নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ অৰুণোদয় ৩.০ আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ গইনালৈ ধুবুৰী পৌৰসভা এলেকাকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ দালাল শ্ৰেণীৰ লোকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঠিক সেই সময়তে ভূক্তভোগীৰ এজাহাৰ মৰ্মে জিলাখনৰ গৌৰীপুৰ আৰক্ষীয়ে অৰুণোদয় ৩.০ আঁচনিৰ হিতাধিকাৰীৰূপে নাম সন্নিবিষ্ট কৰাৰ বাবে ধন প্ৰদান কৰাৰ পিছতো নিজৰ নাম সন্নিবিষ্ট নোহোৱাৰ অভিযোগ তুলি দুগৰাকী কৈ ভূক্তভোগী মহিলাৰ এজাহাৰ মৰ্মে জিলাখনৰ গৌৰাপুৰ আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
বিশ্বৰ বিভিন্ন দেশত বিচাৰাধীন বন্দী দহ সহস্রাধিক ভাৰতীয়
ঘটনা সন্দৰ্ভে জানিব পৰা মতে, গৌৰীপুৰৰ মধুশৌলমাৰী দ্বিতীয় খণ্ড গাওঁৰ ছাকেৰা বিবি নামৰ এগৰাকী মহিলাই অৰুণোদয় আঁচনীৰ হিতাধিকাৰীৰ তালিকাত নাম সন্নিবিষ্ট কৰাৰ বিনিময়ত তেওঁকে ধৰি অইন মহিলাৰ পৰা ২ হাজাৰ টকা সংগ্ৰহ কৰাৰ পিছতো কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ তুলি গৌৰীপুৰ থানাত গাওঁখনৰেই তিনিজন ব্যক্তিৰ বিৰূদ্ধে এখন এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰৰ ভিত্তিত তদন্ত চলাই ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে আব্দুছ চাত্তাৰ নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ। ঠিক অনুৰূপে গৌৰীপুৰৰেই বানিয়ামাৰী সপ্তম খণ্ড গাওঁৰ বছিৰণ বেওৱা নামৰ আন এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত ৰহিজ উদ্দিন নামৰ অইন এজন ব্যক্তিকে গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। কেৱল গৌৰীপুৰেই নহয়, ধুবুৰীৰ একাংশ গাওঁ পঞ্চায়ত আৰু ধুবুৰী পৌৰসভাৰ বিশেষ কেইটামান ৱাৰ্ডতে অৰুণোদয় ৩.০ আঁচনিৰ হিতাধিকাৰীৰ তালিকাত ব্যাপক খেলিমেলি হোৱাৰো অভিযোগ উঠা পোৱা গৈছে। তাৰেই পৰিপ্ৰেক্ষিতত বিষয়টো লৈ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে হস্তক্ষেপ কৰাৰ কামনা কৰিছে বহুতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী