🔹 ৭ অক্টোবৰত অসম আৰক্ষীৰ ৬,০০০ পদৰ বিজ্ঞাপন
ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ অক্টোবৰ : চাকৰিপ্রত্যাশী ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলৰ বাবে সুখবৰ৷ ৭ অক্টোবৰত অসম আৰক্ষীত প্রায় ৬,০০০ পদৰ বিজ্ঞাপন প্রকাশ পাব ৷ তদুপৰি এই মাহতে আন চৰকাৰী বিভাগসমূহত নতুনকৈ ১৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্রকাশ পাব৷ কালি বাক্সা–তামুলপুৰ ভ্রমণকালত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে বর্তমানৰ ৰাজ্য চৰকাৰখনে এক লাখ নিযুক্তিৰ যি প্রতিশ্রুতি দিছিল, ইতিমধ্যে সেই প্রতিশ্রুতি ৰক্ষা কৰি ৮৭ হাজাৰক নিযুক্তি দিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসম আৰক্ষীত বিভিন্ন পর্যায়ত খালী হৈ থকা প্রায় ৬,০০০টা পদ পূৰণৰ বাবে ৭ অক্টোবৰত বিজ্ঞাপন প্রকাশ কৰিব৷ একেদৰে আন বিভাগত খালী হৈ থকা ১৫ হাজাৰ পদৰ বিজ্ঞাপনো এই মাহতে প্রকাশ পাব৷ এই নিযুক্তি প্রক্রিয়া সম্পন্ন হোৱাৰ লগে লগে এক লাখ নিযুক্তিৰ প্রতিশ্রুতি পূৰণ হোৱাই নহয়, সেই সংখ্যা এক লাখ অতিক্রম কৰিব৷ মন কৰিবলগীয়া এয়ে যে ইতিমধ্যে মুখ্যমন্ত্রী ড০ শর্মাই বর্তমানৰ ৰাজ্য চৰকাৰখনে এক লাখ নিযুক্তিতে সীমাবদ্ধ নাথাকি প্রতিবছৰে নিযুক্তি প্রক্রিয়া অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে৷ আনকি অহা ৩ বছৰৰ ভিতৰত পুনৰ এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বিষয়েও প্রকাশ কৰিছে৷ তদুপৰি নিবনুৱা যুৱকক আর্থিক সকাহ দিয়াৰ বাবে চৰকাৰৰ পৰা দুই লাখ টকাকৈ দিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই ধনেৰে নিবনুৱা যুৱক–যুৱতীসকলে ক্ষুদ্র উদ্যোগ স্থাপনৰ লগতে আন আন ব্যৱসায় আদিও কৰিব পাৰিব৷ সেইদৰে আত্মসহায়ক গোটৰ সৈতে জড়িত থকা মহিলাসকলৰ প্রত্যেককে ১০ হাজাৰ টকাকৈ দিয়া হ’ব বুলি উল্লেখ কৰি কয় যে অহা নৱেম্বৰ–ডিচেম্বৰ মাহত এই সম্পর্কত চৰকাৰে প্র–পত্র বিতৰণ কৰিব৷ সেইদৰে যিসকল লোকৰ এতিয়াও ৰেচন কার্ড নাই, তেওঁলোককো আবেদন কৰিবলৈ আহ্বান জনাই অহা ডিচেম্বৰ মাহত ৰেচন কার্ড প্রদান কৰা হ’ব বুলি প্রকাশ কৰে৷ আনহাতে, অহা ১৩ অক্টোবৰত মাইক্র’ফাইনেন্সৰ পৰা ২৫ হাজাৰকৈ টকা ঋণ লোৱা মহিলাসকলক এনঅ’চি প্রদান কৰা হ’ব বুলি উল্লেখ কৰে৷ পৰৱর্তী পর্যায়ত ৫০ হাজাৰ টকা ঋণ লোৱা মহিলাসকলক এইদৰে পুনৰ এনঅ’চি প্রদান কৰি সকাহ দিয়া হ’ব৷ আনহাতে, অহা ১১–১২ অক্টোবৰত নতুনকৈ অৰুণোদয়ত ৭ লাখ হিতাধিকাৰী অন্তর্ভুক্ত হ’ব৷ সেইদৰে অহা ১৩ অক্টোবৰত নৱম শ্রেণীৰ ছাত্রীক চাইকেল বিতৰণ কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷