প্রথম বছৰতে এক লাখক চৰকাৰী চাকৰি, পাঁচ বছৰত দহ লাখক জীৱিকা
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ অসমত বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ হ’লে প্রথম বছৰটোতে এক লাখক চাকৰি আৰু পাঁচ বছৰত ১০ লাখ যুৱক–যুৱতীক জীৱিকাৰ ব্যৱস্থা কৰি দিয়াৰ প্রতিশ্রুতি দিছে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত মার্ঘেৰিটা আৰু নাজিৰাত আয়োজিত বিশাল নির্বাচনী সভাত ভাষণ দি বিত্তমন্ত্ৰী ড০ শর্মাই কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ কয় যে অসমত নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে পাঁচ বছৰত আমি ১০ লাখ যুৱক–যুৱতীক জীৱিকাৰ ব্যৱস্থা কৰি দিম৷ প্রথম বছৰতে ১ লাখ ল’ৰা–ছোৱালীক আমি চৰকাৰী চাকৰি দিম৷ এই সংকল্পৰ কথা আমি আপোনোলোকৰ আগত দোহাৰিছোঁ৷ অৰুণোদয় আঁচনিৰ অধীনত এতিয়া ৮৩০ টকাকৈ লাভ কৰে৷ আমি সিদ্ধান্ত লৈছোঁ– যিসকল মহিলা অৰুণোদয় আঁচনিৰ অন্তর্ভুক্ত হোৱা নাই, আমি তেওঁলোককো সামৰি ল’ম৷ তদুপৰি অৰুণোদয় আঁচনিৰ মাহিলি ধন ৮৩০ টকাৰ পৰা পর্যায়ক্রমে তিনি হাজাৰ টকালৈ বৃদ্ধি কৰাৰো তেওঁ প্রতিশ্রুতি দিয়ে৷ স্বয়ম আঁচনিৰ প্রসংগ উল্লেখ কৰি বিত্তমন্ত্রী ড০ শর্মাই পুনৰ কয় যে আমি ১৫ লাখ যুৱক–যুৱতীক স্বয়ম আঁচনিৰ সুবিধা দিম৷
অহা বছৰতে ২ লাখক স্বয়ম আঁচনিৰ অধীনলৈ অনাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ৷ দুয়োখন বিশাল নির্বাচনী সভাত কংগ্রেছ–এআইইউডিএফক্ চোকা সমালোচনা কৰি তেওঁ কয় যে কংগ্রেছক ভোট দিয়া মানে মোগল আৰু বদৰুদ্দিন আজমলক দিছপুৰত ৰঙাদলিচা পাৰি দিয়া৷ সেয়া হ’লে অসম আৰু অসমীয়া সভ্যতা বিপদাপন্ন হ’ব৷ মার্ঘেৰিটাৰ নির্বাচনী সভাখনত ভাষণ দি তেওঁ আধুনিক পদ্ধতিৰে মার্ঘেৰিটাত কয়লাৰ খনন চলোৱা, জাগুনত এখন স্নাতক মহাবিদ্যালয় স্থাপন, মার্ঘেৰিটা মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি, মার্ঘেৰিটা অসামৰিক চিকিৎসালয়ক ২০০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ আৰু দিহিং–পাটকাই ক্রীড়া প্রকল্প স্থাপনৰো প্রতিশ্রুতি দিয়ে৷ সেইদৰে নাজিৰাৰ নির্বাচনী সভাখনত ভাষণ দি তেওঁ কংগ্রেছ বিধায়িনী দলৰ দলপতি তথা বিধায়ক দেৱব্রত শইকীয়াক তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰে৷ নাজিৰা ক্রীড়া সন্থাৰ খেলপথাৰত আয়োজিত সভাখনত তেওঁ কয় যে বিধায়ক দেৱব্রত শইকীয়াৰ অকর্মণ্যতাৰ বাবেই উন্নয়নৰ ক্ষেত্রত নাজিৰা শেষৰ পাঁচটা সমষ্টিৰ ভিতৰত অৱস্থান কৰিছে৷
‘অসমত পুনৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত’
আজি মার্ঘেৰিটাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত বিশাল নির্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে অসমত পুনৰ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত৷ আগন্তুক বিধানসভাৰ নির্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰখন শাসনৰ ক্ষমতালৈ অনাৰ বাবে জনসাধাৰণে ইতিমধ্যে সংকল্পবদ্ধ হৈছে৷ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা–ভাষী, ধর্মাৱলম্বী লোকৰ সহযোগত ২০১৬ চনৰ নির্বাচনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বলিষ্ঠ নেতৃত্বত যেতিয়া প্রচাৰ অভিযান চলিছিল, সেই সময়ত প্রধানমন্ত্রীয়ে এখন বিকশিত অসম নির্মাণৰ বাবে প্রতিশ্রুতি দিছিল৷ সেই প্রতিশ্রুতি অনুযায়ী ৰাজ্যখনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ গঠন হৈছিল৷ এখন দুর্নীতিমুক্ত সমাজ নির্মাণ, সন্ত্রাসবাদমুক্ত শান্তিৰ অসম গমি তোলাৰ লগতে বিকশিত অসম আৰু সমন্বয়ৰ অসম গঢ় দিয়াৰ বাবে প্রতিশ্রুতি দিছিল৷ সেই প্রতিশ্রুতি যোৱা ৫ বছৰত ৰাজ্য চৰকাৰখনে লক্ষ্য অনুসৰি কর্ম পথাৰত সফলতা লাভ কৰিছে৷ কংগ্রেছৰ দীর্ঘদিনীয়া অপশাসন আৰু দুর্নীতিৰ বাবে ৰাজ্যখনৰ প্রশাসন যন্ত্রটো ভাঙি পৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে জনসাধাৰণৰ পৰা শাসন ব্যৱস্থাটো বহু দূৰলৈ গুচি গৈছিল৷ জনসাধাৰণৰ শাসন যন্ত্রৰ ওপৰত সম্পূর্ণৰূপে বিশ্বাস নোহোৱা হৈছিল৷
কংগ্রেছে অপৰিষ্কাৰ কৰা এনে শাসন ব্যৱস্থাক পৰিষ্কাৰ কৰি বর্তমানৰ ৰাজ্য চৰকাৰে লোৱা বলিষ্ঠ ভূমিকাৰ বাবে আজি প্রশাসন ব্যৱস্থাটো ৰাইজৰ অনুকূলে গতি কৰিছে৷ আজি চৰকাৰী চাকৰি লাভ কৰিবলৈ কোনো উৎকোচ দিব নালাগে৷ প্রার্থীসকলে মেধাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ সততা, নিষ্ঠাৰে কাম কৰিলে মানুহে ভাল পায়৷ তেওঁ কয় যে যোৱা ৫ বছৰত চৰকাৰখনে কৰা কাম–কাজৰ বাবে প্রগতিৰ গতি ত্বৰান্বিত হৈছে৷ এই কথা জনসাধাৰণে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা কোনো আঁচনিৰে ধন আত্মসাৎ হোৱা নাই৷ এয়া সততা আৰু নিষ্ঠাৰ জ্বলন্ত উদাহৰণ বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীয়ে মিলিত হৈ শক্তিশালী আৰু সমন্বয়ৰ সমাজ গঢ় দিবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বলিষ্ঠ পদক্ষেপৰ বাবে উগ্রপন্থীয়ে অস্ত্র ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে৷
ফলত সন্ত্রাসবাদমুক্ত অসম গঢ়াৰ ক্ষেত্রত উল্লেখযোগ্যে সফলতা লাভ কৰাটো সম্ভৱ হৈছে৷ তেওঁ কয় যে মার্ঘেৰিটা অসমৰ ভিতৰতে এক উল্লেখযোগ্য সমষ্টি৷ কাৰণ এই সমষ্টি পাৰ হ’লে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ আৰু বিদেশী ৰাষ্ট্র ম্যানমাৰলৈ যাব পাৰি৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘এক্ট ইষ্ট পলিচী’ৰ জৰিয়তে সোণালী সুযোগ আনি দিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ইয়াক আমি সকলোৱে সদ্ব্যৱহাৰ কৰিব লাগিব৷ যাতায়াত আৰু যোগাযোগৰ মাধ্যমেৰে মার্ঘেৰিটাক আগুৱাই নিয়াৰ বাবে আজি যথেষ্ট সুযোগৰ সৃষ্টি হৈছে৷ অদূৰ ভৱিষ্যতে মার্ঘেৰিটা ভাৰতৰ অন্যতম বাণিজ্যিক কেন্দ্র হিচাপে পৰিগণিত হ’ব৷ ইয়াৰ পিছতে মুখ্যমন্ত্রী সোণোৱালে তিনিচুকীয়া আৰু চাবুৱাত আয়োজিত বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি বিকাশৰ যাত্রা অব্যাহত ৰখাৰ বাবে বিজেপি তথা ইয়াৰ মিত্রজোঁটৰ প্রার্থীসকলক বিপুল পৰিমাণৰ ভোটদানেৰে জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়৷