নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬-১৭ অক্টোবৰত টিএমপিকেৰ প্ৰতিষ্ঠা দিৱস-মিচিং জাতীয় সংগঠনৰ অধিৱেশন

🔹 বৰ্ষামুখত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ব্যাপক আয়োজন

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ বৰ্ষামুখত মিচিং জাতীয় সংগঠন টি এম পি কেৰ ৫৩সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে অৱনৰি বাংকে টিএমপিকেৰ ১৭তম, এমএমকেৰ ১৬তম আৰু টিএমএমকেৰ ১৪তম ত্ৰি-বাৰ্ষিক অধিৱেশন ১৬ আৰু ১৭ অক্টোবৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাইছে টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ অৱনৰি বাংকেই ৷ বৰ্ষা বাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱা টিএমপিকেৰ ৫৩তম প্ৰতিষ্ঠা দিৱস আৰু মিচিং জাতীয় সংগঠনসমূহৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী মতে প্ৰথম দিনা পুৱা সামূহিক চাফাই, পতাকা উত্তোলন, বৃক্ষৰোপণ, মূল তোৰণ মুকলি আদিৰে আৰম্ভ কৰি সাংস্কৃতিক প্ৰতিযোগিতা আৰু প্ৰতিনিধি সভাৰে কাৰ্যসূচী সামৰণি মাৰিব ৷ দ্বিতীয় দিনা পুৱা সামূহিক চাফাই, সাংস্কৃতিক প্ৰতিযোগিতা আদিৰে আৰম্ভ কৰি “শিক্ষা আৰু সমাজ সংস্কাৰ“ শীৰ্ষক আলোচনা-চক্ৰৰ অন্তত মুকলি সভা অনুষ্ঠিত কৰি সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী ইন্দ্ৰ কুমাৰ পাতিৰ, সূৰ্য ভাস্কৰ দলে আৰু উদীয়মান কণ্ঠশিল্পী দীপাংকী দলেৰ লগতে স্বানীয় শিল্পীবৃন্দৰ কণ্ঠৰ গীতৰ মায়াজালে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে দুয়োটা দিনৰ সমূহ কাৰ্যসূচীৰ সামৰণি মাৰিব বুলি জানিবলৈ দি দুয়োটা দিনৰ সমূহ কাৰ্যসূচীতে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰে উপস্থিতি কামনা কৰিছে অৱনৰি বাংকেৰ টিএমপিকেৰ সভাপতি সঞ্জীৱ পেগু আৰু সম্পাদক প্ৰমোথেশ পাঞাং, এমএমকেৰ সভাপতি মনোৰঞ্জন পাঞাং আৰু সম্পাদক ৰমেন টাইদ আৰু টিএমএমকেৰ সভানেত্ৰী শকুন্তলা পেগু আৰু সম্পাদিকা ৰশ্মি টাইদৰ লগতে বৰ্ষামুখবাসীয়ে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like