ৰাজ্যজুৰি আটক দুই হাজাৰ বাংলাদেশী, গুৱাহাটীতে ধৃত ১৫০
🔹 ৰাজ্যজুৰি আটক দুই হাজাৰ বাংলাদেশী, গুৱাহাটীতে ধৃত ১৫০
🔹 গৃহ মন্ত্রালয়ৰ নির্দেশনাৰ পিছতে আৰক্ষীৰ তৎপৰতা
বিশেষ বাৰ্তা, ২৬ মে’ : দেশৰ ভিতৰত অবৈধভাৱে প্রৱেশ কৰি কূটাঘাতমূলক কার্য সংঘটিত কৰা বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্রীয় চৰকাৰ৷ শেহতীয়াকৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ এক নির্দেশযোগে অবৈধ বাংলাদেশী আৰু ম্যানমাৰৰ ৰহিংগ্যা নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে৷ ৩০ দিনৰ ভিতৰত অবৈধ অনুপ্রৱেশকাৰীৰ সকলো তথ্য তন্ন তন্নকৈ পৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰসমূহক নির্দেশ দিছে৷ ৩০ দিনৰ সময়সীমাৰ পিছত যদিহে নথিসমূহ প্রমাণিত নহয়, তেনেহ’লে অবৈধ বাংলাদেশী আৰু ম্যানমাৰৰ অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ কঠোৰ নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷
কেন্দ্রীয় চৰকাৰৰ এই নির্দেশনাৰ পাছতে সমগ্র দেশৰ লগতে অসমতো অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে অসম আৰক্ষীয়ে৷ জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা আজিলৈকে অসম আৰক্ষীয়ে প্রায় দুহাজাৰ সন্দেহজনক লোকক আটক কৰি নথি-পত্র পৰীক্ষা কৰাৰ লগতে জেৰাও অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ পৰহি মৰিগাঁও জিলাত ৯জনকৈ ঘোষিত বাংলাদেশীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ কালি ৰাজ্যৰ বিভিন্ন প্রান্তত আৰক্ষীয়ে বাংলাদেশীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি বহুসংখ্যক সন্দেহজনক লোকৰ নথি-পত্র পৰীক্ষা কৰাৰ লগতে জেৰাও চলাইছে৷
কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে পৰহি নিশাৰ পৰা কামৰূপ মহানগৰ এলেকাৰ বিভিন্ন প্রান্তৰ পৰা ডেৰ শতাধিক সন্দেহজনক লোকক আটক কৰিছে৷ অকল মহানগৰীৰেই নহয়, কামৰূপ গ্রাম্য জিলাৰো বহুসংখ্যক সন্দেহজনক নাগৰিকক আটক কৰি আৰক্ষীয়ে বিৰুবাৰীৰ আৰক্ষী ছাউনীত ৰাখিছে৷ কালি দিনজুৰি আটকাধীন সন্দেহজনক লোকসকলৰ তথ্য-পাতিসমূহ পৰীক্ষা কৰে মহানগৰ আৰক্ষীয়ে৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনৰ তিনি আৰক্ষী জিলাৰ তিনিওগৰাকী উপ–আৰক্ষী আয়ুক্তৰ লগতে কেইবাগৰাকীও শীর্ষ আৰক্ষী বিষয়াই বিৰুবাৰী আৰক্ষী ছাউনীত দিনজুৰি সন্দেহজনক বুলি চিহ্ণিত হোৱা লোকসকলৰ নথি-পত্রসমূহ পৰীক্ষা কৰে৷ অৱশ্যে পৰীক্ষাৰ অন্তত বহুসংখ্যক লোকক যাবলৈও দিয়া হয়৷
ইপিনে, বাংলাদেশী নাগৰিকৰ সন্দেহত আৰক্ষীয়ে আটক কৰা লোকসকলৰ আত্মীয়সকলে কালি দিনজুৰি বিৰুবাৰী আৰক্ষী ছাউনীৰ সন্মুখত নথি-পত্র লগত লৈ ভিৰ কৰা পৰিলক্ষিত হয়৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, পৰহি নিশা হাতীগাঁও থানাই ছজনকৈ লোকক বাংলাদেশীৰ সন্দেহত আটক কৰিছিল৷ অৱশ্যে তেওঁলোকৰ নথি-পত্রসমূহ বৈধ বুলি প্রমাণিত হোৱাৰ পাছতে লোককেইজনক যাবলৈ দিয়া হয়৷ বর্তমানলৈকে কিমানসংখ্যক লোকক যাবলৈ দিয়া হ’ল, সেই সন্দর্ভত জানিব পৰা হোৱা নাই যদিও শতাধিক সন্দেহজনক লোকৰ নথি-পত্র বর্তমানেও আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে পৰীক্ষা কৰি আছে বুলি সূত্রটোৱে সদৰী কৰিছে৷
একেদৰে অসম–নাগালেণ্ড সীমান্তৰ মেৰাপানীত আৰক্ষীয়ে অভিযান চলাই পৰহি পুৱতি নিশা ৬জনকৈ ঘোষিত বাংলাদেশী নাগৰিকক আটক কৰে৷ আটক কৰা লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু তিনিগৰাকী পুৰুষ৷ আটকাধীন লোককেইজনৰ পৰিয়ালে জানিবলৈ দিয়া মতে, নেঘেৰী বিল মুছলিম গাঁৱত আয়ুব আলী, খুতেজা বেগম, মেৰাপানী ফৰেষ্ট ব্লকৰ জীৱন আলী, হাফিজা বেগম, গমাৰীগুৰিৰ নুৰেজা বেগম আৰু ইছলামপুৰ গাঁৱৰ আব্দুল গফুৰ বুলি জানিব পৰা গৈছে৷ উক্ত লোককেইজনক বিগত ৪ বছৰ পূর্বে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল৷ মেৰাপানী আৰক্ষীয়ে ধৃত লোককেইজনক যোৰহাটৰ সীমান্ত কোষলৈ প্রেৰণ কৰিছে৷ একেদৰে পৰহি নিশা বাংলাদেশী নাগৰিকৰ সন্দেহত শিৱসাগৰ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা তিনিজন লোকক আটক কৰে৷ আটকাধীন লোককেইজন হৈছে ক্রমে ঢুলীয়াপাৰৰ ফাতেমা বেগম, দৰিকাঘাটৰ ৰেহেনা খাতুন আৰু জেঙনিকটিয়াৰ আলেপ আলী৷
আৰক্ষী সূত্রই সদৰী কৰা মতে, শিৱসাগৰৰ বিভিন্ন ঠাইত বসবাস কৰি আছিল ধৃত লোক তিনিজনে৷ তিনিওজনৰ নথি-পত্র আদি পৰীক্ষা অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে৷ নথি-পত্রৰ বৈধতা প্রমাণ হোৱাৰ পাছতহে আগন্তুক পদক্ষেপ গ্রহণ কৰা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ শিৱসাগৰ জিলাত বাংলাদেশীৰ দপদপনি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি বীৰ লাচিত সেনাৰ প্রশাসনিক সচিব শৃংখল চলিহাই কয় যে শিৱসাগৰত বাংলাদেশীয়ে পিয়াপি দি ফুৰিছে৷ উজনি অসমৰ খিলঞ্জীয়া আজি বিপদত৷ যোৰহাট ঢাকাইপট্টি হ’ল৷ শিৱসাগৰৰ ভাৰাঘৰবোৰৰ লগতে বিভিন্ন স্থানত লুকাই থকা বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা নল’লে আমি ব্যৱস্থা ল’ম৷ এই প্রতিক্রিয়াৰ পাছতে শৃংখল চলিহাই ফোনযোগে তেওঁলৈ ভাবুকি অহাৰ কথাও সংবাদ মাধ্যমক সদৰী কৰে৷
ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালভাৱে উত্তৰ–পূব সীমান্ত ৰে’লৰ ৰে’ল সুৰক্ষা বাহিনীয়ে বিগত ১ মে’ৰ পৰা ১৬ মে’লৈ চলোৱা বিভিন্ন অভিযানত অসমৰ মাজেৰে দেশৰ আন ৰাজ্যলৈ যাবলৈ ধৰা অৱস্থাত ত্রিপুৰাৰ ৰাজধানী আগৰতলা আৰু অসমৰ কাছাৰ জিলাৰ বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা ৬জন অবৈধ বাংলাদেশী নাগৰিকৰ লগতে সীমান্ত পাৰ কৰোৱাত সহায় কৰা ৬জন ভাৰতীয় এজেণ্টক গ্রেপ্তাৰ কৰে৷ এন এফ ৰে’লৱেৰ মালিগাঁও কার্যালয়ৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শর্মাই সদৰী কৰা মতে, গ্রেপ্তাৰ কৰা অবৈধ প্রব্রজনকাৰীসকলক পৰৱর্তী আইনী ব্যৱস্থা গ্রহণৰ বাবে নিকটৱর্তী চৰকাৰী ৰে’ল আৰক্ষীৰ হাতত চমজাই দিয়া হয়৷ উল্লেখ্য যে বিগত এপ্রিল মাহতো আৰপিএফে কেইবাটাও পৃথক অভিযানত ৩২জনকৈ বাংলাদেশী অনুপ্রৱেশকাৰীক গ্রেপ্তাৰ কৰিছিল৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশৰ ভিত্তিত চলি থকা এই অভিযান পৰৱর্তী সময়তো অব্যাহত থাকিব বুলি অসম আৰক্ষীৰ সূত্রই সদৰী কৰিছে৷