নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ প্ৰাবল্যৰ শব্দঃ বজালীত ১৪৪ ধাৰা জাৰি উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ সততে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি অহা বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে উচ্চ প্ৰাবল্যৰ শব্দ তৰঙ্গ আৰু ফটকাৰ উচ্চ হাৰৰ শব্দ আদিয়ে যাতে শিক্ষাৰ্থীৰ শৈক্ষিক পৰিৱেশ কোনো কাৰণতেই বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত আজিৰ পৰা বলৱত হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে৷ উল্লেখযোগ্য যে কভিডকালীন পৰিৱেশে শৈক্ষিক বাতাবৰণ একেবাৰে বিধ্বস্ত কৰাৰ সময়ত শিক্ষাৰ্থীসকলে অনলাইন যোগে অধ্যয়ন কৰা আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱা কাৰ্য সমাপন কৰাৰ পাছত সম্প্ৰতি পৰিৱেশ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত অফলাইনত পৰীক্ষাগৃহত শিক্ষাৰ্থীসকলে অৱতীৰ্ণ হোৱাৰ বাবে মানসিকভাৱে পূৰ্ণ শতাংশই প্ৰস্তুত হৈ নিজ নিজ গৃহত অধ্যয়ন কৰি আছে৷ এনে এক অৱস্থাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ভিন্ন প্ৰান্তত থকা বিবাহ ভৱনৰ উপৰিও ৰাজহুৱা উৎসৱ পাৰ্বণ আৰু ব্যক্তিগত গৃহৰ সামাজিক অনুস্থানত নিশাৰ ভাগত বজোৱা লাউড স্পীকাৰৰ উচ্চ প্ৰাবল্যৰ শব্দ আৰু ফটকাৰ শব্দই শিক্ষাৰ্থীৰ অধ্যয়নত নগৰকেন্দ্ৰীক পৰিবেশৰ উপৰিও গ্ৰামাঞ্চলৰ আৱাসিক এলেকাতো ব্যাঘাত জন্মোৱা বিষয়টি প্ৰশাসনে উদ্বেগেৰে লক্ষ্য কৰাৰ পাছতেই জিলা প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰিছে৷ এনে প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকল ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা কৰিয়েই জিলা দণ্ডাধীশ দেৱ চৌধুৰীয়ে সন্ধিয়া ছয় বজাৰ পাছত লাউড স্পীকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ উপৰিও নিশা আঠ বজাৰ পাছত ফটকা ফুটোৱাতো নিষেধাজ্ঞা আৰোপ কৰিছে আৰু জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে৷ শিক্ষাৰ্থীৰ সাৰ্বিক উত্তৰণ আৰু ভৱিষ্যতৰ কথা অনুভৱ কৰি পৰীক্ষাৰ আগমুহুৰ্তত এইদৰে নিষেধাজ্ঞা জাৰি কৰা আৰু ১৪৪ ধাৰা জাৰি কৰা পদক্ষেপ অসমত এইটোৱে প্ৰথম বুলি ইতিমধ্যে চৰ্চিত হৈছে৷ দেৱ চৌধুৰীৰ স্পষ্ট অভিমত -কভিডে আমাৰ শিক্ষাৰ্থীসকলৰ বহুত ক্ষতি কৰিলে৷ এতিয়া যাতে কোনো প্ৰকাৰে শিক্ষাৰ্থীৰ অধ্যয়ন বিঘ্নিত নহয় তাৰ বাবে সকলো প্ৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা হব৷ কাৰণ শিক্ষাৰ্থী সকলেই ভৱিষ্যতৰ সম্পদ৷ জিলাখনত নিষেধাজ্ঞা জাৰি কৰা বিষয়সমূহ যিয়ে উলঙ্ঘন কৰিব তাৰেই বিৰুদ্ধে ব্যৱস্থা লোৱা হব বুলি এক নিৰ্দেশ যোগে জিলা দণ্ডাধীশ দেৱ চৌধুৰীয়ে সকিয়নি দিছে৷ উল্লেখ্য যে শিক্ষাৰ্থীসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিয়াৰ বাবে জিলাধিপতিগৰাকীয়ে জিলাখনৰ বিদ্যালয় মহাবিদ্যালয়ত ভালেমান বিষয়ত পাঠদানো কৰি আহিছে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like