🔹 তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান
বাৰ্তা বুৰো, ৩০ ডিচেম্বৰ : অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অৰ্থ সাহায্যত তিৱা মাথনলাই তখ্ৰাৰ দ্বাৰা প্ৰকাশিত ১৮খন গ্ৰন্থ মৰিগাঁও পবিতৰা হাটত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনীত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাই, তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লালচিং মাদাৰ, শিল্পী ৰূপকৃষ্ণ পাটৰ, ডা পুনিৰাম পাটৰকে ধৰি বহু বিশিষ্ট ব্যক্তি। উল্লেখ্য যে অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অধীনত তিৱা সাহিত্য সভাই এই গ্ৰন্থসমূহ প্ৰকাশ কৰিছে। তিৱা সাহিত্য সভাৰ সম্পাদক ডঃ বিদ্যুৎ বিকাশ সেনাপতিয়ে আঁত ধৰা এই অনুষ্ঠানটিত উন্মোচিত গ্ৰন্থসমূহ হ’ল- তিৱা সাহিত্য সভাৰ বুৰঞ্জী (লেখক- শৰৎ চন্দ্ৰ পাটৰ), Aikhore mung (লেখক- প্ৰাঞ্জিত দেউৰী), mukhli ৰিংচাং (সম্পাদনা- গণেশ সেনাপতি), Phan shunga (লেখক- লালচিং মাদাৰ), তিৱা মাথনলাই তখ্ৰাৰ মুখপত্ৰৰ নিৰ্বাচিত প্ৰবন্ধ (সম্পাদনা- যোগেশ্বৰ বৰদলৈ), Mekdo Tiwa Matkhop phera (লেখক- দ্বীপেন্দ্ৰ নাথ বৰদলৈ), Phukul khume maha (মূল- মৃণাল চন্দ্ৰ কলিতাৰ গ্ৰন্থ-বকুল ফুলৰ দৰে, তিৱা অনুবাদ-নীলুটি মাচলাই), tiwa pheseology (লেখক-বিজয়চিং মাছলাই আৰু বিপ্তচিং খলাৰ), tiwa none mal-murja (লেখক-হৰচিং খলাৰ), tiwa mat sigaina naw (লেখক- ডি উফিং মাছলাই), বেজৰ মায়াজাল (লেখক- ৰত্নেশ্বৰ বৰদলৈ), তখ্ৰাৰ স্মৃতিগ্ৰন্থৰ নিৰ্বাচিত প্ৰবন্ধ -সমাহাৰ (সম্পাদক- মৃণাল কুমাৰ দেওৰজা), tiwa mat polon (লেখক-প্ৰাঞ্জিত দেউৰী), Ayushot (কবি- জয়ন্ত কুমাৰ মান্তা,ৰূপান্তৰ সেনাপতি,ময়ত্ৰি পাটৰ), গণেশ সেনাপতিৰ ৰচনাৱলী (সম্পাদক- ড০ জ্যোতিৰ্ময় বৰদলৈ), awthe khorong (লেখক- জনাৰ্দন পাটৰ), Dr.Bhupen hazarika kit (অনুবাদক- ড০ বিদ্যুৎ বিকাশ সেনাপতি। সভাত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, মৰিগাঁও, নগাঁও, কামৰূপ, গুৱাহাটী মহানগৰ, কাৰ্বি আংলং জিলাৰ তিৱা সাহিত্য সভাৰ জিলা আৰু শাখা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সাহিত্যানুৰাগী সন্মানীয় ব্যক্তিসকল উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল দাস