১৬০০ কোটিটকীয়া এনআৰচিত সংঘটিত ৩০০ কোটিৰ কেলেংকাৰি
বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ছুপ্রিম ক’টত এপিডব্লিউ
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত নতুনকৈ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) প্রস্তুত কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল নাগৰিকপঞ্জী সংক্রান্ত গোচৰৰ মূল গুচৰীয়া পক্ষ আছাম পাব্লিক ৱর্কছ (এ পি ডব্লিউ)–এ৷ ন্যায়ালয়ত দাখিল কৰা শপতনামাত ৰাষ্ট্রীয় নাগৰিকপঞ্জীত সংঘটিত বহুতো দুর্নীতি তথা খেলিমেলিৰ বিস্ফোৰক তথ্য দাঙি ধৰি এ পি ডব্লিউৰ আর্জি– ইতিমধ্যে প্রস্তুত কৰা নাগৰিকপঞ্জীৰ এশ শতাংশ পুনৰীক্ষণ কৰাটো সময়ৰ দাবী হৈ পৰিছে৷ অন্যথা পূর্বৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই প্রস্তুত কৰা নাগৰিকপঞ্জীখন খাৰিজ কৰি নতুনকৈ নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়া আৰম্ভ কৰা হওক৷ সংগঠনটোৰ সভাপতি অভিজিৎ শর্মাই আজি নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰি কয়– আমি ইতিমধ্যে ৯খন শপতনামা ন্যায়ালয়ত দাখিল কৰিছেছা৷ ১০নং শপতনামাত আমি ১,৬০০ কোটি টকীয়া নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত সংঘটিত হোৱা কমেও ৩০০ কোটি টকাৰ কেলেংকাৰিৰ কথাও দাঙি ধৰিছেছা৷ ‘কেগ’ৰ প্রতিবেদনৰ আধাৰত আমি এই দুর্নীতিৰ কথা ন্যায়ালয়ক অৱগত কৰিছেছা৷ দুর্নীতিৰ প্রমাণ থকা প্রক্রিয়া এটা আমি কেনেকৈ মানি ল’ব পাৰোঁ? এই প্রশ্ণ উত্থাপন কৰি এ পি ডব্লিউৱে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাখনত নাগৰিকপঞ্জীত সংঘটিত একাধিক খেলিমেলিৰ তথ্যও দাঙি ধৰিছে৷ লক্ষণীয়ভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত এন আৰ চিৰ বর্তমান সমন্বয়ক হিতেশ দেৱশর্মাই দাখিল কৰা শপতনামাৰ ভিত্তিত এ পি ডব্লিউৱে ‘অ’ আই’ অর্থাৎ প্রকৃত বাসিন্দাৰ নামত নাগৰিকপঞ্জীত সংঘটিত এক বৃহৎ জালিয়াতিৰ কথা উচ্চতম ন্যায়ালয়ৰ সমুখত দাঙি ধৰিছে৷
নতুন দিল্লীৰ সংবাদ মেলত সংগঠনটোৰ সভাপতি শর্মাই প্রকাশ কৰা মতে, ২০১৯ চনৰ ৩১ আগষ্টত নাগৰিকপঞ্জীৰ চূডান্ত তালিকা প্রকাশৰ কিছুদিন পূর্বে কামৰূপ জিলাৰ তদানীন্তন উপায়ুক্তই ছমৰীয়া ৰাজহ চক্রত প্রায় ৬৪,২৪৭জন লোকৰ নাম প্রকৃত বাসিন্দা (অ’ আই) বুলি সন্নিৱিষ্ট হোৱা বুলি গম পাই তৎকালীন এন আৰ চি সমন্বয়ক প্রতীক হাজেলালৈ সমগ্র বিষয়টোত পুনৰীক্ষণ হোৱাটো কামনা কৰে৷ শর্মাৰ বক্তব্য– এই কথা সকলোৰে জ্ঞাত যে ছমৰীয়াৰ নিচিনা চৰ অঞ্চল এটাত ইমান বৃহৎসংখ্যক অ’ আই থকাটো অতি সন্দেহজনক বিষয়৷ লিখিত পত্র পাই শ’লঠেকত পৰি প্রতীক হাজেলাই এই ৬৪,২৪৭ৰ পৰা ৩০,৭৯১গৰাকীৰ তথ্যৰ পুনৰ পৰীক্ষা কৰে, য’ত ওলাই পৰে উক্ত ৩০,৭৯১জনৰ মাত্র ১০৭জন লোকহে প্রকৃত বাসিন্দা কিম্বা অ’ আই আছিল৷ উক্ত পৰীক্ষাত ৭,৪৪৬জনৰ নাম নাগৰিকপঞ্জীত অন্তর্ভুক্তিৰ অযোগ্য বুলি বিবেচিত হয়৷ শর্মাই প্রকাশ কৰা মতে, উক্ত ৬৪,২৪৭জন লোকৰ পৰা ৩০,৭৯১জন বাদ দিলে ৰৈ যোৱা ৩৩,৪৫৬জন লোক তাৰ পাছতো কৌশলগতভাৱে নাগৰিকপঞ্জীত অন্তর্ভুক্ত হৈ থাকে৷ ‘আমি পোৱা তথ্য মতে উক্ত সময়ত ছমৰীয়া ৰাজহ চক্রৰ চক্র বিষয়াজন আছিল এজন খাটি অসমীয়া খিলঞ্জীয়া এ চি এছ বিষয়া৷ এয়াই এন আৰ চিৰ আঁৰৰ সত্য, এয়াই এন আৰ চিৰ আঁৰৰ নিহিত হৈ থকা ষডযন্ত্র৷’ –সংবাদ মেলত পাব্লিক ৱর্কছৰ মুৰবীজনে এনেদৰে কয়৷ আনহাতে, পূর্বৰ এন আৰ চি সমন্বয়কজনে উচ্চতম ন্যায়ালয়ৰ নির্দেশনা উলংঘা কৰি কেনেদৰে আদালত অৱমাননাসদৃশ কার্যত নিয়োজিত হৈছিল, তাৰো এক নিদর্শন দাঙি ধৰিছে পাব্লিক ৱর্কছৰ মুৰব্বীজনে৷
শর্মাৰ বক্তব্য– ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশ পোৱা নাগৰিকপঞ্জীখন আছিল এখন পৰিপূৰক তালিকাহে৷ সেয়া কোনোপধ্যেই নাগৰিকপঞ্জীৰ চূডান্ত তালিকা নাছিল৷ ২০১৯ চনৰ ১৩ আগষ্টত নাগৰিকপঞ্জী সংক্রান্ত গ্রহণ কৰা শুনানিত উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ নির্দেশ দিছিল যে যিসকল লোকৰ নাম এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ বাবে যোগ্য, তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰি হার্ড কপী হিচাপে এন আৰ চি সেৱা কেন্দ্র, চক্র বিষয়াৰ কার্যালয় আৰু জিলা উপায়ুক্তৰ কার্যালয়ত উপলব্ধ কৰিব লাগে আৰু নাগৰিকপঞ্জীৰ বাবে অযোগ্য লোকসকলৰ নাম ৱেবছাইটৰ মাধ্যমেৰে প্রকাশ কৰিব লাগে৷ কিন্তু প্রতীক হাজেলাই ৩১ আগষ্টত চূডান্ত নাগৰিকপঞ্জী বুলি ২০১৮ চনৰ ৩১ জুলাইৰ পূর্বৰ খচৰা আৰু এন আৰ চিৰ পৰিপূৰক তালিকা দুখন একেলগ কৰি চূডান্ত নাগৰিকপঞ্জী বুলি ৱেবছাইটৰ জৰিয়তে প্রকাশ কৰি দিয়ে৷ শর্মাৰ মতে, যিটো কাম কৰাৰ বাবে ন্যায়ালয়ে তেওঁক কর্তৃত্ব প্রদান কৰা নাছিল৷ চূডান্ত নাগৰিকপঞ্জী প্রকাশৰ দায়িত্ব ভাৰতৰ মহাপঞ্জীয়কৰহে৷ সেয়েহে নাগৰিকপঞ্জীৰ এখন পৰিপূৰক তালিকাক চূডান্ত নাগৰিকপঞ্জী বুলি কোৱাৰ কোনো অৱকাশ নাই বুলিহে পাব্লিক ৱর্কছৰ মুৰব্বীজনে আজিৰ সংবাদ মেলত দাবী কৰে৷ আনকি পূর্বৰ এন আৰ চি সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু হ’ব লাগে বুলিও শর্মাই দাবী কৰে৷
আনহাতে, নাগৰিকপঞ্জীৰ বেক হেণ্ড ভেৰিফিকেচনক লৈও গুৰুতৰ খেলিমেলিৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে পাব্লিক ৱর্কছ৷ শর্মাই কয় যে বেক হেণ্ড ভেৰিফিকেচনৰ অর্থ হৈছে এজন লোকে যদি এঠাইৰ পৰা কিবা কাৰণত অন্য কোনো ঠাইত বসবাস কৰিবলগীয়া হৈছে, তেনে ব্যক্তিৰ কাগজ–পাতি পুনৰীক্ষণৰ বাবে পূর্বৰ ঠাইত থকা কর্তৃপক্ষলৈ প্রেৰণ কৰিব লাগে৷ পিছে এই প্রক্রিয়াত প্রায় ২৪ লাখ লোকৰ কাগজ ভুৱা বুলি তথ্য পোৱাৰ পাছতো তেওঁলোকৰ নাম নাগৰিকপঞ্জীত সন্নিৱিষ্ট কৰা হ’ল৷ আনহাতে, নথি পৰীক্ষণৰ কোনো তথ্য নোপোৱাকৈ ১৮,৫৬,৭৯৭জন লোকক বিনাপৰীক্ষাই নাগৰিকপঞ্জীত অন্তর্ভুক্ত কৰে পূর্বৰ সমন্বয়কজনে৷ এইক্ষেত্রত ডুবাইৰ পৰা অহা ধন ব্যৱহাৰ হোৱা বুলিও তেওঁ অভিযোগ তোলে৷ সেয়েহে নাগৰিকপঞ্জীৰ এশ শতাংশ পুনৰীক্ষণ কিম্বা নতুনকৈ সমগ্র প্রক্রিয়াটো আৰম্ভ কৰাৰ লগতে কেন্দ্রীয় চৰকাৰৰ জৰিয়তে ইতিমধ্যে সংঘটিত দুর্নীতি তথা খেলিমেলিৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰে পাব্লিক ৱর্কছৰ মুৰব্বী শর্মাই৷ উল্লেখ্য যে নতুন দিল্লীৰ আছাম মিডিয়া চেণ্টাৰত সম্বোধন কৰা সংবাদ মেলখনত পাব্লিক ৱর্কছৰ সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰো উপস্থিত থাকে৷