নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ১৭১টা এনকাউণ্টাৰ : মানৱাধিকাৰ আয়োগক স্বতন্ত্র তদন্তৰ নির্দেশ ছুপ্রিম ক’ৰ্ট -ৰ

🔹 ৰাজ্যত ১৭১টা এনকাউণ্টাৰ : মানৱাধিকাৰ আয়োগক স্বতন্ত্র তদন্তৰ নির্দেশ ছুপ্রিম ক’ৰ্ট -ৰ

বিশেষ বার্তা, ২৯ মে’ : ৰাজ্যত আৰক্ষীৰ ভুৱা সংঘর্ষক লৈ উত্থাপিত অভিযোগসমূহৰ স্বতন্ত্র তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়-এ অসম মানৱ অধিকাৰ আয়োগলৈ নির্দেশ জাৰি কৰিছে৷ সম্পূর্ণ স্বতন্ত্র উপায়েৰে কৰিবলগীয়া তদন্ত প্রক্রিয়াত অসম চৰকাৰে যাতে কোনোধৰণৰ বাধা নিদিয়ে তথা সম্পূর্ণ সহযোগিতা প্রদান কৰে, তাৰ বাবেও ন্যায়ালয়ে কালি নির্দেশনা জাৰি কৰে৷ ন্যায়ালয়ৰ মতে, জনৈক আবেদনকাৰী আৰিফ মহম্মদ ইয়াছমিন জোৱাদ্দাৰে উত্থাপন কৰা অভিযোগসমূহৰ কিছুমান বিষয়ক লৈ প্রশ্ণ উত্থাপিত হয় যদিও ইয়াৰ ভিত্তিত সুনির্দিষ্ট নির্দেশনা জাৰি কৰাটো সমীচিন নহয়৷ সেয়েহে ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ দুজনীয়া বিচাৰপীঠে ইয়াছমিন জোৱাদ্দাৰৰ লেখ আবেদনখন খাৰিজ কৰি অসম মানৱ অধিকাৰ আয়োগক স্বতন্ত্র তদন্তৰ নির্দেশ দিয়ে৷ উল্লেখ্য যে ২০২১ চনৰ মে’ মাহৰ পৰা ২০২২ চনৰ আগষ্ট মাহলৈকে অসম আৰক্ষীৰ দ্বাৰা সংঘটিত ১৭১টা ভুৱা সংঘর্ষৰ অভিযোগক লৈ ন্যায়ালয়ে যোৱা দুবছৰ ধৰি শুনানি গ্রহণ কৰি আছিল৷ চলিত বছৰৰ ২৫ মে’ত উক্ত আবেদনৰ শুনানি প্রক্রিয়া সমাপ্ত হৈছিল তথা ন্যায়ালয়ে ৰায়দান সংৰক্ষিত ৰাখিছিল৷ উক্ত আবেদনৰ ৰায়দান কৰি ন্যায়ালয়ে কয়- আৰক্ষীৰ এনকাউণ্টাৰৰ তদন্ত প্রক্রিয়া সন্দর্ভত উচ্চতম ন্যায়ালয়ে ২০১৪ চনত যি নীতি–নিয়ম বান্ধি দিছিল, সেয়া অসম আৰক্ষীয়ে আওকাণ কৰা বুলি আবেদনকাৰীয়ে যি অভিযোগ উত্থাপন কৰিছে তাত তথ্যগত কিছু ভুল–ভ্রান্তি থকা যেন প্রতীয়মান হয় তথা ন্যায়ালয়ৰ পক্ষত সেই বিষয়বোৰ চালি–জাৰি চোৱা সম্ভৱ নহয়৷ সেয়েহে অসম মানৱ অধিকাৰ আয়োগক সমগ্র বিষয়টো তদন্ত কৰি চোৱাৰ বাবে আমি নির্দেশনা জাৰি কৰিলোঁ৷ আৰু এই তদন্ত সম্পূর্ণৰূপে স্বতন্ত্র তথা দ্রুত সম্পন্ন কৰাৰো আমি নির্দেশ প্রদান কৰিলোঁ৷ আমি এয়া নিশ্চিত কৰিব বিচাৰোঁ যে আৰক্ষীৰে হোৱা সংঘর্ষৰ ভুক্তভোগী তথা তেওঁলোকৰ পৰিয়ালে যাতে ন্যায্য সুযোগ লাভ কৰে৷ ন্যায়ালয়ে লগতে অসম মানৱ অধিকাৰ আয়োগক ওজৰ–আপত্তিসমূহ ফঁহিয়াহ চাবলৈ শীঘ্রে ৰাজহুৱা জাননী জাৰি কৰিবলৈকো নির্দেশ দিয়ে৷ এইক্ষেত্রত অভিযোগকাৰী সংশ্লিষ্ট ব্যক্তিৰ গোপনীয়তা ৰক্ষা কৰাৰ লগতে বিষয়টোৰ সংবেদনশীলতা অক্ষুণ্ণ ৰখাৰ নির্দেশ দিয়ে৷ ন্যায়ালয়ে এইক্ষেত্রত অসম ৰাজ্যিক আইনী সেৱা প্রাধিকৰণক ভুৱা সংঘর্ষৰ অভিযোগৰ ভুক্তভোগী পৰিয়ালক আইনী সাহায্য প্রদান কৰাৰো নির্দাশনা জাৰি কৰে৷

You might also like