Covid Update: ৰাজ্যত দেওবাৰে ৪গৰাকীৰ মৃত্যু, নতুনকৈ আক্রান্ত ২০৪গৰাকী
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ ৰাজ্যখনত ক্রমশঃ ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটিছে যদিও মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে৷ দেওবাৰৰ দিনটোতো ৰাজ্যখনত ক’ভিডত আক্রান্ত ৪গৰাকী লোকৰ মৃত্যু হয়৷ ইয়াৰ লগে লগে অসমত এতিয়ালৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০৬গৰাকীলৈ বৃদ্ধি পালে৷
স্বাস্থ্য মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷
ইপিনে দেওবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ২০৪ গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ আনহাতে কালিৰ দিনটোত ৮৭৫৩ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷
আনহাতে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত কালিৰ দিনটোত ২৯৬১ গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷