নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭নং ঘাইপথ সম্প্রসাৰণত কাটিব ১৫ হাজাৰ গছ

🔹 বকোত কেন্দ্রীয় মন্ত্রী সোণোৱালৰ কনভয়ৰ সন্মুখত পৰিল গছ

🔹 শিংৰাৰ ত্রিদীপ ৰাভাই পথৰ কাষৰ গছ এক্সকেভেটৰেৰে উভালি নি ৰোপণ কৰিলে ৰাজহুৱা খেলপথাৰৰ দাঁতিত

নিয়মীয়া বার্তা, ছমৰীয়া, ৪ নৱেম্বৰ : কামৰূপ জিলাৰ বকোত পূর্ণগতিত আৰম্ভ হৈছে ১৭নং ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণৰ কাম৷ যাৰ বাবে বকোৰ বন্দাপাৰা, শাখাতি, শিংৰাত ৰাষ্ট্রীয় ঘাইপথত কটা হৈছে বৃহৎ বৃহৎ গছ–গছনি৷ ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে থকা গছসমূহ কাটি পেলোৱা হৈছে৷ বকোৰ মাজেৰে পাৰ হৈ যোৱা ১৭নং ৰাষ্ট্রীয় ঘাইপথ উন্নীতকৰণেৰে চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰাৰ বাবে পথত শাৰী শাৰীকৈ থিয় হৈ থকা শ শ শাল, চেগুনকে ধৰি অন্যান্য গছসমূহ কাটি পেলোৱা হৈছে৷ স্থানীয় ৰাইজৰ মতে ঘাইপথৰ দাঁতিত থকা মূল্যৱান গছ নাকাটি সংৰক্ষণ কৰিও ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণ কৰাব পাৰিলেহেঁতেন৷ উন্নয়ন লাগিব, কিন্তু প্রকৃতি ধ্বংস হোৱাটোও নিবিচাৰোঁ৷ একেদৰে এডাল গছ কটাৰ বিপৰীতে দহটা গছপুলি ৰোপণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে৷ আনহাতে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্রাধিকাৰী বিষয়া ডিম্পী বৰাই জানিবলৈ দিছে যে প্রায় ১৫ হাজাৰ গছ ১৭নং ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণৰ বাবে কটা হ’ব যদিও বর্তমানলৈকে প্রায় ৩ হাজাৰ গছ কটাৰহে নির্দেশ আছে৷ বর্তমানলৈ সংৰক্ষিত বনাঞ্চলৰ গছ কটাৰ নির্দেশনা নাই৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তর্গত তিনিটা স্থানত হাতী অহা–যোৱা কৰা বাটৰ বাবে নিশ্চিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ পৰহি বকোৰ শিংৰা ১৭নং ৰাষ্ট্রীয় ঘাইপথত গছ কাটি থকা সময়তে কিছু মুহূর্তৰ বাবে অথন্তৰ লাগে৷ কিয়নো কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ কনভয়ৰ সন্মুখত এডাল গছ বাগৰি পৰে৷ ঘাইপথৰ দুয়ো কাষে থকা গছসমূহ কাটি থকা সময়ত গোৱালপাৰা দুধনৈৰ ৫০খন বিছনাযুক্ত আয়ুর্বেদিক চিকিৎসালয় মুকলি কৰি ওভতাৰ পথত সংঘটিত হয় এই অঘটন৷ কিছু মুহূর্তৰ বাবে মন্ত্রীগৰাকীৰ কনভয়সহ বাহনসহ ৰখাই দিয়া হয় ঘাইপথত৷ কাৰণ ঘাইপথৰ দাঁতিত কটা গছ পৰি ঘাইপথ বন্ধ হৈ পৰিছিল৷ মন্ত্রীগৰাকীৰ গাড়ী ৰখোৱাৰ লগে লগে হুৱাদুৱা লাগে ঘটনাস্থলীত৷ লগে লগে জেচিবিৰে গছসমূহ আঁতৰোৱাৰ পাছত মন্ত্রীগৰাকী সেই স্থানৰ পৰা গুৱাহাটী অভিমুখে পুনৰ যাত্রা কৰে৷ আনহাতে, শিংৰাৰ স্থানীয় যুৱক ত্রিদীপ ৰাভাই স্থানীয় কেইবাগৰাকী লোকৰ সৈতে লগ হৈ ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা এডাল আমলখি গছ জে চি বিৰ সহায়েৰে সেই স্থানৰ পৰা উভালি ৰাজহুৱা খেলপথাৰৰ দাঁতিত ৰোপণ কৰে৷

You might also like