🔹 ডিমা হাছাওৰ উমৰাংছ’ত ভয়ংকৰ অঘটন
🔹 সুৰংগৰ ভিতৰত পানীত ওপঙিছে তিনিটা মৃতদেহ
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : ডিমা হাছাও জিলাৰ অসম–মেঘালয় সীমান্তৰ ৩ কিলো কালামাটিত অৱস্থিত এটা কয়লা কোৱেৰীত প্রায় ১৫জনকৈ শ্রমিক আবদ্ধ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জিলাখনৰ উমৰাংছ’ আৰক্ষী থানাৰ পৰা প্রায় ২৫ কিলোমিটাৰ নিলগত অৱস্থিত ৩ কিলো কালামাটিত থকা আছাম কোৱেৰী নামৰ কয়লাখনিত একাংশ শ্রমিকে কয়লা খননৰ বাবে সুৰংগৰ ভিতৰত প্রৱেশ কৰে৷ প্রাপ্ত তথ্য অনুসৰি, প্রায় ৩০০ ফুট তলত থকা কয়লা খনিত ১৫জনৰো অধিক শ্রমিকে কয়লা খান্দিবলৈ ভিতৰত প্রৱেশ কৰে৷ কিন্তু কয়লাখনিৰ গভীৰতাত পানী জমা হৈ যোৱাৰ ফলত শ্রমিকসকল আবদ্ধ হৈ পৰে৷ আন এক খবৰ অনুসৰি কয়লাখনিৰ ভিতৰত প্রায় ২৭জন শ্রমিক আছিল৷ ইয়াৰে ১৭জন শ্রমিক ভিতৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় বুলি বেচৰকাৰী সূত্রে প্রকাশ৷ ইফালে, উক্ত ঘটনা সংঘটিত হোৱাৰ বহু সময় পাছত আৰক্ষীৰ দল তথা উদ্ধাৰ অভিযানৰ বাবে উদ্ধাৰকাৰী দল উক্ত স্থানত উপস্থিত হৈ ৩০০ ফুট দ’ কয়লাখনিৰ পৰা পানী নিষ্কাশনৰ বাবে অভিযান আৰম্ভ কৰে৷ উল্লেখ্য যে হোজাই জিলাৰ পৰা এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও নিশা হোৱা বাবে আজি উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ ইফালে, ডি ডি এম এই জনোৱা মতে আজি দিল্লীৰ পৰা সেনা বাহিনী আৰু এন ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিব৷ উল্লেখ্য যে ডিমা হাছাও জিলাৰ উপায়ুক্তগৰাকীয়ে ঘটনা সন্দর্ভত সবিশেষ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয়৷ শেহতীয়াকৈ জানিব পৰা মতে, সুৰংগৰ ভিতৰত জমা হোৱা পানীত তিনিটা মৃতদেহ ওপঙি থকা দেখিবলৈ পোৱা গৈছে। ড্ৰোনৰ সহায়ত মৃতদেহকেইটা প্ৰত্যক্ষ কৰা হৈছে যদিও বাতৰি লিখা পৰলৈকে উদ্ধাৰ অভিযান আছে।