন্ত পথৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সংযুক্ত উপপথ,৬ নং মহলাৰ আৰ আৰ বি পথত(উপপথ), ২৬নং মহলাৰ চকীটুপ উপপথ, ২৬নং মহলাৰ চকীটুপ বাগ দেৱী কালী মন্দিৰ উপপথ, ১২নং মহলাৰ এম আজাদ উপপথ, ২৪নং মহলাৰ লীলাধৰ কাকতি পথ, ২৪নং মহলাৰ উপপথ, ২৩নং মহলাৰ বিষ্ণু ৰাভা উপপথ ,সোফাল, ২৩নং মহলাৰ বিষ্ণু ৰাভা উপপথ ,বাওফাল,২৩ নং মহলাৰে বিষ্ণু ৰাভা উপপথ ,১৭নং মহলাৰ পিয়লি ফুকন উপপথ আৰু ১৭নং মহলাৰ পিয়লি ফুকন উপপথ দ্বিতীয়।আজি পথ সমূহৰ শুভ উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা, পৌৰসভাৰ কাৰ্যবাহী বিষয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা সকল, পৌৰসভাৰ বিভিন্ন মহলাৰ মহলা আয়ুক্ত আৰু বিষয়া, কৰ্মচাৰী সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

প্ৰেৰক কনক হাজৰিকা

You might also like