উত্তৰ-পূবৰ ২ IAS কেডাৰ-ক বাণিজ্য-অসামৰিক বিমান পৰিবহণৰ সচিব নিযুক্তি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জুন : উত্তৰ-পূবৰ বাবে বহু গুৰুত্বপূৰ্ণ আমোলাতন্ত্ৰিক সালসলনিত উত্তৰ-পূবৰ কেডাৰৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ ২জন বিষয়াক কেন্দ্ৰীয় বাণিজ্য আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
অসম-মেঘালয় কেডাৰৰ ১৯৯৪ বেচৰ আই এ এছ বিষয়া সমীৰ কুমাৰ সিনহাক অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সম্পাদক হিচাপে নিযুক্তি দিয়াৰ লগতে মণিপুৰ কেডাৰৰ ১৯৯৪ বেটচৰ আই এ এছ বিষয়া ৰাজেশ আগৰৱালক বাণিজ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ব্যয় বিভাগৰ সচিব হিচাপে বদলি হোৱা ৱুমলুনমাং ৱুয়ালনামৰ ঠাইত সমীৰ কুমাৰ সিনহাক স্থলাভিষিক্ত হৈছে।
পূৰ্বে সিনহাই প্ৰতিৰক্ষা মন্ত্ৰালয়ত অতিৰিক্ত সচিব আৰু সঞ্চালকপ্ৰধান (অধিগ্ৰহণ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব আৰু বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিবকে ধৰি অসম ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীতো তেওঁ অধিষ্ঠিত হৈছিল৷ সিনহাই দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
অহা ৩০ ছেপ্টেম্বৰত সুনীল বৰথৱালৰ অৱসৰৰ পাছতে ৰাজেশ আগৰৱালাই বাণিজ্য সচিব হিচাপে দায়িত্ব ল’ব। তেতিয়ালৈকে আগৰৱালাই বাণিজ্য বিভাগত বিশেষ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
বৰ্তমান আগৰৱালে আমেৰিকাৰ সৈতে ভাৰতৰ বাণিজ্যিক আলোচনাৰ নেতৃত্ব দিয়ে আৰু ১০খন দেশৰ আছিয়ান (এছ’চিয়েচন অৱ চাউথ ইষ্ট এছিয়ান নেশ্যনছ) ব্লকৰ সৈতে সামগ্ৰীৰ মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনাৰ তদাৰক কৰে। অষ্ট্ৰেলিয়া আৰু পেৰুৰ সৈতে প্ৰস্তাৱিত বিস্তৃত বাণিজ্যিক চুক্তিৰ বাবেও তেওঁ আলোচনাৰ নেতৃত্ব দিয়ে। ইয়াৰ উপৰি তেওঁ কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ দায়িত্বত আছে।
২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত ৰাজেশ আগৰৱালাই মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু মণিপুৰ চৰকাৰৰ শক্তি আৰু গৃহ বিভাগৰ প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যনৰ কাৰ্যবাহী সঞ্চালক আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ যুটীয়া সচিব আদিও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে।