নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ ১৮জনৰ ৰক্তদান 

🎯 ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ সহযোগ
নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ সহযোগত কালি টংলাৰ আছুৰ কাৰ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। দিনৰ ১১ বজাত ভেৰগাঁও মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাই উদ্বোধন কৰা এই অনুষ্ঠানত সমাজকৰ্মী শেখৰ মজুমদাৰ, টংলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ মেধি, ৰক্তদাতা ক্ৰমে সুমিত সাহা, কন্দৰ্প ডেকা, কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ প্ৰধান সচিব গণেশ দত্ত আদি উপস্থিত থাকে। ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ সুজয় কৰ্মকাৰ নেতৃত্বত হোৱা এই শিবিৰত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ মুঠ ১৮জনে ৰক্তদান কৰে। ৰক্তদান কৰা আছু কৰ্মীসকল হ’ল ক্ৰমে উপদেষ্টা ৰিংকু ডেকা, সভাপতি নাৰায়ণ দাস, সাধাৰণ সম্পাদক কংকন দাস, শিক্ষা সম্পাদক মিণ্টু নাথ, বিত্তীয় সম্পাদক জ্যোতিৰ্ময় দত্ত, সদস্য ক্ৰমে ভাস্কৰজ্যোতি পাঠক, বিশ্বজিৎ দাস, নাৰায়ণ চহৰীয়া, মনোৰঞ্জন পাঠক, চিণ্টুমণি বণিয়া, চিত্তৰঞ্জন দত্ত, ভূষণ সূত্ৰধৰ, ৰাজীৱ শইকীয়া, লিখন ডেকা, অনুপম শৰ্মা, শৈলেন চহৰীয়া, নিতু ৰাভা আৰু অসীম নাথ। এই অনুষ্ঠানত ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ ধজেন্দ্ৰ বসুমতাৰী, বিন্নামিন দৈমাৰী, বিনিতা ভেংৰা, প্ৰিয়ংকা ম’হালী, বিউটি ডেকা, বেনেডিক মুছাহাৰীয়ে সহযোগ কৰে। আছুৰ এনে পদক্ষেপক সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
প্ৰেৰক বাপন শৰ্মা
You might also like