নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ মন্ত্রীৰ অভিসন্ধিঃ প্রদেশ কংগ্রেছৰ নির্দেশ অগ্রাহ্য কৰিছিল চলিহা চৰকাৰে

  • বিধানসভাৰ বিষম কথা–৩

ষাঠিৰ দশকতে বিদেশীৰ অবাধ অনুপ্রৱেশে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষা আৰু অস্তিত্বৰ প্রতি চৰম ভাবুকি কঢ়িয়াই আনি এক শ্বাসৰুদ্ধ পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ এই সমগ্র প্রেক্ষাপটত বিমলাপ্রসাদ চলিহা চৰকাৰৰ হোঁহকা–পিছলা নীতি তথা সংখ্যালঘু তোষণৰ মানসিকতাৰ বিষয়ে উল্লেখ কৰি বিশিষ্ট মুক্তিযুঁজাৰু তথা জ্যেষ্ঠ কংগ্রেছ নেতা প্রয়াত দেৱেশ্বৰ শর্মাই লিখিছে– ‘চলিহা চৰকাৰে পাকিস্তানীৰ অনুপ্রৱেশ বন্ধ কৰিবলৈ বা অবৈধভাৱে অনুপ্রৱেশ কৰা লোকক বহিষ্কাৰ কৰিবলৈ কোনোদিনেই যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰা নাছিল৷ তেনে কৰিলে ‘আহমদ চাহেবে’ বেয়া পায় বুলি ভয় কৰে৷ এই সম্পর্কে কোনো পুলিচে ভাল কাম কৰিলেও তেনে উৎসাহত চলিহাই চেঁচাপানীহে ঢ়ালে৷… ১৯৬৪ চনৰ ১ এপ্রিল তাৰিখে প্রদেশ কংগ্রেছ কমিটীয়ে এটা চোকা প্রস্তাৱ গ্রহণ কৰে৷ এই প্রস্তাৱৰ চাৰিদফীয়া নির্দেশ আছিল– (১) ১৯৬৫ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো পাকিস্তানী অনুপ্রৱেশকাৰী অসমৰ পৰা বাহিৰ কৰা হ’ব বুলি অসম চৰকাৰে ঘোষণা কৰক আৰু সেই উদ্দেশ্যে ক্ষিপ্র গতিৰে কাম কৰক৷ (২) ১৯৫১ চনৰ চেন্সাছত দিয়া ঘৰৰ নম্বৰ আৰু লোকসংখ্যাৰ ভিত্তিত পাক অনুপ্রৱেশকাৰী নির্ণয় কৰি বহিষ্কাৰ কৰা হওক৷ (৩) নির্দিষ্ট তাৰিখৰ অর্থাৎ ৩১–১২–৬৫ৰ ভিতৰত পাকিস্তানীসকলক সম্পূর্ণে বহিষ্কাৰ কৰিব পৰাকৈ যথেষ্টসংখ্যক ড্রিবিউনেল নিযুক্ত কৰা হওক৷ (৪) চৰকাৰে অসম–পাকিস্তান সীমাত যথোপযুক্ত বহলকৈ এটা খালী বেল্ট সৃষ্টি কৰি ‘নিষিদ্ধ অঞ্চল’ Prohibited Area) বুলি ঘোষণা কৰক৷ ইয়াৰ বর্তমান বাসিন্দাসকলক অন্য ঠাইত পুনৰ বসতি কৰক আৰু সীমান্তত আলি আৰু দলং নির্মাণ কৰি নিৰাপত্তা বাহিনীৰ দ্রুত যাতায়াতৰ সুচল কৰি পাকিস্তানীৰ অনুপ্রৱেশ বন্ধ কৰক৷’ (হেৰাই যোৱা দিনবোৰ)

মন্ত্রী ফখৰুদ্দিন আলী আহমেদ, মইনুল হক চৌধুৰীলৈ অভিযোগৰ আঙুলি

অসমৰ খিলঞ্জীয়া জনসাধাৰণক কংগ্রেছৰ একাংশ নেতৃত্বৰ এই বিশ্বাসঘাতকতাৰ অধ্যায় বর্ণনা কৰি দেৱেশ্বৰ শর্মাই আৰু লিখিছে– ‘ন্যস্ত স্বার্থ থকা মন্ত্রী দুজনে তেওঁলোকৰ সহায়কসকলৰ দ্বাৰা সংখ্যালঘিষ্ঠ সম্প্রদায়ক অত্যাচাৰ আৰু জোৰ–জুলুম কৰিছে বুলি দুগুণে চিঞৰ–বাখৰ কৰিবলৈ আৰম্ভ কৰিলে৷ ১৫–৯–৬৪ তাৰিখে আতাউৰ ৰহমান, ইদ্রিছ আলী ফকীৰ, নুুৰুল হুছেইন, তজমল হুছানী, আবু চামা মৌলানা আব্দুল জলিলে সদৌ ভাৰত কংগ্রেছ কমিটীৰ সভাপতি কামৰাজৰ ওচৰত আবেদন দিলে এইমর্মে যে জোৰ–জুলুমৰ অত্যাচাৰত সংখ্যালঘিষ্ঠ সম্প্রদায় অসমত থকা অসম্ভৱ হৈ পৰিল৷ অতএব তেওঁবিলাকৰ ন্যায়িক ৰক্ষাৰ Judicial Protection) উপায় কৰিব লাগে, যাতে আদালতত গোচৰ তৰি পাকিস্তানী বুলি প্রমাণ হ’লেহে পাকিস্তানী অনুপ্রৱেশকাৰী বহিষৃকত হ’ব পাৰিব৷ এই পদ্ধতিত যে এশ বছৰেও পাকিস্তানী অনুপ্রৱেশকাৰী বহিষৃকত হৈ শেষ নহয়, সি দেখদেখকৈ ওলাই আছে৷ বিত্তমন্ত্রী ফখৰুদ্দিন আলী আহমেদ, কৃষিমন্ত্রী মইনুল হক চৌধুৰী আৰু প্রদেশ কংগ্রেছৰ সভাপতি শৰৎ চন্দ্র সিংহই দিল্লীলৈ গৈ স্বৰাষ্ট্র সচিব, গৃহমন্ত্রী আদিক লগ ধৰি সেই একে কথাই, অর্থাৎ পাক অনুপ্রৱেশকাৰী বহিষ্কাৰৰ নামত অসমত সংখ্যালঘিষ্ঠ সম্প্রদায়ক জুলুম–ত্যাচৰ কৰা হৈছে আৰু তেওঁবিলাকৰ নিৰাপত্তা নাইকিয়া হৈছে বুলি আপত্তি দর্শালেগৈ৷ এদিন তেওঁলোকৰ লগত শ্রীউমৰুদ্দিন চাহেবো আছিল৷… এই সকলোবিলাকৰ ফল এয়ে হ’ল যে চলিহা চৰকাৰে আত্মসমর্পণ কৰি দেশৰ স্বার্থ জলাঞ্জলি দি পাকিস্তানী অনুপ্রৱেশকাৰীক আইনমতে পুলিচে (ড্রিবিউনেল বিচাৰৰ পিছত) অসমৰ পৰা বহিষ্কাৰ কৰা কাম একপ্রকাৰ বন্ধ কৰি দিলে৷… ফখৰুদ্দিন আলী আহমেদ আৰু মইনুল হক চৌধুৰীৰ হেঁচাত তেওঁ অসম তথা ভাৰতৰ প্রতি এইক্ষেত্রত অবিচাৰ আৰু সর্বনাশৰ পথ প্রশস্ত কৰিলে৷’ (হেৰাই যোৱা দিনবোৰ)

পাক এজেণ্টৰ বিৰুদ্ধেব্যৱস্থা লোৱাতো দিছিল বাধা

বিদেশীৰ অনুপ্রৱেশে অসমৰ সমাজ জীৱনত সৃষ্টি কৰা চৰম জটিলতাৰ বিপৰীতে চৰকাৰৰ নিষ্ক্রিয়তাৰ ফলত উদ্ভৱ হোৱা গুৰুতৰ পৰিস্থিতিয়ে অসম বিধানসভাতো উত্তপ্ত বিতর্কৰ সৃষ্টি কৰিছিল৷ বিমলাপ্রসাদ চলিহা চৰকাৰ বিদেশীৰ পৃষ্ঠপোষকৰ ভূমিকাত অৱতীর্ণ হোৱাৰ অভিযোগ উত্থাপন কৰি চলিহা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্রস্তাৱৰ সমর্থনত বিধানসভাত যোৰহাটৰ বিধায়ক দুলাল চন্দ্র বৰুৱাই কৈছিল– ‘এই চৰকাৰে পাকিস্তানী অনুপ্রৱেশকাৰীক বহিষ্কাৰ কৰিব বিচাৰে বুলি প্রকাশ কৰিছে৷ কিন্তু এইক্ষেত্রত চৰকাৰে মুঠেও কার্যকৰী পদক্ষেপ গ্রহণ কৰা নাই, বৰং পৰিস্থিতিয়ে দিনকদিনে চৰম ভয়াৱহ ৰূপহে লৈছে৷ প্রকৃততে বিদেশী বহিষ্কাৰৰ ক্ষেত্রত চৰকাৰৰ সামান্য আন্তৰিকতাও নাই আৰু সেয়ে পাকিস্তানী অনুপ্রৱেশকাৰীক চৰকাৰে বহিষ্কাৰ কৰিব পাৰিব বুলি মুঠেও আশা কৰিব নোৱাৰি৷ প্রকৃততে এই চৰকাৰ যিকোনো প্রকাৰে নিজৰ গাদী আৰু সংখ্যাগৰিষ্ঠতা ৰক্ষা কৰাতহে বিশ্বাসী৷ পাকিস্তানী অনুপ্রৱেশকাৰী আৰু পাক এজেণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ ক্ষেত্রত চৰকাৰ সম্পূর্ণ ব্যর্থ হৈছে৷ বৰং পাক চোৰাংচোৱাৰ বিৰুদ্ধে থকা বহু গুৰুত্বপূর্ণ তথ্য বিনষ্টহে কৰা হৈছে আৰু এই এজেণ্টসকলক পৰোক্ষভাৱে সুৰক্ষা দিয়া হৈছে৷ মুখ্যমন্ত্রীয়ে এই বিষয়সমূহৰ ক্ষেত্রত তদন্তৰ ব্যৱস্থা কৰিব পাৰিবনে? সম্ভৱতঃ নোৱাৰে, কাৰণ এইসকলৰ প্রতি আমাৰ মুখ্যমন্ত্রীৰ এক দুর্বোধ্য দুর্বলতা আছে৷… বৰং এইক্ষেত্রত ব্যৱস্থা ল’ব বিচৰা বিষয়াসকলকো বাৰণ কৰা হৈছে৷ আনকি পাক এজেণ্টৰ তালিকা প্রস্তুত কৰি ব্যৱস্থা ল’ব বিচৰা এজন এছ আই বি বিষয়াক ২৪ ঘণ্টাৰ ভিতৰত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল৷ চৰকাৰৰ এনে পদক্ষেপেই চৰকাৰখনৰ কাম–কাজৰ প্রকৃত ৰূপটো স্পষ্টভাৱে উদঙাই দিছে৷’ (অসম বিধানসভাৰ কার্যবিৱৰণী)

দুলাল চন্দ্র বৰুৱাই সদনত এই অভিযোগো উত্থাপন কৰিছিল যে চৰকাৰে বিভিন্ন প্রকাৰে পাক এজেণ্টসকলক সুৰক্ষাহে দিছিল৷ ভাৰতীয় সেনাত নিয়োজিত এজন মুছলমান যুৱকক বিভিন্ন অভিযোগৰ ভিত্তিত তিনি মাহৰ ভিতৰত চাকৰিৰ পৰা বর্খাস্ত কৰাৰ এক ঘটনা বর্ণাই বিধায়ক বৰুৱাই সদনক জনাইছিল যে এই মুছলমান যুৱকজনৰ দুই ভাতৃৰ এজন পাকিস্তান এয়াৰফ’চত আৰু আনজন পাকিস্তান সেনাত কর্মৰত৷ তেওঁ ঢ়াকাত দুডোখৰ ভূমি ক্রয় কৰাৰ লগতে নগাঁৱৰ এগৰাকী হিন্দু যুৱতীক অপহৰণ কৰিছিল আৰু তাৰ পিছতে পাকিস্তানলৈ গুচি গৈছিল৷ কিন্তু সেনাৰ চাকৰিৰ পৰা বর্খাস্ত হোৱাৰ পিছত পাকিস্তানলৈ গুচি যোৱা এই যুৱকজনে উভতি আহি বিভিন্ন অপপ্রচাৰ আৰম্ভ কৰে৷ আনকি আশ্চর্যজনকভাৱে তেওঁৰ বিৰুদ্ধে যুগুতোৱা গোপন প্রতিবেদনৰ তথ্যও অনায়াসে তেওঁৰ হাতত পৰিলগৈ৷ এইক্ষেত্রত এজন শীর্ষ আৰক্ষী বিষয়াৰ ৰহস্যজনক ভূমিকাৰ অভিযোগো সদনত উত্থাপন কৰিছিল বিধায়ক দুলাল চন্দ্র বৰুৱাই৷
বিদেশীৰ অনুপ্রৱেশৰ হেঁচাত অসমে সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতিৰ বর্ণনা কৰি উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ৰথীন্দ্রনাথ সেনে বিধানসভাত কৈছিল– ‘বিদেশীৰ আগ্রাসনে আজি অসমক ভয়াৱহ সংকটৰ মুখলৈ ঠেলি দিছে৷ লাখ লাখ পাকিস্তানীৰ অনুপ্রৱেশৰ ফলত অসমৰ জাতীয় সত্তা আজি চৰম সংকটৰ সন্মুুখীন হোৱা পৰিস্থিতিৰ বিষয়ে বিধানসভাৰ লগতে দেশজুৰি ব্যাপক চর্চা হৈছে৷ বিদেশীৰ আগ্রাসনৰ ফলত অসমে আজি ত্রাহি মধুুসূদন সুঁৱৰিবলগীয়া হৈছে৷ তাৰ মাজতে কোন শকুনিৰ পৰামর্শত চৰকাৰে এই ড্রাইবুনেলৰূপী আত্মঘাতী অস্ত্র আৱিষ্কাৰ কৰিলে? অসমত যি বৃহৎসংখ্যক বিদেশী অনুপ্রৱেশকাৰীয়ে থিতাপি লৈছেহি, ড্রাইবুনেলৰ জৰিয়তে অহা ৫০ বছৰতো এওঁলোকৰ বহিষ্কাৰ সম্ভৱ হৈ উঠিবনে? আৰু এই সময়ছোৱাত অনুপ্রৱেশকাৰীৰ যি ব্যাপক বংশবৃদ্ধি ঘটিব, সেই যন্ত্রণাৰ পৰা ৰাজ্যখনে কেতিয়াবা মুক্তি পাবগৈনে? প্রকৃততে পাকিস্তানী অনুপ্রৱেশকাৰীক বহিষ্কাৰৰ আগ্রহ থাকিলে এই চৰকাৰে আত্মপ্রৱঞ্চনাৰ পথ ত্যাগ কৰি অর্ডিনেন্সৰ জৰিয়তেই সমস্যাৰ সমাধান ঘটাব পাৰিলেহেঁতেন৷ অর্ডিনেন্সৰ জৰিয়তে পাকিস্তানী অনুপ্রৱেশকাৰী আৰু তেওঁলোকৰ আশ্রয়দাতাক ১০ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা কৰিলেই তিনি মাহতে অসমক বিদেশীশূন্য কৰিব পৰা গ’লহেঁতেন৷’

কংগ্রেছ–মুছলিম লীগৰ দুর্বোধ্য ৰাখীবন্ধন

কংগ্রেছ নেতৃত্ব আৰু মুছলিম লীগৰ এক গোপন বুজাবুজি হোৱাৰ গুৰুতৰ অভিযোগ তুলি বিধায়ক ৰথীন্দ্রনাথ সেনে বিধানসভাত আৰু কৈছিল– ‘দুর্ভাগ্যজনকভাৱে আজি কংগ্রেছী শাসক গোষ্ঠী মুছলিম লীগৰ সৈতে এক দুর্বোধ্য ৰাখীবন্ধনত আবদ্ধ হৈছে৷ ভাৰতৰ কোনো প্রগতিশীল আৰু জাতীয়তাবাদী লোকে পাকিস্তান সৃষ্টি হোৱাটো বিচৰা নাছিল৷ মুছলিম লীগৰ সমর্থকসকলেহে পাকিস্তান দাবী কৰিছিল আৰু সেয়ে এইসকল লোকৰ ভাৰতত থকাৰ কোনো নৈতিক অধিকাৰ নাই৷ কিন্তু তেতিয়া মুছলিম লীগৰ নেতৃত্ব লোৱাসকলেই এতিয়াও অন্তৰত পাকিস্তান প্রেম অটুট ৰাখিয়েই অসমৰ প্রশাসনিক তথা ৰাজনৈতিক ক্ষেত্রত দপদপনি অব্যাহত ৰাখিছে৷’ এইক্ষেত্রত ১৯৪৭ চনৰ দেশ বিভাজনৰ প্রাক্ক্ষণৰ এদিন সন্ধিয়া তেতিয়াৰ কলকাতাৰ ইছলামীয়া কলেজৰ ছাত্রাৱাসৰ এক অনুষ্ঠানত তেওঁ নিজে উপস্থিত থকাৰ কথা উল্লেখ কৰি বিধায়ক ৰথীন্দ্রনাথ সেনে জনাইছিল যে উক্ত অনুষ্ঠানত মুছলিম লীগৰ শীর্ষ নেতা হাচান ছোৰাবদ্য়ে মুছলিম ছাত্রসকলক পাকিস্তানলৈ নগৈ ভাৰততে থাকিবলৈ মুকলি আহ্বান জনাইছিল৷ ছোৰাবদ্য়ে মুছলিম ছাত্রসকলক নিজৰ ভেশ সলাই খদ্দৰৰ পোছাক পিন্ধি, গান্ধী টুপী পিন্ধি ‘বন্দে মাতৰম’ আৰু ‘জয় হিন্দ’ শ্লোগান দিবলৈ আহ্বান জনাই কৈছিল যে এনে পদক্ষেপ গ্রহণ কৰিলে ২০ বছৰৰ ভিতৰত এই সকলোবোৰ অঞ্চল এক স্বাভাৱিক প্রক্রিয়াৰেই পাকিস্তানৰ অন্তর্ভুক্ত হৈ পৰিব৷
১৯৬৪ চনতে বিদেশীৰ অবাধ অনুপ্রৱেশৰ পৰিণতিত অসমৰ অন্ধকাৰ ভৱিষ্যতৰ স্পষ্ট ইংগিত দি বিধায়ক ৰথীন্দ্রনাথ সেনে বিধানসভাত কৈছিল– ‘এই বিধানসভালৈ নির্বাচিত জাতীয় নেতৃত্বৰ জাতিৰ প্রতি গধুৰ দায়িত্ব আছে৷ এই নেতৃত্বই যদি বর্তমানৰ সংকটপূর্ণ মুহূর্তত ভৱিষ্যতৰ উপযুক্ত পথ নির্দেশনা যুগুতাবলৈ সক্ষম নহয়, সাম্প্রদায়িক অবিশ্বাস আৰু তিক্ততাৰ জুইত যদি ভৱিষ্যতৰ সকলো সম্ভাৱনা ব্যর্থ হৈ যায়, ৰাজ্যৰ শান্তিপ্রিয় হিন্দু–মুছলমানৰ মাজত পাকিস্তানী অনুপ্রৱেশকাৰীয়ে সিঁচি দিয়া বিভেদৰ বীজ এই অনুপ্রৱেশকাৰীসকল উৎখাত কৰি যদি কলিতে মষিমূৰ কৰা নহয়, তেন্তে এই ৰাজ্যৰ ভৱিষ্যৎ অন্ধকাৰ৷ তেনে ক্ষেত্রত ভাৰতৰ মানচিত্রৰ পৰা এই ৰাজ্যখনৰ অৱলুপ্তি অৱশ্যম্ভাৱী৷ এইক্ষেত্রত স্বয়ং ভগৱানেও অসমক ৰক্ষা কৰিব নোৱাৰিব৷’
তাৎপর্যপূর্ণভাৱে বিধানসভাত এই বির্তকৰ মাজতে কমলপুৰৰ বিধায়ক শৰৎ চন্দ্র গোস্বামীয়ে প্রশ্ণ উত্থাপন কৰিছিল– ‘মুছলমান মানুহ পাকিস্তানলৈ গ’লে ৫০০ টকা আৰু ৬ বিঘাকৈ মাটি পাব, তেনেকুৱা কিবা কথা আছে নেকি?’
এই সন্দর্ভত তাৰাবাৰীৰ বিধায়ক তাজুদ্দিন আহমেদে সদনত কৈছিল– ‘পাকিস্তানে তেনে এটা ঘোষণা দিছে বুলি শুনিবলৈ পাইছেছা৷ সেই কাৰণেও ভাৰতীয় মুছলমানে নিজে পাকিস্তানী বুলি স্বীকাৰ কৰি গৈ আছে বুলি মই জানো৷’
সদনৰ বিতর্কত অংশ লৈ কাটিগডাৰ বিধায়ক তাৰাপদ ভট্টাচার্যই অভিযোগ তুলিছিল– ‘পাকিস্তানীৰ ব্যাপক অনুপ্রৱেশৰ পৰিণতিত অসমৰ পৰিস্থিতিয়ে দিনকদিনে অতি ভয়াৱহ ৰূপ লৈছে৷ কিন্তু এতিয়া বিদেশী বহিষ্কাৰৰ ক্ষেত্রত ড্রিবিউনেল ব্যৱস্থাৰ জৰিয়তে চৰকাৰে পৰিস্থিতি অধিক জটিলহে কৰি তুলিলে৷ অনুপ্রৱেশকাৰীয়ে বিভিন্ন এলেকাত বলপূর্বক মাটি বেদখল কৰি ভাৰতীয় নাগৰিকসকলৰ মাজত ত্রাসৰ সৃষ্টি কৰিছে৷… সামান্য সুযোগতে এই অনুপ্রৱেশকাৰীসকলে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি ব্যাপক সংখ্যাত অস্ত্র–শস্ত্রসহ সমৱেত হৈ শান্তিপ্রিয় নাগৰিকসকলক সন্ত্রস্ত কৰি তুলিছে৷ লাখ লাখ বিদেশী অনুপ্রৱেশকাৰীয়ে অসমত এতিয়া যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে৷’ বিধায়ক ভট্টাচার্যই বিধানসভাত এই অভিযোগো উত্থাপন কৰিছিল যে অসমত মুছলিম ইউনিয়ন নামৰ এটা মৌলবাদী সংগঠনে ব্যাপক হাৰত পুঁজি সংগ্রহ কৰি আছে৷ বিষয়টোত আশ্চর্য প্রকাশ কৰি বিধায়ক ভট্টাচার্যই আৰু কৈছিল যে এই সাম্প্রদায়িক সংগঠনটোৰ সভাপতিৰ দায়িত্বত আছে ৰাজ্যৰ বিত্তমন্ত্রী ফখৰুদ্দিন আলী আহমেদ আৰু সম্পাদকৰ দায়িত্বত আছে বিত্তমন্ত্রীৰ আইন সহায়কজন৷ আনহাতে, পাকিস্তানী মূলৰ এজন আৰক্ষী বিষয়াই তেওঁৰ নিজৰ বাসভৱনত ভাৰত ত্যাগৰ জাননী লাভ কৰা পাকিস্তানী অনুপ্রৱেশকাৰীক আশ্রয় দিয়াৰ গুৰুতৰ তথ্য প্রকাশ কৰি বিধায়ক ভট্টাচার্যই বিধানসভাত অভিযোগ কৰিছিল যে শাস্তিৰ পৰিৱর্তে এই আৰক্ষী বিষয়াজনক পুলিচ মেডেল প্রদানৰ লগতে পদোন্নতিহে দিয়া হৈছিল৷
বিধানসভাত উত্থাপিত এই অনাস্থা প্রস্তাৱৰ উত্তৰ দি মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাই কৈছিল– ‘পাকিস্তানপ্রেমী শক্তিয়ে অসমত কূটাঘাত সংঘটিত কৰাৰ সম্ভাৱনা পূৰামাত্রাই আছে৷ এইক্ষেত্রত আমি সতর্ক হ’ব লাগিব৷… মই এই কথা অস্বীকাৰ নকৰোঁ যে অসমত বহু বিদেশী অনুপ্রৱেশকাৰীয়ে থিতাপি লৈছেহি৷ এনেদৰে উপযুক্ত নথি–পত্র অবিহনে অসমত থিতাপি লোৱা লোকসকলক আমি বহিষ্কাৰ কৰিবই লাগিব৷ একে সময়তে পূব পাকিস্তানৰ পৰা অসমৰ লগতে সমগ্র দেশৰ বিভিন্ন ঠাইত বহু শৰণার্থীয়ে আশ্রয় লৈছেহি আৰু এই বিষয়টোৱে বিভিন্ন ক্ষেত্রত উত্তেজনাৰ সৃষ্টি কৰিছে৷ কিন্তু এই উত্তেজনা আমাৰ সৃষ্টি নহয়৷ বিদেশী শক্তিৰ প্রৰোচনাতহে এই উত্তেজনাৰ সৃষ্টি হৈছে আৰু এনে উত্তেজনাই সমগ্র ভাৰতবর্ষকে গ্রাস কৰিছে৷’ একে সময়তে মুখ্যমন্ত্রী চলিহাই এই কথাও কৈছিল যে চৰকাৰে সংখ্যালঘুসকলকে ধৰি কোনো পক্ষ হাৰাশাস্তিৰ সন্মুখীন হোৱাটো নিবিচাৰে৷ তদুপৰি সংখ্যালঘু সম্প্রদায়ক নিৰাপত্তা দিয়াটোও চৰকাৰৰ দায়িত্ব৷

You might also like