অসমতো সোমাই আছে তালিবানীঃ দেশদ্রোহী ১৫ তালিবানীক গ্রেপ্তাৰ
- আৰক্ষীৰ জালতঃ মৌলানা ফজলুল কৰিম কাছিমী, আবুবক্কৰ ছিদ্দিক ওৰফে আফগা খান অভিলেখ, ছাইদুল হক, জাবেদ মজুমদাৰ, মজিদুল ইছলাম, ফাৰুক হুছেইন খান, চৈয়দ আহমেদ, আৰমান হুছেইন, নাদিম আখতাৰ, খণ্ডকাৰ নুৰ আলম, মৌলানা য়াছেন খান, মৌলানা বছিৰুদ্দিন লস্কৰ, মুজিবউদ্দিন, মর্তুজা হুছেইন খান, ৰফিকুল ইছলাম
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: অসমতো সোমাইছে তালিবানী বর্বৰোচিত আক্রমণ–হত্যাযজ্ঞৰ আফগানিস্তানৰ ক্ষমতা দখল কৰা তালিবানত অসমৰ কোনো লোক সদস্যভুক্ত হোৱাৰ তথ্য স্পষ্ট হোৱা নাই যদিও কুখ্যাত সন্ত্রাসবাদী সংগঠনটোক একাংশই মুকলি সমর্থন জনোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ আনকি বিশ্বজুৰি নিন্দিত তালিবান বাহিনীক ছ’চিয়েল মিডিয়াযোগে সমর্থন জনোৱা অসমৰ ভিন্ন প্রান্তৰ ১৫জনকৈ লোকক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ কার্যতঃ ‘দেশদ্রোহী মুছলমান’ ৰূপে চিহ্ণিত এই ধৃত ১৫জনৰ ভিতৰত আছে ৰাজনীতিক, মৌলানা, এম বি বি এছ পাঠ্যক্রমৰ ছাত্র, শিক্ষক–সাংবাদিক আৰু আৰক্ষীৰ জোৱানো৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ছ’চিয়েল মিডিয়াযোগে নৃশংস তালিবানৰ পক্ষত থিয় দি বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা অসম ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে এতিয়া ৰঙাঘৰত সোমাবলগীয়া হৈছে৷ আজি দিনৰ ভাগত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙে তালিবানক সমর্থন জনোৱাৰ অভিযোগত ১৪জন লোকক গ্রেপ্তাৰ কৰাৰ তথ্য নিশ্চিত কৰে৷
ইয়াৰ পাছত বাক্সা জিলাৰ শালবাৰী মহকুমা তথা গোৱর্ধনা আৰক্ষী থানাৰ অন্তর্গত কালাপানীৰ এজন ৱেব প’র্টেলৰ সাংবাদিক তথা ব্যক্তিগত খণ্ডৰ এখন শিক্ষানুষ্ঠানৰ শিক্ষক ৰফিকুল ইছলাম (২৬)ক গ্রেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙে গ্রেপ্তাৰৰ তথ্য নিশ্চিত কৰা ১৪জন ব্যক্তিৰ ভিতৰত দুজনকৈ কামৰূপ, ধুবুৰী, কৰিমগঞ্জ আৰু বৰপেটা জিলাৰ হোৱাৰ বিপৰীতে এজনকৈ হ’ল দৰং, কাছাৰ, হাইলাকান্দি, দক্ষিণ শালমাৰা, হোজাই আৰু গোৱালপাৰা জিলাৰ৷
এই লোককেইজন হৈছে দৰং জিলাৰ মৌলানা ফজলুল কৰিম কাছিমী (৪৯), কামৰূপ জিলাৰ আবুবক্কৰ ছিদ্দিক ওৰফে আফগা খান অভিলেখ (৫৫), ছাইদুল হক (২৯), কাছাৰ জিলাৰ জাবেদ মজুমদাৰ, বৰপেটা জিলাৰ মজিদুল ইছলাম (২৫), ফাৰুক হুছেইন খান (৩২), ধুবুৰী জিলাৰ চৈয়দ আহমেদ (২৭), আৰমান হুছেইন (২৫), হাইলাকান্দিৰ নাদিম আখতাৰ (২৩), দক্ষিণ শালমাৰাৰ খণ্ডকাৰ নুৰ আলম, গোৱালপাৰা জিলাৰ মৌলানা য়াছেন খান (২৬), হোজাই জিলাৰ মৌলানা বছিৰুদ্দিন লস্কৰ (৬৫), কৰিমগঞ্জ জিলাৰ মুজিবউদ্দিন আৰু মর্তুজা হুছেইন খান৷ ইয়াৰে ছাইদুল হক ২১ নং অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ জোৱান আৰু মৌলানা বছিৰউদ্দিন লস্কৰ অৱসৰপ্রাপ্ত শিক্ষক৷
অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙে এক টুইটত কয় যে তালিবান সম্পর্কত ছ’চিয়েল মিডিয়াত পোষ্ট দিয়া সম্পর্কত অসম আৰক্ষীয়ে ১৪জন লোকক গ্রেপ্তাৰ কৰিছে৷ জনসাধাৰণক ছ’চিয়েল মিডিয়াত পোষ্ট আদি দিয়াৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰাৰ বাবে কোৱা হ’ল৷ লক্ষণীয়ভাৱে ধৃত আটাইকেইজনৰ বিৰুদ্ধে বে–আইনী কার্যকলাপ প্রতিৰোধ আইন, তথ্য–প্রযুক্তি আইন আৰু ফৌজদাৰী বিধিৰ বিভিন্ন ধাৰা আৰোপ কৰি জেৰা চলাই থকা হৈছে৷
উল্লেখ্য যে নৃশংস আক্রমণেৰে পুনৰ আফগানিস্তানৰ ক্ষমতা দখল কৰা তালিবান হৈছে চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ অতি ঘনিষ্ঠ৷ আফগানিস্তানত তালিবানী পতাকা উৰুওৱাৰ পাছতেই দেশখনত লস্কৰ–ই–তৈবা, জইচ–ই–মহম্মদকে ধৰি বিভিন্ন পাকিস্তানী সংগঠনৰ প্রৱেশ ঘটাৰ বাতৰি ইতিমধ্যে প্রকাশ পাইছে৷ এনে প্রেক্ষাপটত অসমৰ পৰা এইসকল লোকে তালিবানী মানসিকতাৰে কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৰ পক্ষত থিয় দিয়াটো দেশৰ সার্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে ভাবুকিস্বৰূপ বুলি ক’ব পাৰি৷ কিয়নো ইতিমধ্যে অসমত জামাত–উল–মুজাহিদীন্, বাংলাদেশকে ধৰি কেতবোৰ মৌলবাদী সংগঠনে শ্লীপাৰ চেল গঠনেৰে নেটৱর্ক সম্প্রসাৰিত কৰাৰ তথ্য চোৰাংচোৱাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশ পাই আহিছে৷ এনে প্রেক্ষাপটত আজিৰ তথ্য–প্রযুক্তিৰ যুগত এইসকল ধর্মান্ধ ইছলামিক লোকেও জেহাদ বা সন্ত্রাসবাদৰ প্রতি আকৃষ্ট নোহোৱা বুলি ক’ব নোৱাৰি৷ ১১খন জিলাত ধৃত ১৫জনৰ তিনিজন মৌলানা আৰু এজনক বাদ দি বাকীসকল যুৱক হোৱাটো অতি মন কৰিবলগীয়া বিষয়৷
অৱশ্যে সমগ্র বিষয়টো অসম আৰক্ষীয়ে যথেষ্ট গুৰুত্ব সহকাৰে গ্রহণ কৰিছে৷ অসম আৰক্ষীৰ উপ–মহাপৰিদর্শক ভায়লেট বৰুৱাই এক টুইটত ৰাষ্ট্রীয় নিৰাপত্তাৰ বাবে ভাবুকিস্বৰূপ তালিবানীৰ সপক্ষত মন্তব্যকাৰীসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ কথা স্পষ্ট কৰি দি কৈছে যে আমি তেনেধৰণৰ লোকসকলৰ বিৰুদ্ধে অপৰাধৰ গোচৰ পঞ্জীয়ন কৰিম৷