নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ : ৰাজ্যত নিতৌ ধৃত ২০-২৫জনকৈ বাংলাদেশী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ডিচেম্বৰঃ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত হোৱা ৰাজনৈতিক অস্থিৰতাৰ পাছতেই অসম সাৱধান হ’বৰ হৈছে৷ কাৰণ এতিয়া প্রতিদিনে ২০–২৫জনকৈ বাংলাদেশী অনুপ্রৱেশকাৰীক ধৰি থকা হৈছে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ পাছত বাংলাদেশৰ অর্থনৈতিক অৱনতিৰ লগে লগে ৰাষ্ট্রখনৰ বস্ত্র উদ্যোগ বন্ধ হৈ পৰে৷ লগে লগে অভূতপূর্বভাৱে বাংলাদেশীৰ আগমন ভাৰতত বৃদ্ধি পাইছে৷ সিদিনা ত্রিপুৰাত ১৫০০ বাংলাদেশী নাগৰিকক আটক কৰাৰ বিষয়ে ত্রিপুৰাৰ মুখ্যমন্ত্রীয়ে কৈছে৷ বিএছএফ আৰু অসম আৰক্ষীয়েও বাংলাদেশী অনুপ্রৱেশকাৰীক আটক কৰি আছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, আমি অসমত সাৱধান হ’বৰ হৈছে৷ কাৰণ প্রতিদিনে ৰাজ্যখনত ২০ৰ পৰা ২৫জন বাংলাদেশী অনুপ্রৱেশকাৰীক ধৰি থকা হৈছে৷ আমি নধৰাকৈ কিমানসংখ্যক বাংলাদেশী অনুপ্রৱেশকাৰী সোমাই আছে, সেয়া আমিও বুজিব নোৱাৰা কথা৷ অসমত প্রৱেশ কৰা বাংলাদেশী অনুপ্রৱেশকাৰীসকল মুছলমান সম্প্রদায়ৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ধৰা পৰা বাংলাদেশী অনুপ্রৱেশকাৰীসকল নাম মই দিয়েই আছোঁ৷ নামবোৰ চালেই তেওঁলোক হিন্দু নে মুছলমান গম পাই যাব৷

You might also like