নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

H3N2 ভাইৰাছৰ সংক্রমণঃ ইনফ্লুয়েঞ্জা সদৃস ৰোগত দেশজুৰি আতংকময় পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: ঋতু সলনি হোৱাৰ লগে লগে কাহ হোৱাটো সাধাৰণ কথা৷ কিন্তু দীঘলীয়া সময়ৰ বাবে আপুনি যদি কাহৰ সমস্যাত ভুগি আছে অথবা ঔষধ সেৱন কৰাৰ পাছতো কাহৰ পৰা উপশম পোৱা নাই, তেতিয়াহ’লে আপুনি সতর্ক হওক৷ কিয়নো এয়া স্বাভাৱিক কাহ নহয়৷ ভাৰতৰ চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)ৰ মতে দীঘলীয়া কাহ, তীব্র জ্বৰ আদি ইনফ্লুৱেঞ্জাৰ এইচ–৩ এন–২ৰ ভেৰিয়েণ্টৰ সংক্রমণ হ’ব পাৰে৷ শেহতীয়াকৈ দেশজুৰি কাহ, চর্দি, জ্বৰ, বমি আদি লক্ষণযুক্ত ৰোগত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে আৰু এয়া এইচ–৩ এন–২ ভাইৰাছৰ সংক্রমণৰ বাবে হোৱা বুলি আই চি এম আৰে স্পষ্ট কৰিছে৷ ইতিমধ্যে দেশৰ ভিন্ন প্রান্তত এই নতুন ভাইৰাছত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ বিশেষকৈ দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ই অত্যন্ত সংক্রামক হৈ পৰিছে৷

আই চি এম আৰৰ মহামাৰী বিজ্ঞান শাখাৰ মুৰব্বী ডাঃ নিবেদিতাই প্রকাশ কৰা অনুসৰি যোৱা ১৫ ডিচেম্বৰৰ পৰা বর্তমানলৈকে ভাইৰাছ গৱেষণা আৰু ডায়েগ’নষ্টিক পৰীক্ষাগাৰৰ জৰিয়তে এইচ–৩ এন–২ ভাইৰাছৰ সংক্রমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ আই চি এম আৰৰ তথ্য অনুসৰি হাস্পতালত ভর্তি হোৱা এইচ–৩ এন–২ ভাইৰাছত আক্রান্ত ৰোগীসকলৰ ভিতৰত ৯২ শতাংশই জ্বৰ, ৮৬ শতাংশই কাহ, ২৭ শতাংশই শ্বাস–প্রশ্বাসজনিত সমস্যা আৰু ১৬ শতাংশই আতংকিত হোৱাৰ সমস্যাত ভুগিছে৷ তদুপৰি প্রায় ১৬ শতাংশ ৰোগী নিউমনিয়াত আক্রান্ত হৈছে৷ আই চি এম আৰৰ মতে এই ভাইৰাছত আক্রান্ত ৰোগীসকলৰ ভিতৰত ১০ শতাংশ ৰোগীক অক্সিজেন আৰু ৭ শতাংশ ৰোগীক আই চি ইউৰ প্রয়োজন হয়৷ অৱশ্যে এইচ–৩ এন–২ ভাইৰাছত আক্রান্ত হ’লে এণ্টিবায়টিক ব্যৱহাৰ কৰাৰ পৰিৱর্তে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷

বিশেষজ্ঞসকলৰ মতে মার্চ মাহৰ শেষৰ ফালে অথবা এপ্রিল মাহৰ প্রথম ভাগত ভাইৰাছবিধৰ সংক্রমণ হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ কিয়নো সেই সময়ছোৱাত তাপমাত্রা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে৷ ইতিমধ্যে কেইবাখনো ৰাজ্যই ভাইৰাছবিধৰ সংক্রমণ হ্রাস কৰিবলৈ কেতবোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ সংশ্লিষ্ট জিলাসমূহৰ স্বাস্থ্য বিভাগে বৈঠক অনুষ্ঠিত কৰি ভাইৰাছবিধৰ সংক্রমণ হ্রাস কৰিবলৈ কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ নাগৰিকসকললৈ এই সময়ছোৱাত কি কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব, সেই সন্দর্ভত পৰামর্শ আগবঢ়োৱা হৈছে৷ এইচ–৩ এন–২ ভাইৰাছৰ সংক্রমণৰ পৰা ৰক্ষা পাবলৈ নিয়মীয়াভাৱে হাত ধোৱাৰ লগতে আন লোকৰ সৈতে কৰমর্দন কৰা আৰু ৰাজহুৱা স্থানত থু পেলাবলৈ মানা কৰিছে৷ তদুপৰি চকু আৰু নাক সঘনাই নুচুবলৈও আহ্বান জনোৱাৰ লগতে মাস্ক পৰিধান কৰিবলৈ পৰামর্শ দিছে৷ প্রদূষিত স্থান বর্জন কৰাৰ লগতে অধিক পৰিমাণে পানী আৰু তৰল পদার্থ গ্রহণ কৰিবলৈও ৰোগীসকললৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্রীয় পর্যায়ত ঋতুকালীন ভাইৰাছত প্রতিবছৰে ৩০ৰ পৰা ৫০ লাখ লোক আক্রান্ত হয়৷ ইয়াৰে ২.৯ লাখ লোকৰ পৰা আৰম্ভ কৰি ৬.৫৫ লাখ পর্যন্ত লোক শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হৈ মৃত্যুবৰণ কৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ৰোগৰ পৰা বাচিবলৈ টিকাকৰণেই সর্বোত্তম উপায়৷

ইফালে ভাইৰাছবিধৰ সংক্রমণৰ পৰা বাচিবলৈ ৰাজ্যবাসীক সচেতন হ’বলৈ আহ্বান জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অভিজিৎ শর্মাই৷ আজি সংবাদ মাধ্যমৰ আগত তেওঁ প্রকাশ কৰা অনুসৰি ইনফ্লুৱেঞ্জাৰ চাৰিটা ভেৰিয়েণ্ট থাকে৷ এইবাৰ এইচ–৩ এন–২ নামৰ নতুন ভেৰিয়েণ্ট ধৰা পৰিছে৷ দিল্লী আৰু আন ৰাজ্যত এই ভেৰিয়েণ্টে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ জ্বৰ, কাহ, চর্দি, বমি, ডায়েৰীয়াকে ধৰি কিছুসংখ্যক লোক স্নায়ুজনিত সমস্যাতো ভোগা বুলি উল্লেখ কৰি তেওঁ কয়– ‘বহু লোকে এইচ–৩ এন–২ ভাইৰাছৰ সংক্রমণত ক’ভিডৰ সৈতে ৰিজাই বিভিন্ন ধৰণৰ এণ্টিবায়টিক গ্রহণ কৰিছে৷ অথবা ফার্মাচীৰ পৰা কিছুমান দৰব ক্রয় কৰি সেৱন কৰিছে৷ আমি বিশ্বাস কৰোঁ যে এই ভাইৰাছৰ সংক্রমণ নিশ্চিত কৰিবলৈ কেইবাটাও পৰীক্ষা কৰিব লাগে৷ সেয়েহে এনেধৰণৰ লক্ষণে দেখা দিলে হাস্পতাললৈ আহিব লাগে৷ ভাইৰাছবিধত আক্রান্ত হ’লে তিনি সপ্তাহ পর্যন্ত কাহ হৈ থাকিব পাৰে৷ জ্বৰ তিনি দিনৰ পৰা পাঁচ দিনলৈ অব্যাহত থাকিব পাৰে৷ চিকিৎসকৰ ওচৰলৈ আহিলে ৰোগীসকলক কি কৰিব লাগে তাৰ পৰামর্শ দিয়া হ’ব৷ ইয়াৰ পৰা বাচিবলৈ ভালদৰে হাত ধোৱক, মাস্ক পৰিধান কৰক, অতিমাত্রা ভিৰ হোৱা স্থান পৰিত্যাগ কৰি চলক৷ আগতে আমি যিসমূহ প্রট’কল মানিছিলোঁ, সেইসমূহ অনুসৰণ কৰক৷ যদি আপুনি অনুভৱ কৰে যে আপুনিও এই ভাইৰাছত আক্রান্ত হৈছে, তেনেহ’লে প্রথম তিনি দিন নিজকে আইচ’লেট কৰি ৰাখক৷’

You might also like