নিয়মীয়া বাৰ্তা জুনঃ ৰাজ্যত লকডাউনৰ শিথিলতা আৰম্ভ হোৱাৰ লগে লগে দ্রুত গতিত বৃদ্ধি হৈছে ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা৷ কঠোৰ কোৱাৰেণ্টাইনৰ পাছতো ক’ভিড–১৯ আক্রান্তৰ সংখ্যা তিনি সহস্রাধিকৰ দিশে আগবঢ়াৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ মুখ্যতঃ বহিঃৰাজ্যৰ পৰা অহা লোকৰ দ্বাৰা ভয়াৱহ ৰূপত বৃদ্ধি হোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণে চিন্তিত কৰি তুলিছে স্বাস্থ্য বিভাগক৷ বিশেষকৈ ৰে’ল চলাচল আৰম্ভ কৰাৰ পাছতে দেশৰ ১৪খন ৰাজ্যৰ পৰা উভতি অহা লোকসকলৰ পৰাই এতিয়ালৈ প্রায় ২,৫০০ লোক ক’ৰোনাৰ দ্বাৰা আক্রান্ত হৈছে৷ কার্যতঃ ১৪ ৰাজ্যৰ পৰা ক’ৰোনাৰ বাহক ৰূপে অসমলৈ উভতিছে এইসকল লোক৷ তথ্য অনুসৰি মুম্বাইৰ পৰা অহা ১,১৯৮জন লোক এতিয়ালৈ ক’ভিড–১৯ পজিটিভ হিচাপে চিনাক্ত হৈছে৷ একেদৰে চেন্নাইৰ পৰা অহা ৮৯১জন আৰু দিল্লীৰ পৰা অহা ১০৫জন লোক এতিয়ালৈ ক’ৰোনাৰ দ্বাৰা আক্রান্ত হৈছে৷ ইয়াৰ উপৰি পশ্চিমবংগৰ পৰা অহা ১০৩জন, উত্তৰ প্রদেশৰ পৰা অহা ৯৮জন, হাৰিয়ানাৰ পৰা অহা ৮৭জন, কুৱেইটৰ পৰা অহা ৩০জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ দ্বাৰাই ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পোৱাই নহয়, ৰাজ্যৰ পৰিস্থিতিও যথেষ্ট জটিল কৰি তুলিছে৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ মাজত সংক্রমণ এনেদৰে বৃদ্ধি পোৱাৰ সময়তে ট্রেভেল হিষ্ট্রী নথকা ৪৮জন লোক আক্রান্ত হোৱা বিষয়টোৱেও স্বাস্থ্য বিভাগক উদ্বিগ্ণ কৰি ৰাখিছে৷ লক্ষণীয়ভাৱে এই ৪৮জন লোকৰ ভিতৰত ৪জন চিকিৎসক আৰু ১১জন স্বাস্থ্যকর্মীও সাঙোৰ খাই আছে৷ গুৱাহাটী মহানগৰীতে যোৱা সময়ছোৱাত ৮জনকৈ লোকৰ কোনো ধৰণৰ ভ্রমণ বৃত্তান্ত নথকাৰ পাছতো ভয়াৱহ ভাইৰাছবিধত আক্রান্ত হৈছে৷ ইফালে, হোজাই জিলাত সর্বাধিক বহিঃৰাজ্যৰ পৰা অহা লোক শেহতীয়াকৈ আক্রান্ত হৈছে৷ এতিয়ালৈ জিলাখনত বহিঃৰাজ্যৰ পৰা আহি আক্রান্ত হোৱা লোকৰ সংখ্যা ৩৫৯জন৷ আনহাতে, ধুবুৰীত বহিঃৰাজ্যৰ পৰা আহি আক্রান্ত হোৱা লোকৰ সংখ্যা হ’ল ২৮৯জন, গোলাঘাট জিলাত ২২৮জন, শিলচৰত ১৫৩জন আৰু নগাঁও জিলাত ১৪৪জন৷ কামৰূপ মহানগৰ জিলাত এই সংখ্যা ৮৫জনলৈ বৃদ্ধি পাইছে৷ অৱশ্যে ৰাজ্যৰ বিভিন্ন জিলাত ক’ৰোনা আক্রান্তৰ সংখ্যা এনেদৰে বৃদ্ধি পোৱাৰ সময়তে মাজুলীত আক্রান্তৰ সংখ্যা যথেষ্ট নিম্ন পর্যায়ত আছে৷ নদীদ্বীপটোত এতিয়ালৈ বহিঃৰাজ্যৰ পৰা আহি আক্রান্ত হোৱা লোকৰ সংখ্যা হ’ল ৭জন৷ ৰে’ল আৰু বাছেৰে বহিঃৰাজ্যৰ পৰা অহা লোকে যে ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি কৰিছে, এনে নহয়৷ ঘৰুৱা বিমান চলাচল আৰম্ভ হোৱাৰ পাছত অসমলৈ বিমানেৰে অহা ১২০জন যাত্রীৰ এতিয়ালৈ ক’ভিড–১৯ পজিটিভ হিচাপে চিনাক্ত হৈছে৷ উল্লেখ্য যে ক’ৰোনা আক্রান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ সময়তে অৱশ্যে ৬৬৫জন লোক ক’ৰোনামুক্ত বুলি ঘোষণা কৰা হৈছে৷