নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংস্থাপনৰ ওলাব সুযোগঃ পানী যোগান আঁচনিৰ বাবে অসমলৈ কেন্দ্রৰ ১,৪০৭ কোটি

নিয়মীয়া বার্তা, ১ জুনঃ  অসমৰ পানী যোগান আঁচনিৰ বাবে ১,৪০৭ কোটি টকা আগবঢ়াইছে কেন্দ্রীয় চৰকাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অভিলাষী জল জীৱন অভিযানৰ অধীনত কেন্দ্রীয় জলশক্তি মন্ত্রালয়ে আজি অসমৰ বাবে উক্ত বুজন পৰিমাণৰ পুঁজিত অনুমোদন দিয়ে৷

বিভাগীয় প্রেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে অসমে বিচৰা মতেই ৰাজ্যৰ গ্রামাঞ্চলত ‘টেপ প্রতিদিনেই ৱাটাৰ’ৰ পৰিসেৱা আগবঢ়োৱাৰ উদ্দেশ্যেই ২০২০–২১ চনৰ বাবে উক্ত পুঁজি আগবঢ়োৱা হৈছে৷ জলশক্তি বিভাগে আগবঢ়োৱা এই ধনৰ জৰিয়তে চলিত বিত্তীয় বর্ষত ৰাজ্যৰ গ্রামাঞ্চলত থকা মুঠ ১৩ লাখ পৰিয়াল উপকৃত হ’ব৷

লক্ষণীয়ভাৱে ৰাজ্যৰ ক’ৰোনা সংকটৰ মোকাবিলাতো এই ধনৰাশিয়ে অৰিহণা যোগান ধৰিব বুলি বিভাগীয় প্রেছ বিজ্ঞপ্তিত দাবী কৰা হৈছে৷ গাঁও অঞ্চলত ৰাইজে সমূহীয়াভাৱে খোৱাপানী সংগ্রহ কৰিবলৈ যায় নির্দিষ্ট ঠাইত যোগান ধৰা টেপ ৱাটাৰৰ পৰা৷ এতিয়া ৰাইজে যাতে ঘৰতেই খোৱাপানী সংগ্রহ কৰিব পাৰে তথা ইয়াৰ জৰিয়তে ক’ৰোনা সংক্রমণৰ পৰা পৰিত্রাণ লাভ কৰে, তাৰ বাবেই ৰাজ্যই বিচৰাৰ লগে লগে কেন্দ্রীয় চৰকাৰে উক্ত বুজন পৰিমাণৰ ধন আবণ্টন দিছে৷

আনহাতে, ক’ৰোনা সংকটৰ বাবে শ্রমিকসকলে দেশৰ বিভিন্ন অঞ্চলৰ পৰা এতিয়া ঘৰমুৱা হৈছে৷ সেয়েহে ঘৰলৈ উভতি আহি এই পানী যোগান আঁচনিত প্রব্রজিত শ্রমিকসকলে যাতে কর্মসংস্থাপন পায়, সেয়াও বিবেচনা কৰা হৈছে৷ সেয়েহ পলম নকৰাকৈ অসমলৈ আবণ্টন দিয়া হৈছে ১,৪০৭ কোটি টকাৰ পুঁজি৷ উল্লেখ্য যে জল জীৱন অভিযানৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত দেশৰ মুঠ ১৮ কোটি পৰিয়াললৈ ‘টেপ ৱাটাৰ’ যোগান ধৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

You might also like