নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেমালত মৃতকৰ নিকটাত্মীয়লৈ ২ লাখকৈ টকাকৈ এককালীন সাহায্য

🔹 ‘এক্স’ হেণ্ডেলত প্রধানমন্ত্রীৰ ঘোষণা

🔹 প্রতিজন আহতই পাব ৫০ হাজাৰ টকাকৈ

বিশেষ বাৰ্তা, ২ জুন : সামুদ্রিক ধুমুহা ৰেমালৰ প্রভাৱত সৃষ্ট প্রাকৃতিক দুর্যোগত মৃত্যু হোৱাসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব৷ তদুপৰি প্রতিজন আহতই পাব ৫০ হাজাৰ টকাকৈ৷ ‘এক্স’ হেণ্ডেলযোগে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্রধানমন্ত্রীৰ কার্যালয়ে৷ সাহায্যৰ এই ধনৰাশি আগবঢ়োৱা হ’ব প্রধানমন্ত্রীৰ ৰাষ্ট্রীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা৷ ‘এক্স’ হেণ্ডেলত প্রধানমন্ত্রীৰ কার্যালয়ে লিখিছে এইদৰে– সাগৰীয় ঘূর্ণি ৰেমালৰ পিছত অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্রিপুৰা আৰু পশ্চিমবংগত উদ্ভৱ হোৱা প্রাকৃতিক দুর্যোগত মৃত্যু হোৱা প্রতিজনৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব৷ লগতে প্রতিজন আহতই পাব ৫০ হাজাৰ টকাকৈ৷ উল্লেখ্য যে বংগোপ সাগৰৰ বক্ষত উদ্ভৱ হোৱা ৰেমালে অসম তথা উত্তৰ–পূর্বাঞ্চলত খুন্দা মাৰি সংহাৰৰ সৃষ্টি কৰিছে৷ প্রচণ্ড ধুমুহাৰ লগতে অতিবৃষ্টিপাতৰ পৰিণতিত বানপানীয়ে ধাৰণ কৰিছে কালৰূপ৷ বিশেষকৈ ধুমুহা–বানপানীত শিশু–মহিলাসহ অসমত কেইবাজনো লোকৰ মৃত্যু হৈছে৷ এনেধৰণৰ প্রাকৃতিক দুর্যোগৰ বাবে উদ্বিগ্ণতা প্রকাশ কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নিজৰ ‘এক্স’ হেণ্ডেলযোগে তেওঁ কৈছিল যে দুর্ভাগ্যজনকভাৱে ঘূর্ণি বতাহ ৰেমালৰ পাছত অসম, মণিপুৰ, মেঘালয়, ত্রিপুৰা আৰু পশ্চিমবংগ প্রাকৃতিক দুর্যোগৰ সাক্ষী হৈছে৷ অতি ক্ষতিগ্রস্তসকলৰ সৈতে আছে মোৰ চিন্তা আৰু প্রার্থনা৷ কেন্দ্রীয় চৰকাৰে ৰাজ্যকেইখনক সম্ভৱপৰ সকলোধৰণৰ সহায়ৰ আশ্বাস দিছে আৰু পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিছে৷ ক্ষতিগ্রস্তৰ সহায়ৰ হকে কাম কৰি আছে বিষয়া–কর্মচাৰীসকলে৷ লক্ষণীয়ভাৱে ইয়াৰ পাছতে উক্ত এককালীন সাহায্য ঘোষণা কৰা হয়৷

You might also like