নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডত বিৰোধীবিহীন চৰকাৰ ৰিঅ’ৰ নেতৃত্বলৈ সকলো দলৰ নিঃচর্ত সমর্থন

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ ৰাজনীতিত এক অভূতপূর্ব পৰিঘটনা৷ নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিঅ’ ৰিঅ’ নেতৃত্বাধীন চৰকাৰলৈ নিঃচর্ত সমর্থন জনাই বিৰোধীশূন্য হ’ল চুবুৰীয়া ৰাজ্যখন৷ ইয়াৰ লগে লগে বহুচর্চিত এন এছ চি এন (আই–এম)ৰে শান্তি আলোচনাৰ বিষয়টোৱে নতুন গতি লাভ কৰা বুলি ধাৰণা কৰা হৈছে৷

বিৰোধীশূন্য নাগালেণ্ডৰ শাসকীয় গোষ্ঠীৰ নতুন নামকৰণ কৰা হৈছে ইউনাইটেড ডেম’ক্রেটিক এলায়েন্স ৰূপে৷ য’ত অংশগ্রহণ কৰিছে এন ডি পি পি, বিজেপি, এন পি এফ আৰু নির্দলীয়া বিধায়কসকলে৷

উল্লেখ্য যে শেহতীয়াকৈ নাগালেণ্ডৰ ৰাজ্যপাল তথা এন এছ চি এন (আই–এম)ৰে শান্তি আলোচনাৰ মধ্যস্থতাকাৰী আৰ এন ৰবিক চুবুৰীয়া ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী পদৰ পৰা আঁতৰোৱা হৈছিল৷ তাৰ পাছৰে পৰাই বহুচর্চিত শান্তি আলোচনাৰ বিষয়টোৱে নতুনকৈ চর্চালৈ আহে৷ কিন্তু অভাৱনীয়ভাৱে বিৰোধী শিবিৰে চৰকাৰী পক্ষক সমর্থন জনোৱা বিষয়টোৱে উত্তৰ–পূর্বাঞ্চলৰ ৰাজনীতিত কার্যতঃ বিশেষ চর্চা লাভ কৰিছে৷

উল্লেখ্য যে যোৱা ১৯ জুলাইত নাগালেণ্ডৰ বিৰোধী দল এন পি এফে মুখ্যমন্ত্রী নেফিঅ’ ৰিঅ’ক নগা ৰাজনৈতিক সমস্যাৰ শীঘ্রে সমাধানকল্পে এখন স্মাৰক–পত্র দাখিল কৰিছিল৷ ইয়াৰ পৰৱর্তী সময়ত মুখ্যমন্ত্রী নেফি’ ৰি’ই বিষয়টো ইতিবাচক ৰূপে গ্রহণ কৰে৷ মন কৰিবলগীয়া যে শাসক–বিৰোধী শিবিৰে উমৈহতীয়াভাৱে ইউনাইটেড ডেম’ক্রেটিক এলায়েন্স গঠন কৰা বিষয়টো ইতিমধ্যে নাগালেণ্ড বিধানসভাৰ অধ্যক্ষকো অৱগত কৰিছে৷

নাগালেণ্ড বিধানসভাৰ অধ্যক্ষকলৈ এই সন্দর্ভত প্রেৰণ কৰা পত্রত কোৱা হৈছে– ‘বর্তমান পর্যন্ত আমি ইউনাইটেড ডেম’ক্রেটিক এলায়েন্সৰ পদবীত কাকো অধিষ্ঠিত কৰা নাই যদিও এই বিষয়টোত মুখ্যমন্ত্রীয়ে সিদ্ধান্ত গ্রহণ কৰিব৷’ চৰকাৰী মুখপাত্র নেইবা ক্র’নুৱে সংবাদ প্রতিষ্ঠানৰ আগত সদৰী কৰা মতে, নগা শান্তি আলোচনা প্রক্রিয়া সমাধানকল্পেই এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

You might also like