নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ লাখ যুৱক-যুৱতীলৈ ২ লাখকৈ টকা ৰাজ্য চৰকাৰৰ

বিশেষ বার্তা, ২০ ছেপ্টেম্বৰঃ সম্পূর্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে ১ লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ পাছত নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি এইবাৰ ২ লাখ যুৱক–যুৱতীক আত্মসংস্থাপনৰ পদক্ষেপ গ্রহণ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে৷ ‘মুখ্যমন্ত্রী আত্মনির্ভৰশীল অসম অভিযান’ আঁচনিৰ জৰিয়তে ২ লাখ যুৱক–যুৱতীক আত্মসংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে ২ লাখ টকাকৈ আগবঢ়াব৷ আজি নতুন দিল্লীত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ সমগ্র বিষয়টো চূড়ান্ত ৰূপ দিয়াৰ বাবে আজি পুৱাৰ ভাগতে মুখ্যমন্ত্রী ড০ শর্মাই নতুন দিল্লীৰ আচাম হাউছৰ পৰা ভিডি’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ভার্চুৱেল এই বৈঠকত ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্রহণ কৰে৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি ‘মুখ্যমন্ত্রী অত্মনির্ভৰশীল অসম অভিযান’ আঁচনিৰ চূড়ান্ত ৰূপ দিয়া হৈছে৷ আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্রত কিছুমান সমস্যাই দেখা দিছে৷ আজিৰ বৈঠকত সেই সমস্যাবোৰ দূৰ কৰা হয়৷ উক্ত আঁচনিৰ অংশীদাৰ হ’বলৈ তথা আবেদন কৰিবলৈ অহা ২৩ অথবা ২৪ ছেপ্ঢেম্বৰৰ পৰা ৰেজিষ্ট্রেচন মুকলি কৰি দিয়া হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া এয়ে যে অসম চৰকাৰৰ শেহতীয়া কেবিনেটত ‘মুখ্যমন্ত্রী আত্মনির্ভৰশীল অসম অভিযান’ আঁচনিৰ সিদ্ধান্ত গৃহীত হৈছে৷

You might also like