নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীপকোৰ হঠকাৰিতাত লখিমপুৰত মহাপ্রলয়, মৃত ২

🔹 নীপকোৰ হঠকাৰিতাত লখিমপুৰত মহাপ্রলয়, মৃত ২

🔹 ৰাজ্যত আগবাৰিষাৰ প্রথমটো বানৰ বিভীষিকা

বিশেষ বাৰ্তা, ১ জুন : ৰাজ্যত আগবাৰিষাৰ প্রথমটো বানে বিভীষিকাৰ সূচনা কৰিছে৷ বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত ৰাজধানী মহানগৰ গুৱাহাটীক কৃত্রিম বানে মহাসাগৰলৈ পর্যবসিত কৰাৰ সমান্তৰালভাৱে প্রান্তে প্রান্তে বৃদ্ধি পাইছে নৈ–উপনৈৰ জলস্তৰ৷ পৰিণতিত পানীৰ কোবাল সোঁতে মথাউৰি–ৰিংবান্ধ ছিঙি তাণ্ডৱৰ সৃষ্টি কৰিছে৷ এই বানৰ প্রধান কাৰকৰূপে চিহ্ণিত হৈছে তিনিটা জলবিদ্যুৎ প্রকল্প ক্রমে ৰঙানদী, কার্বি লাংপি আৰু কপিলী জলাধাৰৰ অতিৰিক্ত পানীভাগ এৰি দিয়াটো৷ সম্পূর্ণ হঠকাৰী সিদ্ধান্তৰে নীপকোৱে ৰঙানদীৰ জলবিদ্যুৎ প্রকল্পৰ অতিৰিক্ত জলৰাশি শুকুৰবাৰে নিশা ৪খন গেটেৰে এৰি দিয়াৰ ফলত লখিমপুৰত মহাপ্রলয়ৰ সৃষ্টি কৰিছে৷ ৰঙানদীপৰীয়া জিলাখনৰ বৃহত্তৰ অঞ্চল সম্প্রতি পানীৰ তলত৷ তদুপৰি কালিৰ দিনটোতে লখিমপুৰত দুজন বন্যার্তৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ মৃত লোক দুজন হ’ল ন–ভগনীয়াৰ বীৰেন পেগু আৰু যোৰহাট ডাম্বুকিয়ালৰ ৰাজ কুমাৰ টাইদ৷ তদুপৰি বোকাখাতৰ কুৰুৱাবাহী নগঞা গাঁৱত এটি ৭ বছৰীয়া শিশু আৰু নুমলীগড়ৰ কানাই ঘাটত গান্ধী গড় নামৰ এজন লোকেও বাঢ়নী পানীত প্রাণ হেৰুৱায়৷ সেইদৰে কার্বি আংলং জিলাৰ কার্বি লাংপি জলবিদ্যুৎ প্রকল্পৰ ৫খন গেট খুলি দিয়াৰ ফলত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বৰপানী নদীৰ জলপৃষ্ঠ৷ বৰপানী নদীৰ বানে ৰহা বিধানসভা সমষ্টিৰ ২৭খনৰো আধিক গাঁও বুৰাই পেলাইছে৷ ডিমা হাছাও জিলাত থকা কপিলী জলবিদ্যুৎ প্রকল্পৰ ৭খন গেট খুলি দিয়াৰ লগে লগে ফেনে–ফোটোকাৰে উপচি পৰিছে কপিলী নৈ৷ যাৰ কাৰণে নগাঁও জিলাত বান পৰিস্থিতি জটিল হোৱাৰ আশংকা কৰা হৈছে৷ কামপুৰত সম্প্রতি কপিলী নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ৯২ চেণ্টিমিটাৰ আৰু খেৰণিত ১.২৪ মিটাৰ ওপৰেৰে বৈ আছে৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য অনুসৰি বর্তমানপর্যন্ত ১২খন জিলা বানৰ কবলত পৰিছে৷ এই জিলাকেইখন হ’ল– ধেমাজি, দক্ষিণ শালমাৰা, লখিমপুৰ, ডিব্রুগড়, গোলাঘাট, দৰং, নগাঁও, কার্বি আংলং, কামৰূপ, বিশ্বনাথ, তিনিচুকীয়া আৰু পশ্চিম কার্বি আংলং৷ উক্ত জিলাকেইখনৰ ২০টা ৰাজহ চক্রৰ অন্তর্গত ১৭৫খন গাঁৱৰ মুঠ ৫৮,০৯১জন লোক বানত ক্ষতিগ্রস্ত হৈছে৷ বানত জাহ গৈছে ৭৯১.৩২ হেক্টৰ কৃষিভূমি৷ চৰকাৰীভাৱে জানিবলৈ দিয়া মতে, এতিয়ালৈকে কার্বি আংলং জিলাত তিনিটা আৰু লখিমপুৰ জিলাত ৯টা সাহায্য শিবিৰ–সাহায্য বিতৰণ কেন্দ্র স্থাপন কৰা হৈছে৷ ইফালে, গুৱাহাটীত কৃত্রিম বানে অবর্ণনীয় পৰিস্থিতি সৃষ্টি কৰাৰ লগতে ভয়ংকৰ ভূমিস্খলনত প্রাণহানি ঘটে শিশু–মহিলাসহ ৫জনৰ৷

নীপকোৱে এৰি দিয়া পানীয়ে কৰিছে জলপ্রলয় , চৌদিশে হাহাকাৰ পৰিস্থিতি

বিশেষ বার্তা, লখিমপুৰ : লখিমপুৰত এতিয়া চৌদিশে হাহাকাৰ পৰিস্থিতি৷ নীপকোৱে ৰঙানদীত এৰি দিয়া ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ অতিৰিক্ত জলৰাশিয়ে মহাপ্রলয় সূচনা কৰিছে৷ শুকুৰবাৰে এক আৰু দুহ নং গেট খুলি দিয়াৰ পাছত পৰহি নিশা পুনৰ চাৰিখন গেটেৰে ৮ হাজাৰ মিলিমিটাৰ পানী পর্যন্ত এৰি দিয়ে৷ পৰিণতিত বিশেষকৈ ৰঙানদীপৰীয়া অঞ্চলসমূহত সাগৰসদৃশ পৰিস্থিতি সৃষ্টি হয়৷ ৰাস্তা–পদূলি, ঘৰ–বাৰী সকলো পানীত ডুব যায়৷ ঘৰৰ ভিতৰত এবুকু–একঁকাল পর্যন্ত পানী হয়৷ পোহনীয়া জীৱ–জন্তু, সা–সম্পত্তি সকলো পানীত উটি যায়৷ ৰাইজে কোনোমতে টেবুল–চকী–বিছনাৰ ওপৰত উঠি প্রাণৰক্ষা কৰিবলগীয়া হয়৷ অনাহাৰে–অনিদ্রাই কাল নিশাটোত জলপ্রলয়ৰ কবলত পৰা ৰাইজে উদ্ধাৰ কৰিবলৈ চিঞৰ–বাখৰ কৰি, ফোনযোগে বাহিৰৰ লোকক কাকূতি কৰে৷ পিছে ধাৰাসাৰ বৰষুণ আৰু ঘনঘোৰ আন্ধাৰৰ লগতে চৌদিশে দোকালটকা বানৰ মাজত তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাহিল৷ পুৱাৰ পৰা এছডিআৰএফে উদ্ধাৰ অভিযানত নামে যদিও বিশাল এলেকাত পর্যাপ্ত হোৱা নাই৷ যাৰ বাবে জলবন্দী হৈ পৰে শ শ পৰিয়াল৷ ৰঙানদীপৰীয়া পাঁচনৈ এলেকাৰ ভালেখিনি গাঁৱৰ সহস্রাধিক পৰিয়ালৰ ঘৰ–বাৰী ডুব যায়৷ পাঁচনৈ এলেকাৰ মূল পথটোৰ প্রায় এশ মিটাৰ প্রবল পানীৰ সোঁতে ছিঙি পেলায়৷ এলেকাটোৰ বহু ঘৰ কোবাল সোঁতে উটুৱাই লৈ যায়৷ সা–সম্পত্তি, পোহনীয়া জীৱ–জন্তু উটি যোৱাৰ লগতে মৃত্যুমুখত পৰে৷ উল্লেখ্য যে পানীত আবদ্ধ হৈ ন–ভগনীয়াত বীৰেন পেগু নামৰ এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে৷ কেৱল পাঁচনৈ অঞ্চলেই নহয়, পহুমৰাৰ বিস্তীর্ণ অঞ্চলতো বানে সংহাৰ মূর্তি ধাৰণ কৰিছে৷ আটিচুক এলেকাৰ লগতে অন্য এটা স্থানৰ দুটা পথ ৰঙানদীৰ প্রলয়ংকৰী বানে ছিগি পেলায়৷ পহুমৰা–কিমিন সংযোগী মূল পথৰ ওপৰেৰে একঁকাল–এবুকু পর্যন্ত পানী বাগৰিছে৷ যাৰ বাবে অৰুণাচলৰ সৈতে যাতায়াত সম্পূর্ণ ব্যাহত হৈ পৰে৷ মাজগাঁও, গেন্ধালী আদি এলেকাৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত বিস্তীর্ণ এলেকাত ৰঙানদীৰ পানীৰ কোবাল সোঁত৷ দুপৰীয়া পর্যন্ত বন্ধ হৈ পৰে ৰাষ্ট্রীয় ঘাইপথটোৰে যাতায়াত৷ খলিহামাৰী–মাজগাঁৱকে ধৰি বিশাল অঞ্চল এটাৰ ৪০খনৰো অধিক গাঁও বানৰ কবলত পৰিছে৷ চৌদিশে কেৱল হাহাকাৰময় পৰিৱেশ৷ অনাহাৰে–অনিদ্রাই উজাগৰী নিশা পাৰ কৰি এতিয়া বন্যাপ্রৱণ অঞ্চলৰ ৰাইজ জীৱন–সম্পত্তি ৰক্ষাৰ মৰণপণ যুঁজত নামিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে লখিমপুৰৰ এনে ভয়াৱহ পৰিস্থিতিৰ মূল হোতা হ’ল নীপকো৷ নীপকোক কমকৈ ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দিবলৈ সকলোৱে সদায় দাবী জনাই আহিছে যদিও নীপকোৱে কর্ণপাত কৰা নাই৷ জলাধাৰৰ পৰা একেলগে বহুত বেছি পৰিমাণে পানী এৰি দিয়াৰ ফলত এনে মহাপ্লাৱন সৃষ্টি হৈছে৷ এই লৈ অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শহকীয়াই কয় যে নীপকোৱে ৰঙানদীপৰীয়া ৰাইজক মাৰিব খুজিছে৷ কমকৈ পানী এৰিবলৈ ক’লেও নীপকোৱে শুনা নাই৷ চৰকাৰে আমাক এনকাউণ্টাৰ কৰিলেও কৰিব৷ আমি নীপকোৰ ডেম ভাঙি দিম৷ আনহাতে পাঁচনৈ, পহুমৰা, নাওবৈচাৰ সমানে পানীগাঁও আৰু আমতলাতো প্রলয়ংকৰী বান৷ নীপকোৰ হঠকাৰী কার্যত ধন–জন হেৰুৱাই মূল্য ভৰিবলগীয়া হৈছে লখিমপুৰবাসীয়ে৷ যোৱা ৩৬ ঘণ্টাৰো অধিক সময় নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ জলাধাৰৰ পৰা অতিৰিক্ত জলৰাশি এৰি আছে৷ চাৰিখনকৈ গেটেৰে ৮ হাজাৰ মিলিমিটাৰ পর্যন্ত পানী এৰি দিছে নীপকোৱে৷ পৰিণতিত লখিমপুৰত মহাপ্লাৱনৰ সৃষ্টি হৈছে৷ নগৰৰ নামনিৰ দিশে পানীগাঁও, আমতলা আদিতো ২৫খনমান গাঁও প্রবল বানৰ কবলত পৰিছে৷ তদুপৰি আমতলা নগৰ গাঁও এলেকাত ৰঙানদীৰ বানে এটা ৰিংবান্ধ দুশ মিটাৰমান ছিঙি পেলায়৷ ৰিংবান্ধ ছিঙি সোমোৱা পানীয়ে মাজৰ চাপৰি, নেপালী গাঁও, আমতলাকে ধৰি পাঁচখন গাঁও বুৰাই পেলাইছে৷ পুৱা বান্ধটো ছিঙি এক বিস্তীর্ণ অঞ্চলত প্রলয়ৰ সূচনা কৰে ৰঙানদীয়ে৷ আনহাতে, যোৰহাট ডাম্বুকিয়ালত আৰু এজন লোকৰ মৃত্যু হয়৷ তেওঁ ৰাজ কুমাৰ টাহদ (৫৫) বুলি জানিব পৰা গৈছে৷ চৌদিশে হোৱা প্রবল বানত ঘৰৰ পৰা ওলাব নোৱাৰি ঘৰতেই তেওঁৰ মৃত্যু হয়৷ অঞ্চলটোৰ প্রায় ৩০খনৰো অধিক গাঁও বানৰ কবলত পৰিছে৷ চৌদিশে কেৱল হাহাকাৰ পৰিস্থিতি৷ বন্যা কবলিত এলাকাৰ ৰাইজে জীৱন–সম্পত্তি ৰক্ষাৰ যুঁজত নামিবলগীয়া হৈছে৷ এনে ভয়াৱহ পৰিস্থিতি সৃষ্টিৰ নেপথ্যৰ শক্তি নীপকোক সকলোৱে শাওপাত দিছে৷ সমানে নীপকোক নিয়ন্ত্রণ কৰিব নোৱাৰা বাবে চৰকাৰৰ ওপৰতো ক্ষোভ উজাৰিছে৷

You might also like