নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত আছুৰ উদ্যোগত ২০ দিনীয়া বিহুনাচ-ঢোলবাদন কৰ্মশালাৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে অসমীয়াত হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে। এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ঐতিহ্যমণ্ডিত চাৰিদুৱাৰ অঞ্চলো। সদৌ অসম ছাত্ৰ সন্থাৰ বালিপৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চাৰিদুৱাৰ শাখাৰ সহযোগত চাৰিদুৱাৰৰ কেন্দ্ৰীয় নামঘৰ প্ৰাংগণত ২০ দিনীয়া কাৰ্যসূচীৰে বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাখনিৰ শুভাৰম্ভ কৰে অসম সেনাৰ কেন্দ্ৰীয় আহ্বায়ক, যুৱ সমাজকৰ্মী ৰাজনীশ শইকীয়াই। ভাষণ প্ৰসংগত শইকীয়াই কয় যে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ স্বকীয়তা, ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সকলোৰে দায়ৱদ্ধতা আছে। নৱপ্ৰজন্মৰ মাজত নিখুঁতভাৱে বিহুক উপস্থাপন কৰি বিহুৰ তাৎপৰ্য আমি বুজাই দিব পাৰিব লাগিব।” অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে চাৰিদুৱাৰ সীমান্ত মিলন সংঘ পৰিচালনা সমিতিৰ সম্পাদক দীপক সিংহ, অসম সেনাৰ শোণিতপুৰ জিলাৰ কাৰ্যকৰী সদস্য ৰাজীৱ কটকী, সমন্বয় সাহিত্য গোষ্ঠীৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, বালিপৰা আঞ্চলিক আছুৰ সভাপতি ত্ৰিদিপ দাস, সম্পাদক ভৈৰৱ দাস, জিলা আছুৰ নিতুল বৰাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰথম দিনাৰ কৰ্মশালাত চাৰিদুৱাৰ, বালিপৰা, গড়মৰা, ফৰেষ্ট গেট ইত্যাদি বিভিন্ন অঞ্চলপৰা শতাধিক কণ কণ শিশুৱে বিহু নাচ আৰু ঢোলবাদনত অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলক জনপ্ৰিয় ঢুলীয়া চাৰিদুৱাৰৰ জোণমণি দাসসহ সতীৰ্থসকলে ঢোলৰ আৰু ক্ৰমে মাইনু বৰা, হিমাদ্ৰী দাস, নিশিকা দাসে বিহু নাচৰ প্ৰশিক্ষণ আগবঢ়ায়। উল্লেখ্যে যে কৰ্মশালাখন প্ৰতিদিনে বিয়লি ৩ বজাৰপৰা অনুষ্ঠিত হ’ব।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like