নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত ২ আমেৰিকানক গ্রেপ্তাৰ, বিহিলে জৰিমনা

🔹 পর্যটকৰ পৰিচয়েৰে অসমত খ্রীষ্টানলৈ ধর্মান্তৰকৰণৰ জাল

বার্তা ব্যুৰ’, ৪ ফেব্রুৱাৰী : ৰাজ্যখনৰ বুকুত মাথোঁ দেশখনৰ একাংশ অশুভ শক্তিয়েই নহয়, বিদেশৰ পৰা অহা লোকেও তৰিছে ধর্মান্তৰকৰণৰ জাল৷ এইদৰে ধর্মান্তৰকৰণৰ অপচেষ্টাত লিপ্ত দুগৰাকী আমেৰিকাৰ নাগৰিকক তেজপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি আর্থিক জৰিমনা বিহে৷ দুয়োগৰাকী নাগৰিকে পর্যটকৰ ৰূপত অসমলৈ আহিছিল৷ কিন্তু ৰাজ্যখনৰ সৌন্দর্য সুধা পান কৰাৰ বিপৰীতে দুয়ো লিপ্ত হয় খ্রীষ্টান ধর্মৰ প্রচাৰত৷ শোণিতপুৰ আৰক্ষীয়ে এই অভিযোগ লাভ কৰাৰ পাছত ১ ফেব্রুৱাৰীত দুয়োজন আমেৰিকাৰ নাগৰিকক গ্রেপ্তাৰ কৰে৷ কালি দুয়োকে ৫০০ মার্কিন ডলাৰকৈ জৰিমনা বিহি যাবলৈ দিয়া হয়৷ উল্লেখ্য যে একাংশ লোকে দেশৰ লগতে অসমৰ দৰিদ্র, নিছলা তথা জনজাতীয় সমাজখনক দীর্ঘদিন ধৰি ধর্মান্তৰকৰণৰ লক্ষ্য হিচাপে লৈ আহিছে৷ তাৰে একাংশ বিদেশৰ৷ কিন্তু বিদেশৰ পৰা ধর্মান্তৰকৰণ আৰু ধর্ম প্রচাৰৰ বাবে অহা লোকসকলৰ বেছিভাগেই এই কার্য গোপনে তথা অবৈধভাৱে সম্পাদন কৰে৷ তেওঁলোকে দেশৰ আইনী ব্যৱস্থাটোৰ চকুত ধূলি দি ধর্মান্তৰকৰণৰ জালখন তৰে৷ ইয়াৰ বাবে মূলতঃ দৰিদ্র, নিছলা আৰু জনজাতীয় সমাজখন তেওঁলোকে বাছনি কৰি লয়৷ প্রণিধানযোগ্য যে ভাৰতীয় আইন ব্যৱস্থা অনুসৰি দেশখনলৈ ধর্মীয় অনুষ্ঠানত অংশগ্রহণৰ বাবে সুকীয়া ভিছাৰ ব্যৱস্থা আছে৷ কিন্তু চতুৰ তথা স্বার্থজড়িত লোকসকলে সেই পন্থা অৱলম্বন নকৰি দেশখনলৈ সহজে আহিব পৰা পর্যটকৰ ভেশ লয়৷ পর্যটক ভিছাত ভাৰতলৈ আহি তেওঁলোকে ধর্মান্তৰকৰণৰ কামত নামি পৰে৷ এইদৰে যোৱা এক ফেব্রুৱাৰীত পর্যটক হিচাপে অসমত প্রৱেশ কৰিছিল দুই আমেৰিকান নাগৰিক জন মেথিউ বুন আৰু মাইকেল জেমছ ফ্লিনচাম৷ দুয়ো তেজপুৰ বেপ্টিষ্ট খ্রীষ্টান মিছনেৰীৰ চিকিৎসালয়ত ধর্মীয় প্রচাৰ চলোৱা বুলি অভিযোগ উঠিছিল৷ এই সন্দর্ভত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে জনোৱা মতে, জন মেথিউ বুনে পাছপ’ৰ্ট নম্বৰ ৬৪৪৫৩৯১৮৬ আৰু জেমছ ফ্লিনচামে ৬৮১০২২৮৮৭ নম্বৰৰ ট্যুৰিষ্ট ভিছাত ভাৰতলৈ আহে৷ দুয়ো এক ৰাজহুৱা ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰে৷ অনুষ্ঠানটো তেজপুৰৰ বেপ্টিষ্ট খ্রীষ্টান মিছন চিকিৎসালয় (মিছন চাৰিআলি) চৌহদত অনুষ্ঠিত হৈছিল৷ এই সন্দর্ভত কাছাৰী গাঁও আৰক্ষীয়ে জিডিই ০৩/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি দুয়োকে গ্রেপ্তাৰ কৰে৷ আজি দুয়োজনকে ৫০০ মার্কিন ডলাৰকৈ (৪১,৪৮৬ টকাকৈ) জৰিমনা বিহি মুকলি কৰি দিয়ে৷ দুয়োজন আমেৰিকান নাগৰিকৰ এনে কার্যই পুনৰ প্রতিপন্ন কৰিলে যে অসম তথা দেশখনত গোপন আৰু অবৈধ উপায়েৰে খ্রীষ্টান ধর্মৰ প্রচাৰ আৰু আগ্রাসন চলি আছে৷

 

প্ৰেৰক পুলক ডেকা

You might also like