মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ১৪ শ্ৰমিক উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ৰঙিয়া আৰক্ষীয়ে মানৱ সৰবৰাহৰ বৃহৎ এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে অভিযান চলাই ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ পৰা ১৪জন শ্ৰমিকক উদ্ধাৰ কৰে। এই শ্ৰমিকসকল ত্ৰিপুৰা, ডিমাপুৰ আৰু উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। সূত্র মতে, এক অপৰাধী চক্ৰই শ্ৰমিকসকলক কামৰ প্ৰলোভনেৰে বিভিন্ন ঠাইলৈ লৈ যাবলৈ প্ৰস্তুতি চলাইছিল। উক্ত সময়তে আৰক্ষীয়ে অভিযান চলাই এই শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজন সৰবৰাহকাৰীক আটক কৰা হৈছে। ধৃত সৰবৰাহকাৰীজন হৈছে ৰঙিয়াৰ কৰিয়াৰাৰ নজৰুল ইছলাম ওৰফে পকেট। জানিব পৰা মতে, আটকাধীন সৰবৰাহকাৰীজন বহুদিন ধৰি শ্ৰমিকৰ সৰবৰাহৰ সৈতে জড়িত আছিল। উদ্ধাৰ হোৱা লোকসকলক তেওঁলোকৰ ঘৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। তদন্ত অব্যাহত আছে, আৰু এই চক্ৰৰ অন্য সদস্যসকলৰ সন্ধান চলাই থকা হৈছে।
প্ৰেৰক ফাৰুক আহমেদ