নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন গেমৰ সুযোগ লৈ দুষ্ট চক্রই মহিলাৰ একাউণ্টৰ পৰা হৰলুকী কৰিলে ১৯ লাখ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ দেশজুৰি সবাতোকৈ বিপজ্জনক খেল হিচাপে পৰিচিত ম’বাইল ফোনৰ অনলাইন পাবজি গেমক লৈ সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়া অব্যাহত থকাৰ মাজতেই এইবাৰ শিৱসাগৰত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা৷ নাবালক পুত্রই মাতৃৰ ম’বাইল ফোনেৰে অনলাইন পাবজি গেম খেলি থকাৰ সময়তেই এটা অজ্ঞাত চক্রই ১৯ লাখ টকা পৰিয়ালটোৰ একাউণ্টৰ পৰা উলিয়াই নিয়াৰ এক ভয়ংকৰ ঘটনাই সমগ্র জিলাখনতেই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

ইতিমধ্যে নাবালক পুত্রৰ বাবে ১৯ লাখকৈ টকা হেৰুৱাবলগীয়া হোৱা বগীদল নিৱাসী জিতু দত্ত নামৰ ব্যক্তিজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত জয়সাগৰ আৰক্ষীয়ে মেটেকা ৰাংচলীয়া গাঁৱৰ নিতুল গগৈৰ পুত্র নিপুৰাজ গগৈ (২১)ক গ্রেপ্তাৰ কৰাৰ লগতে চহৰৰ গৌৰৱ নগৰৰ একে পৰিয়ালৰ দুই নাবালক পুত্রক আটক কৰাৰ বাতৰি পোৱা গৈছে৷ দাখিল কৰা এজাহাৰৰ পৰা জানিব পৰা মতে বগীদল নিৱাসী কুইপ’ কোম্পানীৰ অভিযন্তা জিতু দত্ত আৰু ৰুমী দত্তৰ সপ্তম শ্রেণীত অধ্যয়নৰত পুত্রই বিগত কেইটামান দিনৰ পৰা ম’বাইল ফোনেৰে অনলাইন পাবজি গেম খেলিছিল৷

অনলাইন এই গেমৰ সময়তেই ৰাংচলীয়া গাঁৱৰ নিপুৰাজ গগৈ নামৰ যুৱকজনৰ লগতে বাইপাছৰ গৌৰৱ নগৰ নিৱাসী সপ্তম আৰু অষ্টম শ্রেণীত অধ্যায়নৰত দুই ভাতৃৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল৷ একে সময়তেই খেলৰ মাজেদিয়েই ঘনিষ্ঠতা বৃদ্ধি পোৱা নিপুৰাজ গগৈ নামৰ যুৱকজনে মাতৃৰ ম’বাইল লৈ পাবজি গেম খেলি থকা বগীদল নিৱাসী ৰুমী দত্তৰ নাবালক পুত্রক বিভিন্ন কৌশল প্রয়োগেৰে মাতৃৰ ম’বাইল ফোনত নেট বেংকিং ব্যৱস্থা সংযোজন কৰে৷ চতুৰ নিপুৰাজে ৰুমী দত্তৰ নাবালক পুত্রৰ অজ্ঞতাৰ সুযোগ লৈ বেংকৰ সকলো গোপনীয় তথ্য সংগ্রহ কৰাৰ লগতে গেম খেলাৰ মাজতেই ছলনাময়ী কথাৰে ইউ পি পি আই নম্বৰ সংগ্রহ কৰি ৰুমী দত্তৰ নামত থকা আই চি আই চি আই বেংকৰ পৰা ১৯ লাখ টকা সৰকাই নিয়ে৷ কাৰিকৰীভাৱে অতি পাকৈত নিপুৰাজে বেংকৰ পৰা মাতৃৰ ম’বাইললৈ অহা অ’ টি পিও নাবালক পুত্রৰ সৰলতাৰ সুযোগ লৈ সংগ্রহ কৰি মুঠ ১৯ লাখ টকা আত্মসাৎ কৰে৷

ইতিমধ্য পলমকৈ অৱগত হোৱা বগীদলৰ দুর্ভগীয়া পৰিয়ালটোৱে প্রৱঞ্চক নিপুৰাজ গগৈসহ গৌৰৱ নগৰৰ দুই নাবালকৰ বিৰুদ্ধে জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিতেই জয়সাগৰ আৰক্ষীয়ে কালি নিশাই মেটেকা ৰাংচলীয়া গাঁৱৰ পৰা নিপুৰাজ দত্তক কৰায়ত্ত কৰাৰ লগতে গৌৰৱ নগৰৰ পৰা দুই নাবালক ভাতৃ সোধা–পোছাৰ বাবে আটক কৰে৷

বগীদলৰ দুর্ভগীয়া পৰিয়ালটোৱে এজাহাৰত নাম উল্লেখ কৰাৰ বাবেই কৰায়ত্ত কৰা নাবালক ভাতৃদ্বয়ক নিশা প্রজ্ঞালয় নামৰ শিশুগৃহটোত ৰখা হয়৷ ইতিমধ্যে জয়সাগৰ আৰক্ষী চকীত ৰুজু হোৱা ১১১৪/২০২১ নম্বৰৰ গোচৰৰ লগতে ভাৰতীয় দণ্ডবিধি ৪২০/৪০৬ ধাৰাত নিপুৰাজ গগৈক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰাত জে’ললৈ প্রেৰণ কৰে৷

ইফালে এজাহাৰত নাম উল্লেখ কৰা দুই নাবালক ভাতৃৰ এই প্রৱঞ্চনাৰ গোচৰত কোনো হাত নাই বুলি তদন্তকাৰী বিষয়া লোকনাথ বসুমতাৰীয়ে স্পষ্ট কৰি দিয়ে৷ বাতৰি প্রেৰণ কৰালৈকে গ্রেপ্তাৰ কৰা নিপুৰাজৰ জিম্মাৰ পৰা কোনো নগদ ধন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও কাইলৈৰ পৰা নিপুৰাজে হৰলুকী কৰা ধনসমূহ ট্রেন্সফাৰ কৰা একাউণ্টকেইটা পৰীক্ষা কৰিলেহে প্রকৃত ছবিখন পোহৰলৈ আহিব বুলি সন্দেহ প্রকাশ কৰিছে৷ অৱশ্যে ইয়াৰ মাজতেই এই ভয়ংকৰ জালিয়াতি কাণ্ডৰ লগত নিপুৰাজৰ সৈতে আন তৃতীয় ব্যক্তি জডিত থকাৰ সন্দেহ নুই কৰা নাই তদন্তকাৰী বিষয়াগৰাকীয়ে৷

You might also like