নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ শিঙিমাৰীত পথ দুৰ্ঘটনাত আহত ২

নিয়মীয়া বাৰ্তা, ২৮ জুন : ৰূপহীহাটৰ শিঙিমাৰীত আজি পুৱাৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন তীব্ৰবেগী চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুগৰাকী বাইক আৰোহী ৷ স্থানীয় ৰাইজৰ তৎপৰতাত আহত হোৱা বাইক আৰোহী দুজনক প্ৰথমে শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ এএছ-০৭ বিচি-৪২১৫ নম্বৰৰ চাৰিচকীয়া বাহনখনে দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰবেগে পলায়ন কৰে ৷ দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে এএছ-২১ জে-৩৪৮৫ ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like