নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাথাৰকান্দিত উদ্ধাৰ ১৯ কোটিৰ য়াবা, আটক ৩, জব্দ দুখন বাহন

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ শ্ৰীভূমি আৰক্ষীয়ে পাথাৰকান্দিৰ পেটেলনগৰ অঞ্চলৰ পৰা প্ৰায় ১৯ কোটি টকাৰ মূল্যৰ ইয়াবা টেবলেটসহ তিনিজন চোৰাং কাৰবাৰী গ্ৰেপ্তাৰ কৰিছে। মিজোৰামৰ পৰা শ্ৰীভূমিৰ পাথাৰকান্দিলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰে। ইয়াৰ উপৰিও আৰক্ষীয়ে জব্দ কৰে দুখন বাহন। আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ নং ৮ৰ পেটেলনগৰ অঞ্চলত এই সফলতা লাভ কৰে। জানিব পৰা মতে, গোপন সূত্ৰৰ ভিত্তিত পেটেলনগৰ অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ নং ৮ত আৰক্ষী অধীক্ষকে আৰক্ষী বাহিনী লৈ বাহৰ পাতিছিল। এটা সময়ত পথৰ কাষেৰে পাৰ হৈ যোৱা দুখন বিলাসী গাড়ী জব্দ কৰি তালাচী চলাই গাড়ীখনত লুকুৱাই ৰখা ৭৫ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰা হয়। একে সময়তে আৰক্ষীয়ে এই ইয়াবা সৰবৰাহৰ সৈতে জড়িত তিনিজন চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা দুখন বাহন আৰক্ষীয়ে জব্দ কৰে। ধৃত তিনিগৰাকী হ’ল হুছেইন আহমদ, নাজিম উদ্দিন আৰু আব্দুল্লা খাইৰ। তেওঁলোকৰ ঘৰ কাছাৰ জিলাত বুলি উল্লেখ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, জব্দ কৰা য়াবা টেবলেটসমূহৰ বজাৰ মূল্য প্ৰায় ১৯ কোটি টকা হ’ব।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like