১৪৩সংখ্যক হাৰিভাংগা সভা মহোৎসৱ আৰম্ভ
নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত হাৰিভাংগা সভা মহোৎসৱ। হাৰিভাংগাস্থিত কলীয়া গোসাঁই মন্দিৰ প্ৰাংগনত পাঁচদিনীয়াকৈ অনুষ্ঠিত ১৪৩ সংখ্যক সভা মহোৎসৱৰ কালি নিশা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম ৰাজ্যিক চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। ইয়াৰ পিছতে নিশা সভক্তিৰে মহাপ্ৰভু কলীয়া গোসাঁইৰ বিগ্ৰহ মুল মন্দিৰৰ পৰা নাম প্ৰসংগেৰে সভাস্হলীৰ অস্থায়ী মন্দিৰত স্হাপন কৰা হয়। আজি সেই স্থানতে অনুষ্ঠিত হয় সভাৰ পবিত্ৰ হোম। পবিত্ৰ হোমত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি মহাপ্ৰভু কলীয়া গোসাঁই’ৰ শ্ৰীচৰণত চাকি ধূপ জ্বলাই নৈবদ্য দি নিজৰ লগতে সমুহীয়া মংগল কামনা কৰে। ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটো হৰিনামেৰে মুখৰ হোৱাৰ লগতে চৌদিশে ভক্তিৰস সিঁচৰতি হয়। উল্লেখ্য যে সভা মহোৎসৱ উপলক্ষে কেউদিনে নাম প্ৰসংগ, থলুৱা লোক কলাকৃষ্টি প্ৰদৰ্শন, বৌদ্ধিক প্ৰতিযোগিতা তথা নিশাৰ ভাগত ভিন্ন সাংস্কৃতিক অনুষ্ঠান, নাট্যাভিনয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰদৰ্শন আদি অনুষ্ঠিত হ’ব। আনপিনে সভা মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বাণিজ্য মেলাত ৰাজ্যৰ কেবাটাও সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠানে নিজ বিপনী মুকলি কৰিছে। ২০ জানুৱাৰীত এই সভা মহোৎসৱৰ সামৰণি পৰিব। হাৰিভাংগা গাঁৱ উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সভা মহোৎসৱৰ সমুহ কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ অংশগ্ৰহণ উদ্যোক্তা সমিতিয়ে শ্ৰদ্ধাৰে কামনা কৰিছে।
প্ৰেৰক গুণজিত কলিতা