ঢকুৱাখনাত ১৬,৫৬০ হেক্টৰ ভূমিত সৰিয়হৰ খেতি
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰী : কৃষি প্ৰধান অঞ্চল ঢকুৱাখনা। প্ৰকৃতিয়ে সকলো ঢালি দিছে ঢকুৱাখনাক। প্ৰকৃতিৰ ৰম্যভূমি ঢকুৱাখনাৰ নৈৰ পাৰত লহপহকৈ বাঢ়িছে কৃষকৰ সপোন।মহাবাহু ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নৈয়ে আগুৰি ৰখা সেই ঢকুৱাখনাত এতিয়া চৌদিশে হালধীয়া হাঁহি। এই হালধীয়া বোৰ হৈছে সৰিয়হৰ।সৰিয়হ ফুলৰ চঞ্চলা হাঁহিত যৌৱনা এতিয়া ঢকুৱাখনাবাসীৰ জীৱনৰেখা স্বৰূপ চাৰিকড়ীয়া নৈৰ পাৰ। নৈৰ কাষত পাৰি দিয়া হৈছে যেন এখন সুকোমল হালধীয়া দলিচা। চকুৰে মণিব নোৱৰালৈকে কেৱল মাত্ৰ হালধীয়া আৰু হালধীয়া। যেন বসুন্ধৰাৰ ওপৰেদি উৰিছে এখন হালধীয়া চাদৰ।বিস্তৃত সৰিয়হে মোহাচ্ছন্ন কৰি তুলিছে সকলোকে। প্ৰত্যেকৰে নয়ন জুৰাইছে এতিয়া ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ হালধীয়াই।সৰিয়হ ফুলৰ হালধীয়া বৰণত এতিয়া যৌৱনা হৈ পৰিছে চাৰিকড়ীয়াৰ দুয়োটি পাৰ। শীতৰ হিমচেচা মৃদু বতাহছাটিত হালিছে-জালিছে চঞ্চলা সৰিয়হৰ হালধীয়া ফুলবোৰ। ফুলৰ ৰেণু চুমি মৌমাখিৰো গুঞ্জন। নীলিম আকাশৰ বুকু চুইছে এই হালধীয়া ৰঙে। এক মনোমোহা নৈসৰ্গিক দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তুলিছে সকলোকে।সঁচাকৈয়ে, চালে চকু ৰোৱা হৈ পৰিছে প্ৰকৃতিৰ এই নান্দনিক ৰূপ। সৰিয়হৰ সৰু সৰু হালধীয়া ফুলবোৰে হাতবাউলি মাতিছে সকলোকে। প্ৰত্যক্ষদৰ্শীয়েও নিজৰ মোবাইলত আবদ্ধ কৰিছে দৃষ্টিনন্দন পৰিবেশৰ লগতে নিজকো। চাৰিকড়ীয়া নৈৰ পলসুৱা ভূমিত লহপহকৈ বাঢ়িছে সৰিয়হৰ খেতি।শস্য সম্ভৱা পথাৰত যেন পাৰি দিয়া হৈছে এখন হালধীয়া চাদৰ। প্ৰতিবছৰৰ দৰে এইবাৰো ঢকুৱাখনাৰ কৃষকৰ হাতত প্ৰাণ পাই উঠিছে বিঘাই বিঘাই সৰিয়হৰ খেতিয়ে।লহপহকৈ বাঢ়ি অহা সৰিয়হ খেতি দৰাই মন প্রান হৰিছে এতিয়া কৃষকৰ।হালধীয়া সৰিয়হ খেতি দৰাৰ মাজত কৃষকে দেখিছে অনাগত দিনৰ সমৃদ্ধিৰ সপোন।বছৰ বছৰ ধৰি কোনোধৰণৰ চৰকাৰী সাহাৰ্য্য অবিহনেই গাঁঠিৰ ধন ভাঙি ঢকুৱাখনাৰ কৃষকে সৰিয়হৰ খেতিত আত্মনিয়োগ কৰি ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেটি টনকিয়াল কৰি অহাৰ লগতে নিজৰ পৰিয়াল পোহপাল দি আহিছে।সৰিয়হৰ হালধীয়া বৰণৰ মাজতে লুকাই আছে নৈপৰীয়াৰ সুখ-সমৃদ্ধি। বানে জুৰুলা কৰা নৈপৰীয়া কৃষকৰ দুখবোৰ মচি নিয়ে এই হালধীয়া ৰঙে। এই হালধীয়া বৰণে কৃষকলৈ কঢ়িয়াই আনে সপোনৰ সাকাৰ ৰূপ আৰু ভোগৰ ভোগালী দিন।কৃষি বিভাগৰ পৰিসংখ্যা মতে, সমগ্ৰ অসমৰ ভিতৰত ঢকুৱাখনা মহকুমাতেই সৰিয়হ উৎপাদনৰ হাৰ সৰ্বাধিক বুলি পৰিগণিত হৈছে। বিভাগীয় সূত্র মতে, ৰাজ্যৰ অন্যান্য ঠাইৰ উৎপাদিত সৰিয়হতকৈ গুণাগুণৰ দিশৰপৰাও ঢকুৱাখনাত উৎপাদিত সৰিয়হৰ তেল উৎপাদনৰ হাৰ অধিক। কৃষি বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ঢকুৱাখনা সমজিলাত এইবাৰ ১৬,৫৬০ হেক্টৰ ভূমিত কৃষকে কৰিছে সৰিয়হৰ খেতি। ঢকুৱাখনা ৰাজহ চক্ৰৰ অধীনৰ ৯,৩০০ হেক্টৰ ভূমিত সৰিয়হৰ খেতিৰ বিপৰীতে সোৱণশিৰি ৰাজহ চক্ৰৰ অধীনৰ ৭,২৪৯ হেক্টৰ ভূমিত সৰিয়হৰ খেতি কৰিছে কৃষকে।বিগত বর্ষত ঢকুৱাখনাত ১৬,৫০০ হেক্টৰ ভূমিত কৃষকে কৰিছিল সৰিয়হৰ খেতি।সম্প্ৰতি সৰিয়হবোৰ ফুলি উঠাত আনন্দিত হৈ পৰিছে খেতিয়কসকল ।চকুৰে মনিব নোৱাৰা দূৰলৈকে দেখা গৈছে মাথোঁ হালধীয়া আৰু হালধীয়া। বিগত বৰ্ষতকৈ এইবাৰ সৰিয়হৰ খেতি ভাল হোৱাত যথেষ্ট সুখী হৈ পৰিছে খেতিয়কসকল।আনহাতে, খৰচ অনুযায়ী বজাৰত পূৰ্বতকৈ সৰিয়হৰ চাহিদা কিছু পৰিমাণে বৃদ্ধি পাইছে বুলি সদৰী কৰে খেতিয়কসকলে।কৃষিজীৱি ৰাইজলৈ এতিয়া সৰিহয়ৰ খেতিয়ে বোৱাই আনিছে আশাৰ ঢল।চৰকাৰ আৰু সংশ্লিষ্ট মহলে খেতিয়কসকলক উপযুক্ত সা-সুবিধা প্ৰদান কৰিলে সৰিয়হৰ খেতিয়ে আগন্তুক দিনত কৃষিজীৱী ৰাইজক অৰ্থনৈতিকভাৱে সমৃদ্ধ হোৱাত সহায় কৰাৰ সম্ভাৱনা আছে।
প্ৰেৰক পুলকজ্যোতি বৰা