নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতি ভোটাৰে ৮, মুছলমান ভোটাৰে ৪, হিন্দীভাষী–বাঙালী–নেপালীয়ে নির্ণয় কৰিব ৩ সমষ্টিৰ ফলাফল

প্রথম পর্যায়ৰ নির্বাচনৰ ১৫ সমষ্টিত জটিল অংক

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত অধিকাংশতেই চাহ জনগোষ্ঠীয় ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰাৰ সমান্তৰালভাৱে জনজাতি–নেপালী–হিন্ হিন্দু–সংখ্যালঘু ভোটাৰৰ ওপৰতো নির্ভৰশীল হৈ আছে বহু সমষ্টি৷ জনগাঁথনিগত দিশৰ পৰাই স্পষ্ট হৈ পৰিছে এই ছবিখন৷ ৮টাকৈ সমষ্টিত জনজাতি ভোটাৰৰ ওপৰতে নির্ভৰশীল হৈ আছে নির্বাচনী ফলাফল৷ ঢ়কুৱাখনা সমষ্টিত মুঠ ভোটাৰৰ ৪৪ শতাংশই হৈছে জনজাতি ভোটাৰ৷ সেইদৰে ধেমাজি সমষ্টিত ৩৬ শতাংশ জনজাতি ভোটাৰ আছে৷ জোনাই সমষ্টিত সর্বাধিক ৭৭ শতাংশ ভোটাৰেই হৈছে জনজাতি লোক৷ মাজুলীত জনজাতি ভোটাৰ হৈছে ৪৩ শতাংশ৷ গহপুৰত আছে ২৯ শতাংশ জনজাতি ভোটাৰ৷

একেদৰে চতিয়াত ২৬ শতাংশ, বিহপুৰীয়াত ২০ শতাংশ, লখিমপুৰত ২০ শতাংশ জনজাতি ভোটাৰ আছে৷ এই জনজাতি ভোটাৰসকল মূলতঃ মিচিং, বড়ো, সোণোৱাল কছাৰী সম্প্রদায়ৰ৷ সেয়ে উক্ত সমষ্টিকেইটাত নির্বাচনৰ ফলাফল বহু সময়ত জনজাতিসকলৰ ভোটৰ ওপৰতে নির্ভৰ কৰি আহিছে৷ তদুপৰি বিশ্বনাথত ৯ শতাংশ, ঢ়েকীয়াজুলিত ৯ শতাংশ, বৰছলাত ১৪ শতাংশ, বোকাখাতত ১৫ শতাংশ, সৰুপথাৰত ৯ শতাংশ, কলিয়াবৰত ৮ শতাংশ জনজাতি ভোটাৰ আছে৷ এই সমষ্টিকেইটাৰ নির্বাচনী ফলাফলতো জনজাতি ভোটাৰসকলৰ স্থান উলাই কৰিব পৰাবিধৰ নহয়৷

আনহাতে প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া চাৰিটা সমষ্টিত সম্পূর্ণৰূপে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে মুছলমান ভোটাৰে৷ সেই সমষ্টিকেইটা হৈছে– ধিং, বটদ্রৱা, ৰূপহীহাট আৰু চামগুৰি৷ ধিং সমষ্টিৰ মুঠ ভোটাৰৰ ৯০ শতাংশই হৈছে মুছলমান সম্প্রদায়ৰ৷ বটদ্রৱা সমষ্টিত ৪৭ শতাংশ ভোটাৰ মুছলমান৷ সমষ্টিটোত ৩ শতাংশ বড়ো ভোটাৰো আছে৷ ৰূপহীহাট সমষ্টিত ৮১ শতাংশ ভোটাৰেই হৈছে মুছলমান৷ চামগুৰি সমষ্টিত ৪১ শতাংশ ভোটাৰ মুছলমান৷ সমষ্টিটোত ৬ শতাংশ জনজাতি ভোটাৰ আছে৷ সেয়ে স্বাভাৱিকতে এই ৪টা সমষ্টিত নির্বাচনী ফলাফলত মুছলমান ভোটাৰে সদায় নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷

ইয়াৰ উপৰি বিশ্বনাথত ১৬ শতাংশ, ঢ়েকীয়াজুলিত ১৫ শতাংশ, বৰছলাত ১৮ শতাংশ, তেজপুৰত ২৩ শতাংশ, ৰঙাপৰাত ১২ শতাংশ, কলিয়াবৰত ১৪ শতাংশ, নাওবৈচাত ৩০ শতাংশ, লখিমপুৰত ১৩ শতাংশ মুছলমান ভোটাৰ আছে৷ সেয়ে এই সমষ্টিকেইটাতো মুছলমান ভোটাৰৰ স্থিতি নির্বাচনী ফলাফলত গুৰুত্বপূর্ণ হিচাপে চিহ্ণিত হৈ আহিছে৷

ইপিনে, ডিব্রুগড়, তিনিচুকীয়া আৰু মার্ঘেৰিটা সমষ্টিত হিন্দীভাষী, নেপালী আৰু বাঙালী হিন্দু ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰে৷ ডিব্রুগড় সমষ্টিত ২৬ শতাংশ বাঙালী হিন্দু আৰু ১১ শতাংশ হিন্দীভাষী ভোটাৰ আছে৷ সেইদৰে তিনিচুকীয়া সমষ্টিত ২৭ শতাংশ বাঙালী হিন্দু, ১৫ শতাংশ হিন্দীভাষী আৰু ৪ শতাংশ নেপালী ভোটাৰ আছে৷ মার্ঘেৰিটা সমষ্টিত ১৫ শতাংশ নেপালী, ১৪ শতাংশ বাঙালী হিন্দু আৰু ৩ শতাংশ হিন্দীভাষী ভোটাৰ আছে৷

ইফালে, হিন্দীভাষী, বাঙালী আৰু নেপালী ভোটাৰে কমেও ৮টা সমষ্টিৰ জয়–পৰাজয়ত নির্ণায়ক ভূমিকা ল’ব পৰা অৱস্থাত আছে৷ সমষ্টিয়ে সমষ্টিয়ে জনবিন্যাস ভিন্ন ধৰণৰ হোৱাৰ বাবেই প্রতিটো নির্বাচনতে প্রতিটো ৰাজনৈতিক দলে ভিন্ন ভিন্ন জনগোষ্ঠীয় নেতাক নির্বাচনী প্রচাৰৰ কামত নিয়োজিত কৰিবলৈ বাধ্য হৈ আহিছে৷ এইবাৰো তাৰ ব্যতিক্রম হোৱা নাই৷ কংগ্রেছে জনজাতিক আকর্ষিত কৰিবলৈ হাগ্রামা মহিলাৰীক নির্বাচনী প্রচাৰত নিয়োজিত কৰা দেখা গৈছে৷ ইয়াৰ বিপৰীতে জনজাতিৰ ভোট বিজেপিৰ পক্ষত আনিবলৈ কর্মক্ষেত্রত নামি ইটোৰ পিছত সিটো সমষ্টি ঘূৰিছে ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো৷

You might also like