প্রথম পর্যায়ত ৪৪খন আসনত জয়ী হ’ব মিত্রজোঁটঃ ড০ শর্মা
আজি সামৰণি পৰিব প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ আজি সন্ধিয়া ৬ বজাৰ লগে লগে সামৰণি পৰিব প্রথম পর্যায়ত অহা ২৭ মার্চত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া ৪৭ সমষ্টিৰ নির্বাচনী প্রচাৰ অভিযান৷ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত কোনো ব্যক্তিয়ে নির্বাচনী প্রচাৰ সম্পর্কীয় কোনো ধৰণৰ সভা, শোভাযাত্রা অনুষ্ঠিত কৰিব নোৱাৰিব৷ এইক্ষেত্রত এইবাৰ নির্বাচন আয়োগ যথেষ্ট কঠোৰ হৈছে৷ নির্বাচন আয়োগে বুধবাৰে এক প্রেছ বিজ্ঞপ্তিযোগে স্পষ্ট কৰি দিছে যে জনপ্রতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬ অনুসৰি নির্বাচনৰ প্রতিটো পর্যায়তে ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা পূর্বে প্রার্থীসকলে নির্বাচনী প্রচাৰ সমাপ্ত কৰিব লাগিব৷ সেই অনুসৰি প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত আজি সন্ধিয়া ৬ বজাত নির্বাচনী প্রচাৰৰ অন্ত পেলাব লাগিব৷ এই সময়ছোৱাত ৰেডিঅ’, টেলিভিছন আদি গণ মাধ্যমসমূহতো প্রচাৰকার্য বন্ধ কৰিব লাগিব৷ তদুপৰি ভোটাৰসকলক আকর্ষিত কৰিব পৰা কোনো মনোৰঞ্জনধর্মী অনুষ্ঠান আয়োজনৰ পৰাও এই সময়ছোৱাত বিৰত থাকিব লাগিব৷ এগ্জিট পল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নির্বাচনী ফলাফলৰ পূর্বানুমানো এই সময়ছোৱাত ঘোষণা কৰিব নোৱাৰিব৷
কেইবাটাও পর্যায়ত কেইবাখনো ৰাজ্যত একেলগে নির্বাচন অনুষ্ঠিত হোৱা বাবে সকলো ৰাজ্যৰ সকলো পর্যায়ৰ ভোটগ্রহণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছতহে এগ্জিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নির্বাচনী ফলাফল ঘোষণা কৰিব পাৰিব বুলি বিজ্ঞপ্তিটোত নির্বাচন বিভাগে স্পষ্ট কৰি দিছে৷ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে ভোটদাতাসকলৰ বাবে ভোটগ্রহণৰ আগমুর্হূতত এক শান্তিপূর্ণ পৰিৱেশ সৃষ্টি কৰাই এই নিষেধাজ্ঞাৰ উদ্দেশ্য৷ এই নিষেধাজ্ঞা
উলংঘা কৰিলে জৰিমনাৰ সৈতে বা জৰিমনা অবিহনে দুবছৰ পর্যন্ত কাৰাবাস খাটিব লাগিব৷ আনহাতে, এইবাৰ বিধানসভা নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ২,৩৩,৭৪,০৮৭গৰাকী ভোটাৰৰ নাম তালিকাভুক্ত হৈছে৷ ইয়াৰ ভিতৰত ১,১৮,২৩,২৮৬গৰাকী পুৰুষ, ১,১৫,৫০,৪০৩গৰাকী মহিলা আৰু ৩৯৮গৰাকী তৃতীয় লিংগৰ৷ ইয়াৰ উপৰি ৬৩,০৭৪গৰাকী ছার্ভিচ ভোটাৰ আছে৷ প্রথম পর্যায়ৰ নির্বাচনত ৮১,০৯,৮১৫গৰাকী (পুৰুষ ৪০,৭৭,২১০জন, মহিলা ৪০,৩২,৪৮১গৰাকী আৰু ১২৪ তৃতীয় লিংগ) ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি নির্বাচনী যুঁজত অৱতীর্ণ হোৱা ২৬৫গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷
সেইদৰে দ্বিতীয় পর্যায়ত ৭৩,৪৪,৬৩১গৰাকী (পুৰুষ ৩৭,৩৪,৫৩৭জন, মহিলা ৩৬,০৯,৯৫৯গৰাকী আৰু ১৩৫ তৃতীয় লিংগ) ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ তৃতীয় পর্যায়ত ৭৯,১৯,৬৪১গৰাকী (পুৰুষ ৪০,১১,৫৩৯জন, মহিলা ৩৯,০৭,৯৬৩গৰাকী আৰু ১৩৯ তৃতীয় লিংগ) ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ মন কৰিবলগীয়া এয়ে যে প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৭টা সমষ্টিৰ ভিতৰত ৩,১১,৬৬০গৰাকী ভোটাৰেৰে জোনাই সমষ্টিত আটাইতকৈ বেছি ভোটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৩৬৪গৰাকী ভোটদাতা আছে৷ সেইদৰে দ্বিতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৩৯টা সমষ্টিৰ ভিতৰত ২,৬৫,৮৮৬গৰাকী ভোটদাতাৰে হোজাই সমষ্টিত আটাইতকৈ অধিক ভোটদাতা থকাৰ বিপৰীতে হাওৰাঘাট সমষ্টিত আটাইতকৈ কম ১,৩২,৩৩৯গৰাকী ভোটদাতা আছে৷
একেদৰে তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪০টা সমষ্টিৰ ভিতৰত দিছপুৰ সমষ্টিত সর্বাধিক ৪,১১,৬৩৬গৰাকী ভোটদাতা থকাৰ বিপৰীতে চাপাগুৰি সমষ্টিত সর্বনিম্ন ১,৫৯,২৫৭গৰাকী ভোটদাতা আছে৷
ইপিনে প্রথম পর্যায়ৰ নির্বাচনত বিজেপি মিত্রজোঁটে ৪৪টা সমষ্টিত জয়লাভ কৰিব বুলি বুধবাৰে মন্তব্য কৰিছে নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৭টা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত বিজেপি মিত্রজোঁটে জয়লাভ নকৰে৷ ৪৪টা সমষ্টিতে তেওঁলোকে বিজয় সাব্যস্ত কৰিব৷ ইফালে প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৭টা সমষ্টিৰ ভিতৰত নাওবৈচাত সর্বাধিক ১২গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ বোকাখাতত ১১গৰাকী, ধিং–তিনিচুকীয়াত ১০গৰাকী, ৰূপহীহাটত ৯গৰাকী, বিহপুৰীয়াত ৮গৰাকী, তেজপুৰ–ঢ়েকীয়াজুলি– ৭গৰাকী, খুমটাই–শিৱসাগৰ–জ্ ৬গৰাকী, বিশ্বনাথ–টীয়ক–মাজ্ ৫গৰাকী, বৰছলা–বিহালী–গহ ৪গৰাকী, চতিয়া–গোলাঘাট–মৰি আৰু ডিগবৈত তিনিগৰাকীকৈ প্রার্থী নির্বাচনত অৱতীর্ণ হৈছে৷