নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : প্ৰতিবছৰে শীত আহিলেই ধুবুৰীৰ বৰলুইতলৈ আগমন ঘটে কেইবা প্ৰজাতিৰো পৰিভ্ৰমী চৰাইৰ। কিন্তু সেই আপুৰুগীয়া চৰাইৰ মাংসৰ প্ৰতি লোভ থকা একাংশৰ বাবে প্ৰতি বছৰে এটা চক্ৰই পৰিভ্ৰমী চৰাই ধৰি গোপনে বিক্ৰী কৰি থকাৰ দীৰ্ঘদিনীয়া এক অভিযোগো আছে। সেই অভিযোগৰ সত্যতা প্ৰতিপন্ন কৰি যোৱানিশা এক গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত ধুবুৰীৰ নিউঘাট অঞ্চলৰ পৰা ১৫টা পৰিভ্ৰমী চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। পিছত চৰাইকেইটা বন বিভাগক গতাই দিয়ে আৰক্ষীয়ে। আজি পুৱা বন বিভাগে বৰলুইতত এৰি দিয়ে পৰিভ্ৰমী চৰাইকেইটা।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী